সংহতি , সানোৱা আৰু ডঃ লক্ষ্মীনন্দন বৰা-ফখৰুদ্দিন আহমেদ

সংহতি , সানোৱা আৰু ডঃ লক্ষ্মীনন্দন বৰা
~~~~~~

ফখৰুদ্দিন আহমেদ

ইং ১৯৯৭ চনৰ কোনোবা এটি দিন ।তাৰিখটো যদিও মনত নাই তথাপি সেই দিনটো আছিল উক্ত চনৰ মাৰ্চ মাহৰ অন্তৰ্গত।সেই দিনা দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ” সানোৱা হাই মাদ্ৰাছা” (সম্প্ৰতি সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়) ত পদাৰ্পন কৰিছিলহি অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি , অসমৰ বিশিষ্ট কবি , গীতিকাৰ ইদ্ৰিছ আলি , অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য , দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেব আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ , দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , অসমৰ বিশিষ্ট কবি , গীতিকাৰ চহিৰ ভুঞাই। আগমনৰ উদ্দেশ্য আছিল অসম সাহিত্য সভাই দৰং জিলা সাহিত্য সভাক উদযাপন কৰিবলৈ দায়িত্ব অৰ্পন কৰা অসমৰ জাতীয় জীৱনৰ খনিকৰ , মহাপুৰুষ স্ৰীমন্ত শংকৰ দেবৰ জন্মোৎসবটি ” অসম সাহিত্য সভাৰ সংহতি সপ্তাহৰ শুভাৰম্ভনি অনুষ্ঠান” হিচাপে তেখেত সকলে সানোৱাত সানোৱা সাহিত্য সভাৰ জৰিয়তে ৰূপায়ন কৰিব বিচাৰে। তাৎক্ষনিক ভাবে সানোৱা সাহিত্য সভাৰ সভাপতি , গৰুখুটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজুৰ ৰহমান , সানোৱা হাই মাদ্ৰাছাৰ সহকাৰী শিক্ষক , মোৰ শিক্ষাগুৰু খাইৰুল হুছেইন আৰু দুই / এক গন্য মান্য ব্যক্তিৰ লগত আলোচনা কৰি তেখেত সকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ জন্মোৎসবটি সানোৱাত পালন কৰিম বুলি কথা দিয়া হ’ল। সেই সময়ত মই নিজে সানোৱা সাহিত্য সভাৰ সম্পাদক।
যথা সময়ত সানোৱাৰ ৰাইজক আহ্বান কৰি ৰাজহুৱা অনুষ্ঠিত কৰি সমাজসেৱক চায়েদুৰ ৰহমান আৰু বিশিষ্ট সাহিত্যিক খাইৰুল হুছেইনক অভ্যৰ্থনা সমিতিৰ ক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে মনোনীত কৰি যাবতীয় কামত আগবঢ়া হয়।
যিহেতু অনুষ্ঠানটি অসম সাহিত্য সভাৰহে সেয়ে ইং ১৯৯৭ চনৰ ১১ অক্তোবৰ তাৰিখ ঠিক কৰি তেখেতসকলে সেই দিনটোত আগবেলা আৰু ভাটিবেলা দুটি কাৰ্যসূচী ঠিক কৰিছিল। সেই মৰ্মে আগবেলা আলোচনা চক্ৰ ।বিষয় আছিল ” সম্প্ৰীতি আৰু অসম”। উক্ত অনুষ্ঠানটিৰ সঞ্চালক আছিল বিশিষ্ট কবি আৰু গীতিকাৰ তফজ্জুল আলি আৰু আলোচক সকল আছিল ক্ৰমে জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ , কবি ইমৰান আলি দৰঙী , বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱা , নাট্যকাৰ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰজনীকান্ত নাথ। ভাটিবেলাৰ.মুকলি সভাত সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ তদানিন্তন সভাপতি ডঃ নগেন শইকীয়াই , মুখ্য অতিথি হিচাপে যোগদান কৰিছিল সদ্য প্ৰয়াত অসম সাহিত্য সভাৰ বোকাখাট অধিবেশনৰ সন্মানীয় সভাপতি , ভাৰত চৰকাৰৰ সাহিত্য অকাডেমী বঁটা বিজয়ী , পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰা চাৰ, তদানিন্তন প্ৰধান সম্পাদক শৈলেন দাস আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। উক্ত মুকলি সভাত সাহিত্যাচাৰ্য, অসমৰ বিশিষ্ট কথাশিল্পী আব্দুল মালিক চাৰেও সন্মানীয় অতিথি যোগদান কৰাৰ কথা আছিল যদিও তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে।
সেই অনুষ্ঠানটিত দুয়োজন সভাপতি ক্ৰমে ডঃ বৰা চাৰ আৰু ডঃ শইকীয়া চাৰক দৰং জিলা সাহিত্য সভা , সানোৱা সাহিত্য সভাৰ উদ্যোগত দৰং তথা সানোৱাৰ প্ৰায় পাছ সহস্ৰাধিক ৰাইজে দুয়োগৰাকী বৰেন্য ব্যক্তিক গাঁও খনৰ পশ্চিম দিশৰ পৰা প্ৰায় চাৰে তিনি কিলোমিটাৰ পথ শুভযাত্ৰা কৰি মূল ক্ষেত্ৰ ৰহমত চিকাৰী-কান্তি ওঝা ক্ষেত্ৰৰ সানোৱা হাই মাদ্ৰাছা প্ৰাংগনলৈ সন্মান সহকাৰে আগবঢ়াই আনিছিল। প্ৰথম কাৰ্যসূচী আলোচনা চক্ৰ আৰু মুকলি সভা দুয়োটি কাৰ্যসূচীতে ডঃ লক্ষ্মীনন্দন বৰা চাৰ মঞ্চত উপস্থিত থাকি সভাৰ সৌষ্ঠব বৰ্ধন কৰিছিল।
মুকলি সভাৰ মুখ্য আকৰ্ষন আৰু মধ্যমনি আছিল ডঃ লক্ষ্মীনন্দন বৰা চাৰ। মুকলি সভাত ৰভাস্থলীত সেই সময়ত প্ৰায় দহ সহস্ৰাধিক মানুহৰ সমাগম ।মঞ্চত সভাপতি মহোদয়ৰ ঘোষনাক্ৰমে আৰম্ভ হৈছিল ডঃ বৰা চাৰৰ মূল্যবান ভাষন। দহ হাজাৰতকৈয়ো উপস্থিত ৰভাস্থলীত কাঁহ পৰি জীন যোৱা পৰিবেশ। চাৰৰ ভাষন আৰু কোনোবাই কাঁহ মাৰিলেও দহ হাজাৰ মানুহে শুনাৰ পৰিবেশ। ভাষনো যে মানুহে এনে মনোযোগেৰে শুনে সেয়াই আছিল মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা। ডঃ বৰা চাৰে প্ৰায় ডেৰ ঘন্টা জুৰি ভাষন প্ৰদান কৰিছিল। অসমৰ সাহিত্য জগতৰ পৰা আৰম্ভ কৰি সাধাৰন নাগৰিকৰ জীয়াই থকাৰ সংগ্ৰামলৈ চাৰে কোনো বিষয়কে ভাষনত এৰি যোৱা নাছিল।তেখেতে সভাৰ শেহত সানোৱা এৰি গুছি গৈছিল। কিন্তু হৃদয়ত সানোৱা খনক তুলি লৈ গৈছিল। পিছৰ সংখ্যা তিনি দিনীয়া অগ্ৰদূত কাকত তেখেতে সানোৱাত দেখি যোৱা সাম্প্ৰদায়িক সংহতি আৰু সানোৱাৰ ৰাইজৰ মৰম চেনেহ বৰ্ননা কৰি ” সানোৱাত সংহতি বিচাৰি ” নামৰ এটি প্ৰবন্ধ লিখিছিল।
ডঃ লক্ষ্মীনন্দন বৰা চাৰে ” সানোৱাত সংহতি বিচাৰ ” প্ৰবন্ধটি আৰম্ভ কৰিছিল এনেদৰে ” যোৱা দুবছৰ অসমৰ বিভিন্ন ঠাইত সভা সমিতিত উপস্থিত থাকি আৰু বহুলোকৰ সংস্পৰ্শলৈ আহি মোৰ নিশ্চিত ধাৰনা হৈছে যে আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সংহতি অদ্যপি বিদ্যমান আৰু যদি কৰবাত তাৰ অভাব ঘটিছে তাৰ বাবে দায়ী ক্ষমতালোভী ৰাজনীতি কৰা মানুহখিনিহে।চৰ অঞ্চলৰ মুছলমান ৰাইজৰ মাজত , চাহ গছৰ শ্যামলী ধৰণীখনিত আৰু বৰ্নাধ্য জনজাতীয় জীৱনত (বড়ো ইছ্যুটোক বাদ দি)।”
তেখেতে সানোৱাৰ সম্পৰ্কত লিখিছিল ” অসম সাহিত্য সভাই এই সংহতি দিবসটি উদযাপন কৰিছিল দৰং জিলাৰ সানোৱাত। স্থান নিৰ্বাচন সঁচাকৈয়ে সুপৰিকল্পিত আছিল।” লগতে লিখিছিল ” আমাক শোভাযাত্ৰাৰে তিনি কিলোমিটাৰ মান বাট লৈ যোৱা হৈছিল গায়ন-বায়নৰ লগত।….আলিৰ দাঁতিত থিয় দি থকা জীয়ৰী বোৱাৰীৰ গাত দেখিলো কপাহী কেচ দিয়া চাদৰ , বুটা বছা মেখেলা।সকলোবোৰৰ মুৰত ওৰনি “।
তেখেতে প্ৰায় শেষত উল্লেখ কৰিছিল “সভাত বহুত মানুহ ।…তাকে দেখি মোৰ মন ভৰি পৰিল।কাৰন উজনি অসমত দেখিছিলো যে শঙ্কৰ জন্মোৎসবত সাধাৰনতে ৰাতি ভাওনাতহে বহুত মানুহ হয়, দিনৰ সভাখনত বা ধৰ্মালোচনী সভাত ৰাইজৰ উপস্থিতি তেনেই সেৰেঙা”।
অসমীয়া সমাজ জীৱনৰ মহা মহা সংগঠক , মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ জন্মোৎসব উপলক্ষে এশ শতাংশ মুছলমান লোকৰ দ্বাৰা ভৰপুৰ সানোৱাত হোৱা সভাখনৰ সফলতা আৰু সাৰ্থকতা দেখি সেই দিনা আদৰনীয় আৰু সদয প্ৰয়াত ডঃ লক্ষ্মীনন্দন বৰা চাৰ বাৰুকৈয়ে আহ্লাদিত আৰু সুখী হোৱাৰ মুহূৰ্তৰ কথা এতিয়াও সানোৱাবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰন কৰে। কথাটো হয় , অসমত সংহতিৰ অভাব হোৱা নাই আৰু কদাপিও নহয় । ডঃ বৰা চাৰে লিখা কথা এশ শতাংশ শুদ্ধ ” কৰবাত যদি সংহতিৰ অভাব হৈছে সেয়া ক্ষমতালোভী ৰাজনীতি কৰা খিনিৰ কাৰনেহে”।