সন্মান- সংযুক্তা দত্ত 

Pc Devotional Box

সন্মান

‘সন্মান’ শব্দটো শুনাৰ লগে লগে আমাৰ মনলৈ এখন ছবি আহে । সেয়া হ’ল – মঞ্চত এজন ব্যক্তিক গামোছাৰে জনোৱা সন্মান । সাধাৰণ অৰ্থত আমি তেনেকেই বুজোঁ। আমি সকলোৱে জানো যে – সন্মান মানুহে খুজি নলয় , সন্মান দিয়ে হে। ভাল কাম কৰিবলৈ বহুত সময় লাগে কিন্তু বেয়া কাম কৰিবলৈ এক মিনিটৰো প্ৰয়োজন নহয় । ঠিক তেনেদৰে সন্মান আনিবলৈ যিমান সময়ৰ প্ৰয়োজন হয় , সন্মান যোৱাবলৈ কিন্তু এক মিনিটৰো প্ৰয়োজন নহয়। আমি কৰা কামৰ দ্বাৰা হে আমি সন্মান লাভ কৰোঁ। আচলতে মানুহে কিছুমান কাম নকৰে কেৱল সন্মানৰ খ্যাতিৰত। কামটো যিমানেই ভাল নহওঁক । কিন্তু কামটো যদি সৰু হয় তেতিয়া কিন্তু বহুতেই কাম কৰিব নিবিছাৰে কেৱল সন্মানৰ খ্যাতিৰত । মানুহে ডাঙৰ ডাঙৰ অপৰাধ কৰিবলৈ লাজ নকৰে , বা চোৰ ডকাইত কৰিবলৈ লাজ নকৰে। কিন্তু আমি সাধাৰণ কাম এটা কৰিবলৈ লাজ কৰোঁ। আৰু তাৰ কাৰণটোৱে হ’ল -সন্মান।আমি যিকোনো এটা কাম আমি আমাৰ সমৰ্থ অনুযায়ী আৰু নিস্বাৰ্থ ভাৱে যদি কৰি যাওঁ তেতিয়া আমি সন্মান বিচাৰি যাব নালাগে । সন্মান নিজে আমাৰ ওচৰলৈ আহিব। আমি যদি আনৰ পৰা সন্মান আশা কৰোঁ । তেনেহ’লে প্ৰথমে আমি আমাৰ নিজক সন্মান কৰিব জানিব লাগিব ।

সংযুক্তা দত্ত