সপোনৰ গজালি – আয়নাল হক

সপোনৰ গজালি
আয়নাল হক,ধুবুৰী 
এটি সপোনৰ সমাপ্তিত
নতুন সপোনৰ গজালি–!
অদূৰত ওপচে মুগ্ধ হিয়া
তথাপি সন্ধিয়াবোৰ জিলিকাই
গধূলি গোপাল ফুলিছে,
বাখৰুৱা সময়বোৰৰ আলিঙ্গনত
হৃদিকক্ষত ৰূপালী লহৰ উঠিছে।
ভবা নাছিলোঁ কাহানিও
হৃদয় তুলিকাৰে
আ‌ঁকিব পাৰি বুলি
মোহাচ্ছন্ন ৰামধেনুৰ ছবি।
ভবা নাছিলোঁ কাহানিও
নিস্তব্ধ ৰাতিবোৰত
কেতেকীৰ হিয়াভগা বিননিতো
আল্পনা আঁকিব পাৰি বুলি।
ভাল নালাগে দেখোন
অস্তবেলিৰ আবিৰ সানিবলৈ
মনৰ সেউজীয়াবোৰে ভয় কৰে
সোঁৱৰণী হ’বলৈ–!
সেইবাবেই হয়তো
সোণসেৰীয়া সময়বোৰ ধৰি ৰাখিবলৈ
অঁকা হয় ৰামধেনু,
বোলোৱা হয় আল্পনা—
সপোনৰ অন্তত যেন মেলক
আকৌ মজবুত গজালি
জী থাকিব পৰাকৈ…।