সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক – প্ৰাণ প্ৰতিমা বড়া

Pc The Week
সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
 আমাৰ সন্তানসকল দেশৰ ভৱিষ্যত । শিশু অৱস্থাৰে পৰা আমাৰ সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰাটো বৰ দৰকাৰী কথা ৷ আজিৰ আলোচনাৰ বিষয়টোৰ লগত অভিভাৱক-অভিভাৱিকাৰ মাজৰপৰা আমি মাতৃ আৰু সন্তানৰ চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰিছোঁ । সন্তান এটা জন্মৰেপৰা এগৰাকী মাতৃৰ লগত বেছিভাগ সময় অতিবাহিত কৰে। সন্তান এটা গঢ় দিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ আন আন সদস্যৰ লগতে পাৰিপাৰ্শ্বিক পৰিবেশৰ ওপৰিও বন্ধুবৰ্গৰ প্ৰভাৱ থাকে যদিও এগৰাকী মাতৃৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। সন্তান এটিয়ে জন্ম পিছৰেপৰা মাতৃৰ কৰ্মৰাজিক অনুকৰণ কৰে। গতিকে সন্তান এটিক সদায়েই গঠনমূলক চিন্তাধাৰাৰে পুষ্ট কৰাটো বৰ জৰুৰী। আমাৰ সন্তানসকলৰ কৰ্মই এখন  সমাজত প্ৰভাৱ বিস্তাৰ কৰে । সুকৰ্মৰ অধিকাৰী সন্তান এটিয়ে সমাজৰ বাবে সুফল কঢ়িয়াই আনে অন্যহাতেদি কুকৰ্মৰ জৰিয়তে এটি সন্তানে পৰিয়ালৰ লগতে এখন সমাজত বেয়া প্ৰভাৱ বিস্তাৰ কৰে। বহুতো মাতৃৰ মনৰ ভাৱ পৰ্যবেক্ষণ কৰি গম পোৱা যায় যে বহুতো সন্তানে ঘৰুৱা পৰিবেশত অথবা এগৰাকী মাতৃৰ গঠনমূলক চিন্তা আৰু ভাৱধাৰাৰ অভাৱত সন্তানটিয়ো গঠনমূলক চিন্তাৰপৰা দুৰত থাকে ।  শিশুসকলৰ ভুল হয় বা হব পাৰে ৷ ই সাধাৰণ কথা ৷ আমাৰো ভুল হয় ৷ কিন্ত অভিভাৱক-অভিভাৱিকা সকলৰ আৰু সন্তানৰ ভুলৰ মাজত এটাই পাৰ্থক্য আছে আমিবোৰে জানি-বুজি ভুল কৰোঁ ,আৰু আমাৰ সন্তানে নজনাকৈ বা নুবুজাকৈ ভুল কৰে।  কিন্ত এটা কথা সঁচা যে  যিগৰাকী মাতৃৰ চিন্তাধাৰা  পজিটিভ তেওঁলোকৰ সন্তানেও মাতৃগৰাকীৰ মনোভাৱক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। নিজৰ সন্তানৰ আগত একে বয়সৰ আন সন্তানৰ কথা বেয়াকৈ আলোচনা কৰাৰ পৰিপেক্ষিতত সেই সন্তানেও এক পজিটিভ চিন্তাৰ পৰা বঞ্চিত হয়। সন্তানসকলৰ কৰ্মকাণ্ডত  বেয়া -ভাল দুয়োটাই থাকে ৷ পৃথিৱীত বাস কৰা কোনো মানুহেই পাৰ্ফেক্ট নহয় ৷ কিন্ত শিশুসকলৰ মাজত থকা ভাল গুণবোৰক যদিকৈ  আলোচনী কৰা হয় তেতিয়াহ’লে সেই পজিটিভ কথাবোৰৰ প্ৰভাৱ আমাৰ সন্তানেও গ্ৰহণ কৰে ।  শিশু অৱস্থাৰেপৰা আমাৰ সন্তানসকলক আমি কুমলীয়া বাঁহ এডালৰ লগত তুলনা কৰিব পাৰোঁ। বাঁহডাল পোনকৈ ভাঁজ দিলে পোন হব ,বেঁকাকৈ ভাঁজ দিলে বেঁকা হব। গতিকে এটা কথা ধূৰূপ সত্য যে আমাৰ সন্তানসকলে ভৱিষ্যতে এখন সমাজক প্ৰতিনিধিত্ব কৰিব ৷ এগৰাকী মাতৃৰ পৰম কৰ্তব্য যে সৰুৰেপৰা  আমি আমাৰ সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰিব লাগিব ৷  এই ক্ষেত্ৰত আপুনি বা মই নহয়, সমাজৰ প্ৰতি গৰাকী মাতৃৰে দায়িত্ব যে আমি আমাৰ প্ৰত্যেকৰে সন্তানক গঠনমূলক চিন্তাৰে সুস্থ-সবল মানসিকতাৰে পুষ্ট কৰি তুলিব লাগিব। তেতিয়াহে আমি ভৱিষ্যতলৈ এখন সুস্থিৰ সমাজৰ আশা কৰিব পাৰিম।