‘সদ্ভাৱনা প্রকল্প’ৰ সকলো দিশতেই যথাযথভাৱে সহায় সহযোগিতা কৰি জনসাধাৰণৰ স্বাৰ্থত সচিবালয়ৰ সন্মানীয় বিষয়া-কৰ্মচাৰী সকলে কাম কৰি যাব বুলি নিশ্চিত
ৰঙিলী বাৰ্ত্তাসেৱা- ইং ১ ফেব্ৰুৱাৰী ২০২২ তাৰিখে শুভাৰম্ভণী কৰিবলৈ ওলোৱা ‘সদ্ভাৱনা প্রকল্প’ৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনত ৰাজ্যৰ সমগ্ৰ শিক্ষক, বিষয়া, কৰ্মচাৰীকে- বিশেষত সচিবালয়ৰ বিষয়া কৰ্মচাৰী সমাজক তেনে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ নকৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালো।
ৰাজ্যৰ সন্মানীয় শিক্ষক, বিষয়া, কৰ্মচাৰী সমাজৰ লগতে ৰাজ্যবাসী জ্ঞাত সচিবালয়ৰ প্রশাসন ব্যৱস্থাক অধিক সংস্কাৰমুখী কৰি জনসাধাৰণৰ লগতে কৰ্মচাৰী সমাজৰো দিৰ্ঘদিনীয়াকৈ সমাধান নোহোৱা কাম কাজবোৰৰ ফলপ্ৰসূ আৰু সময়োচিতভাৱে সমাধানৰ বাবে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে ‘সদ্ভাৱনা প্রকল্প’ৰ বিভিন্ন দিশবোৰ যোৱা অক্টোবৰ মাহৰে পৰা চিন্তা-চৰ্চা কৰি আছে। এই বিষয়ে পৃঠকে পৃঠকে মুখ্যমন্ত্ৰীয়ে জনতা ভৱনৰ বিষয়া কৰ্মচাৰী সকলৰ লগত আলোচনাত মিলিত ও হৈছে। অহা ইং ১ ফেব্ৰুৱাৰী ২০২২ তাৰিখে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত সন্মানীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘সদ্ভাৱনা প্রকল্প’ৰ শুভাৰম্ভণী কৰিব বুলি জ্ঞাত হৈছো। উক্ত ‘সদ্ভাৱনা প্রকল্প’ৰ সকলো দিশতেই যথাযথভাৱে সহায় সহযোগিতা কৰি জনসাধাৰণৰ স্বাৰ্থত সচিবালয়ৰ সন্মানীয় বিষয়া-কৰ্মচাৰী সকলে কাম কৰি যাব বুলি নিশ্চিত।
কিন্তু, এন পি এছ বিৰোধী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মচাৰী সন্থাৰ ভাতৃ সন্থা হিচাপে উদ্ধৃতিৰে অসমৰ চৰকাৰী কৰ্মচাৰীৰে গঠিত দুই এক কৰ্মচাৰী সন্থাই উক্ত দিনতেই অৰ্থাৎ অহা ইং ১ ফেব্ৰুৱাৰী ২০২২ তৰিখে ৰাষ্ট্রীয় প্রতিবাদ দিবস অসমতো উক্ত দিনত ‘ক’লা দিবস’ (Black Day) হিচাপে পালন কৰি ৰাজ্যৰ অন্যান্য বিষয়া-কৰ্মচাৰীৰ লগতে সচিবালয়ৰ বিষয়া কৰ্মচাৰী সমাজকো কলা বেজ পৰিধান কৰি দিনৰ ১২ বজাৰ পৰা ১ বজালৈ ১ ঘণ্টা কর্মবিৰতি পালন কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। ‘সদ্ভাৱনা প্রকল্প’ৰ শুভাৰম্ভণীৰ পবিত্ৰ দিনটোত ৰাজ্যিক কৰ্মচাৰীৰ কিছু সংখ্যকে ৰাজ্যৰ বিষয়া-কৰ্মচাৰী সমাজৰ মাজত কলা বেজ পৰিধান কৰি কর্মবিৰতিৰে “‘ক’লা দিবস’ (Black Day) পালন কৰিবলৈ আহ্বান জনোৱা আৰু অন্য কিছু সন্থা সংঘই উক্ত কাৰ্যত সমৰ্থন জনোৱা কাৰ্যত ব্যক্তিগতভাৱে উদ্বেগ প্ৰকাশ কৰিছো।
জনসাধাৰণৰ স্বাৰ্থত ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড অসম সচিবালয়ৰ সংস্কাৰৰ উদ্দেশ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে অহা ইং ১ ফেব্ৰুৱাৰী ২০২২ তাৰিখে শুভাৰম্ভণী কৰিবলৈ ওলোৱা ‘সদ্ভাৱনা প্রকল্প’ৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনত ৰাজ্যৰ সমগ্ৰ শিক্ষক, বিষয়া, কৰ্মচাৰীকে- বিশেষত সচিবালয়ৰ বিষয়া কৰ্মচাৰী সমাজক তেনে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ নকৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালো।
উল্লেখযোগ্য যে অসম সচিবালয় সেৱা সন্থাই পূৰ্বৰে পৰা ও পি এছ পুনৰ প্রতিস্থাৰ কাৰণে বিভিন্ন ইতিবাচক দিশ লৈ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে আৰু ভৱিষ্যতলৈও সন্থাৰ স্বকীয়তা ৰক্ষা চৰকাৰৰ ওপৰত আস্থাশীল হৈ যথাযথভাৱে সিদ্ধান্ত লৈ আগবাঢ়ি যাব।