সপোনৰ কাঁচিয়ালি ৰʼদত
মানসী মিশ্ৰ
তুমিয়েতো সেই চিনাকী মানুহজন লুইতৰ দাঁতিত লগপোৱা
সেই তাহানি দিনত
সেইজন তুমিয়েতো, নোহোৱানে তুমি সমুখৰ সেউজীয়া
পথাৰৰ সোণালী সপোন দেখা
তুমিতো নোহোৱা ভোকাতুৰৰ মুখৰ পৰা ভাতমুঠি
কাঢ়ি নিয়া সেই মানুহজন
তুমিতো ভোকাতুৰৰ মুখত ৰুটীখন গুজি দিয়া
মোৰ সপোনৰ ৰাজকুমাৰজন
অ সেইজনেই তুমি
যাব হেৰাই যাব খোজা পুৰণি ঠিকণাটো
মই বিচাৰি পালোঁ জানানে
মোৰ পুৰণি চিঠিৰ ভাঁজত
মোৰ লʼৰালিৰ স্মৃতিৰ সাঁচতীয়া ভঁৰালটোত
তুমি তুমি, সেইজনেই তো
মোৰ চেনেহৰ মোৰ হেঁপাহৰ
ভোকাতুৰৰ মুখত ৰুটী গুজি দিয়া
চিনাকী মানুহজন