সপোনৰ আছুতীয়া ৰং – এছ ইছলাম

PC - Pythagoras.gr
সপোনৰ আছুতীয়া ৰং
এছ ইছলাম, বৰপেটা
চিলমিলীয়া সপোনত
তুমি মোৰ হাতত
হাত ৰাখি কথা দিছিলা
মিচিকিয়া হাঁহিৰে
হৃদয় চুই যোৱাকৈ
চাইছিলা কেৰাহি কৈ।
এক নিৰ্জন পাৰ্কত
সুমধুৰ কণ্ঠত
গাইছিলা স্বৰ্গীয় গীত
তোমাৰ গানত
নিদ্ৰাৱীভূত হৈছিলোঁ আপ্লুত।
গঢ়িছিলো সুখৰ সংসাৰ
তুমি মোৰ জীৱনৰ পাতনি
তুমি মোৰ জীৱনৰ আতিগুৰি
তুমি অবিহনে নাপাওঁ আহৰি।
হঠাৎ এচমকা ধুমুহা
ভাঙি গৈছিল মোৰ
জীৱনৰ স্পৃহা
তোমাৰ গানত নাই
অলপো অনিহা।