সদৌ অসম ভিত্তিত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰাইজমাণী চিত্ৰাংকন প্ৰতিযোগিতা

Pc Glenorchy City Council

সদৌ অসম ভিত্তিত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰাইজমাণী চিত্ৰাংকন প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইল চছলত অৱস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত অহা ১৬ নৱেম্বৰ ২০২৫ দেওবাৰে লণ্ডন, আমেৰিকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড, অসম, ইণ্ডিয়া, এছিয়া বুকছ ৰেকৰ্ডত অন্তৰ্ভুক্ত আৰু চৰকাৰী পঞ্জীয়নভুক্ত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে চিত্ৰশিল্পী স্বৰ্গীয় অনলজ্যোতি দাস সোঁৱৰণী সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ চাৰিটা শাখাত সীমাবদ্ধ থকা এই প্ৰতিযোগিতাত ক- শাখা প্ৰাক-প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণী, খ-শাথা তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী, গ শাখা ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী আৰু ঘ শাখা নৱম শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈ সীমাবদ্ধ থাকিব । নগদ সৰ্বমুঠ ৩০,০০০ হেজাৰ টকা, সুদৰ্শন ট্ৰফী আৰু যোগ্যতাৰ মানপত্ৰ বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হ’ব ৷ উদ্যোক্তা মণ্ডলীয়ে উল্লেখ কৰা মতে যোগদান কৰা প্ৰতিজন প্ৰতিযোগীকে অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰাৰ লগতে উদগণি বঁটা প্ৰদান কৰা হ’ব ৷ এক কৰুণ দূৰ্ঘটনাত মৃত্যুবৰণ কৰা প্ৰয়াত চিত্ৰশিল্পী অনলজ্যোতি দাসৰ সোঁৱৰণত অনুষ্ঠিত এই প্ৰতিযোগিতাত আগতীয়াকৈ ( https://forms.gle/gp5wAhGArGEAW7Ct8) এই লিংকত অনলাইনযোগে ১০ নবেম্বৰৰ/২০২৫ ৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব লগতে ৯ নবেম্বৰৰ দিনা প্ৰতিজন প্ৰতিযোগীয়ে ৰাতিপুৱা ১০বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত অফলাইন যোগে নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ নিজৰ বয়সৰ প্ৰমাণপত্ৰ ( বিদ্যালয়ৰ পৰিচয় পত্ৰ বা আধাৰ কাৰ্ড) জমা দি নাম ভৰ্তি পপ্ৰত্ৰ ভৰ্তি মাছুল সহ জমা দিব লাগিব ৷ প্ৰতিযোগিতাৰ দিনা কোনো যোগদানৰ ব্যৱস্থা নাথাকিব ৷ ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ সমাপ্তিৰ পিছতে ফলাফল ঘোষণা অংশগ্ৰহণৰ মানপত্ৰ আৰু নগদ ধন আৰু বঁটাসমূহ বঁটা বিতৰণী সভাত প্ৰদান কৰা হ’ব ৷ উক্ত প্ৰতিযোগিতাৰ সফল যোগদানৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক এক প্ৰেছ বিজ্ঞপ্তি যোগে উদ্যোক্তা অনুষ্ঠানৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰে জানিবলৈ দিয়ে ৷ লগতে প্ৰতিযোগীসকলে ৭৫৭৭০১৭৮৭৬, ৯৮৬৪১১০৭০৮ অথবা ৯৪৩৫৩৪৮৫৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷