সদৌ অসম কেন্দ্ৰীয়, অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰীৰ অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উজান বজাৰস্থিত আছুৰ মুখ্য কাৰ্য্যালয় শ্বহীদ ন্যাসত আজি সদৌ অসম কেন্দ্ৰীয়, অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰীয়ে তেওঁলোকৰ আগন্তুক ১৭ তম দ্বিবাৰ্ষিক অধিৱেশন সন্দৰ্ভত ভাৰপ্ৰাপ্ত সভাপতি লক্ষ্মী কান্ত ডেকাৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰে। সভাত তেওঁলোকৰ ১৭ তম দ্বিবাৰ্ষিক অধিৱেশন পৰিচালনা কমিটী গঠন হোৱাৰ উপৰি সদৌ অসম কেন্দ্ৰীয়,অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰীৰ সম্পাদক মাধৱ কুমাৰ হাজৰিকাই কয় যে যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই সন্থাৰ ১৯৮০ চনত জন্ম হৈছিল গতিকে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ হৈ যি কাৰ্য্য ব্যৱস্থা হাতত লয় তাত এই সন্থাই পূৰ্ণ সহযোগিতা আগবঢ়াই যাব। সভাত সভাপতি লক্ষ্মী কান্ত ডেকা, সম্পাদক মাধৱ কুমাৰ হাজৰিকা, নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ সঞ্চালক গণেশ
তামূলী, উপদেষ্টা তৰুণ বৰ্মন, উপদেষ্টা দেৱেশ্বৰ ভট্ট সহ প্ৰায় ৩৫ জন মান কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ থাকে যে অধিৱেশনৰ কমিটীত মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি গণেশ তামূলী, কাৰ্যকৰী সভাপতি আচিৰুদ্দিন আহমেদ, আৰু উপদেষ্টা মণ্ডলী ক্ৰমে দেৱেশ্বৰ ভট্টাচাৰ্য, তৰুণ বৰ্মন, লক্ষ্মী কান্ত ডেকা, মাধৱ কুমাৰ হাজৰিকাৰ লগতে ৫ গৰাকী আহ্বায়কক লৈ ১৩ জনীয়া কমিটী এখন গঠন কৰে। আৰু শ্বহীদ ন্যাসতে অধিৱেশন খন পতা হ’ব বুলি তেওঁলোকে প্ৰস্তাৱ লয়। কেৱল মাহ আৰু সময় পিছত ঠিক কৰা হ’ব বুলি জানিবলৈ দিয়ে।