সপোনবোৰ
সপোনবোৰ দিঠক নহয়
দিঠকবোৰ সপোঁন নহয়
সঁচা বোৰ সপোন নহয়
সপোনবোৰ সঁচা নহয়
সঁচা মিছাৰ দোমোজাত
সপোনবোৰ
নভবাকৈয়ে কেতিয়াবা
দেখা যায় সপোঁন
অবচেতন মনত নথকাকৈয়ে ভুমুকিয়াই
কোনোবা অশৰীৰী আত্মা
কাৰোবাৰ বাবে সেয়া
সপোন কোঁৱৰ
কাৰোবাৰ বাবে সেয়া
সপোন কুঁৱৰী
কোঁৱৰ বোৰ সঁচা নহয়
কুঁৱৰী বোৰো দিঠক নহয়
ভাল লগা
বেয়া লগাৰ দোমোজাত
সপোনবোৰ
ভাললগাবোৰো দিঠক নহয়
বেয়ালগাবোৰো সঁচা নহয় ।
দিঠকত হেৰাই যায় সপোনবোৰ
ৰৈ যায় মাথো
সঁচা মিছা
মিছা সঁচাৰ
দোমোজাত
সপোন দেখাৰ মাদকতা ।
সুশান্ত কুমাৰ কাশ্যপ, পৰীক্ষা সমূহৰ নিয়ন্ত্ৰক
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰী
7002110683