সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি

Pc The Sentinel Assam

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ একমাত্ৰ আইন ছাত্ৰ সংগঠন সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন আৰু বিষয় বাচনি সভাখনি মহানগৰীৰ দিছপুৰ লাষ্টগেটস্থিত পি:ডব্লিউ:ডি সন্মিলন ও প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়।অসমৰ আইন শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰৰ অধিকাৰ আৰু অসমৰ জাতীয় সমস্যাৰ হৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা অসমৰ আইন সংগঠনটোৰ কেন্দ্ৰীয় অধিৱেশনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে অসমৰ কেইবাজনো জ্যেষ্ঠ অধিবক্তা,দিছপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষাৰ লগতে অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধি আৰু জিলা আৰু শাখা সমিতি সমূহৰ অংশগ্ৰহনেৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়।সভাৰ বিষয়বাচনি সভাত মুখ্য উপদেষ্টা ৰূপে দেৱাশীষ মেধি,চামচুল হক,কেন্দ্ৰীয় সভাপতি হিচাপে সঞ্জীৱ বৰা, উপ সভাপতি ক্ৰমে মৃন্ময় কলিতা, আব্দুল হুদা,কাৰ্যকৰী সভাপতি হিচাপে চম্পক কাকতি আৰু প্ৰিন্স দত্তক আৰু সাধাৰণ সম্পাদক নাজিম আহমেদৰ লগতে মুখপাত্ৰ হিচাপে অনিন্দিতা দাসক দায়িত্ব অৰ্পন কৰি মুঠ ২৮ জনীয়া কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।