সদৌ অসম ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- ‘কা’ বাতিলৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে মহানগৰীতো সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই। আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা উগ্ৰতৰা দেৱাললৈ প্ৰতিবাদী সমদল গৈ থকাৰ সময়ত তাত নিয়োজিত কৰ্তব্যৰত আৰক্ষীৰ লোকে তেওঁলোকক বাধা প্ৰদান কৰি ঘুৰাই পঠিয়াই। প্ৰায় ১৩০ জন মান আছু কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, ’কা’ আমি নামানো ইত্যাদি শ্লোগান দি প্ৰতিবাদী সমদল উলিয়াই। আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক টুটুমণি কলিতাই কয় যে বিজেপি চৰকাৰে জাপি দিয়া ‘কা’ আমি নামানো ’কা’ বাতিল নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক প্ৰতিবাদ চলি থাকিব। আইনী যুঁজৰ সমান্তৰালকৈ গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত থাকিব। এই কাৰ্যসূচীত কামৰূপ মহানগৰৰ সভাপতি বিপজ্যোতি মালাকৰ, সম্পাদক সমীৰণ কলিতা,সদৌ গুৱাহাটীৰ সভাপতি কমল মহন্ত, সম্পাদক প্ৰাঞ্জল ডেকা, কেন্দ্ৰীয় শিক্ষা সচিব টুটু মনি কলিতা, কেন্দ্ৰীয় বিত্ত সচিব গৌৰী শংকৰ শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য ৰূপম দাস, জিতেন দাস, পাৰ্শ্ব পাটগিৰী, উপদেষ্টা কামৰূপ মহানগৰ অলকেশ নাথ সহ প্ৰায় ১৩০ জন মান ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।