সংস্কৃত ভাৰতী দৰং জিলাৰ উদ্যোগত দহ দিনীয়া সংস্কৃত সম্ভাষণ শিবিৰ সম্পন্ন

সংস্কৃত ভাৰতী দৰং জিলাৰ উদ্যোগত দহ দিনীয়া সংস্কৃত সম্ভাষণ শিবিৰ সম্পন্ন

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্কৃত ভাৰতী দৰং জিলাৰ উদ্যোগত ৩ জুলাইৰ পৰা শুভাৰম্ভ হোৱা দহ দিনীয়া সংস্কৃত সম্ভাষণ শিবিৰৰ যোৱাকালি সামৰণি পৰে। দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেন্দ্ৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আদ্য প্ৰসাদ শৰ্মাই । শিক্ষাৰ্থী শিখাজ্যোতি নাথ আৰু বৰ্ণালী নাথে সভাৰ কাৰ্যসূচীত দহদিনীয়া সম্ভাষণ শিবিৰৰ অনুভৱ কথনত সংস্কৃত ভাষাত দীঘলীয়া বক্তব্য ৰাখে । দৃষ্টিশিখা নাথ আৰু শিখাজ্যোতি নাথৰ সংস্কৃত গীতত নৃত্য পৰিবেশনৰ লগতে ভায়লিনা কলিতা , বৰ্নালী নাথ , ডলি ডেকা, শিখাজ্যোতি নাথ আৰু ৰোহিনী চহৰীয়াই সংস্কৃত ভাষাত সমবেত আৰু একক গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাত বুঢ়া লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূষণ চহৰীয়াই শিক্ষাৰ্থী সকলক দেৱভাষা সংস্কৃত অধ্যয়নৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত মনোজ্ঞ ভাষণ আগবঢ়ায় । আনহাতে পশ্চিম লোক্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষক কমলেশ্বৰ শৰ্মা , সংস্কৃত ভাৰতী , দৰং জিলাৰ অধ্যক্ষ তথা শান্তিপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম শৰ্মা , দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিশিৰ কুমাৰ শৰ্মা , সমাজ সেৱক বসন্ত শৰ্মা , সংস্কৃত ভাৰতী দৰং জিলাৰ প্ৰাক্তন অধ্যক্ষ গোবিন্দ দেৱাচাৰ্য, দিঘীৰপাৰ হাইস্কুলৰ অৱসৰী শিক্ষক ক্ষিতেশ্বৰ কলিতা আৰু দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষয়িত্ৰী ফুলেশ্বৰী দেৱীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমানেও সমাদৃত সংস্কৃত ভাষাৰ ভিন্ন দিশৰ পৰ্যালোচনা আগবঢ়ায় । সভাপতিৰ বক্তব্যত আদ্য প্ৰসাদ শৰ্মাই কয় যে সংস্কৃত ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে সংস্কৃত ভাৰতী দৰং এ লোৱা প্ৰচেষ্টা সচাকৈয়ে আদৰণীয়। শিবিৰৰ সমল ব্যক্তি সংস্কৃত ভাৰতী দৰংৰ সংযোজকদ্বয় বসন্ত কুমাৰ শৰ্মা আৰু ধনমনি শৰ্মাই সংস্কৃত ভাৰতীৰ লক্ষ্য আৰু উদ্দেশ্য অৱগত কৰি প্ৰশিক্ষণ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। শিবিৰত অংশ গ্ৰহণ কৰা সকলো প্ৰশিক্ষাৰ্থীক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদানেৰে অনুষ্ঠানৰ সামৰণি পৰে।