সংস্কৃতে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাব পাৰে: জে পি নাড্ডা

pc Hindustan Times

সংস্কৃতে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাব পাৰে: জে পি নাড্ডা

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ (চিএছইউ) দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সংস্কৃতক “আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যোৱাৰ উপায়” বুলি অভিহিত কৰে। “আমি সংস্কৃতক সংৰক্ষণ কৰিব লাগিব কাৰণ সংস্কৃত আমাৰ সমাজৰ বিভিন্ন দিশত উন্নতি অৰ্জন কৰাৰ এক উপায়,” তেওঁ কয়। সংস্কৃত ভাৰতৰ সংস্কৃতিৰ এক অংশ, নাড্ডাই লগতে কয়।