শৰৎকাল অতি বিতোপন – নাছিৰ আহমেদ

শৰৎকাল অতি বিতোপন
নাছিৰ আহমেদ, গোৱালপাৰা
আগৰ পৰা ক্ৰমান্বয়ে খনিকৰৰ হাতৰ যাদুভৰা স্পৰ্শ লাভ কৰি সজীৱ স্পন্দনেৰে , ব্যঞ্জনাৰ দ্যোতনাৰে ভৰা প্ৰাণেৰে ভকতৰ হৃদয়ত ভক্তিৰ ” ৰসোঃ বৈ স” প্ৰৱাহিত কৰা হয় আদ্যাশক্তি শাৰদীয় দুৰ্গাও মূলতঃ শৰতৰ অধিষ্ঠাত্ৰী ,আনন্দময়ী , আহ্লাদিনী  প্ৰকৃতিৰ আন এটা ৰূপহে  ; যিয়ে প্ৰকৃতিৰ মাজত বিৰাজমান অপশক্তি দানৱৰূপী পৰিবেশ প্ৰদূষণক ধ্বংস কৰি প্ৰকৃতিৰ প্ৰাণত সঞ্জীৱনী সুধা অমৃত জীৱনী শক্তিৰ‌ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুদিত ” ভাগৱত দশম” তো পাওঁ ,শৰত কালত ৰাস পূৰ্ণিমাৰ নিশা প্ৰকৃতিৰ ৰম্যভূমি স্বৰূপ ৰাস মঞ্চত শান্ত- স্নিগ্ধ‌ মুৰলিধৰ বংশীবাদক মেঘবৰণ কৃষ্ণৰ ওংকাৰ ধ্বনিত সংসাৰৰ বন্ধন চিগি গোপীসকলে কৃষ্ণৰ সৈতে নৃত্যৰ ছন্দে ছন্দে নিজক সম্পূৰ্ণৰূপে উজাৰ কৰি দি আত্মসমৰ্পন কৰিছে।
” শৰতকালৰ ৰাত্ৰি আতি বিতোপন ।
   বহুবিধ পুষ্পে বিকশিত বৃন্দাবন ।।
     ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশ হন্তে।
    কামাতুৰ স্ত্ৰীৰ যেন সন্তাপ মাজন্তে।।
          লহু লহু বহে মন্দ মলয়া পবন।
        ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ।।”
দশমৰ এই” ৰাসক্ৰীড়া “ৰ বৰ্ণনাৰ মাজেদি ধৰ্ম- দৰ্শন যেন হাতত ধৰাধৰি কৰি শৰতৰ সৌন্দৰ্য্যৰ বুকুত সম্পূৰ্ণৰূপে নিমজ্জিত হৈ পৰিছে।প্ৰাচ্যৰ কবি – দাৰ্শনিকে শৰতৰ বৈচিত্ৰময় প্ৰাকৃতিক সৌন্দৰ্য্যত বিমুগ্ধ হোৱাৰ দৰে পাশ্চাত্যৰ কবি সকলেও শৰতৰ বৰ্ণনাৰ মাজেদি তেওঁলোকৰ কবিসত্ত্বা যেন অবাক বিহ্বল হৈ পৰিছে।ইংৰাজী ৰোমান্টিক কবি জন কীটছৰ ” Ode to Autumn” ত পাওঁ শৰতৰ এক বিস্ময়- বিমুগ্ধ ৰূপ। এই কবিতাটিৰ মাজেদি কবিয়ে ভাৱিছে , বসন্তৰ গীতসমূহ ক’ত ? কলৈ গ’ল ? তাৰ পিছতেই ভাৱিছে বসন্তৰ গীতসমূহ নাই ,কি হ’ল, শৰতৰ নিজৰ মধুৰ সংগীত আছে । যেতিয়া অস্তমিত সূৰুযৰ শাৰী শাৰী মেঘবোৰ উটি ভাঁহি গৈ থাকে আৰু ইয়াৰ ৰাঙলী আভাৰে শস্য কটাৰ পিছত পাহাৰৰ দাঁতিয়েদি কৰুণ বিননি তোলে আৰু ডুবিবলৈ ধৰা মৃদু বতাহ ওপৰলৈ প্ৰৱাহিত হয়। পাহাৰৰ ওপৰত ৰৈ থকা পূৰ্ণবয়স্ক ভেৰাই মাইকী ভেৰাক বিচাৰি চিঞৰি চিঞৰি মাতে ,ক্ৰীকেট জাতীয় চৰাইজনী চিঁ- চিঁয়াই গীত গায় আৰু বুকুৰঙা ক’লা চৰাইজনী ফুলৰ বাগিচাৰ বেৰত আউজি হুইচেল বজাই গীত গায় – সৰু টিপচী চৰাইবোৰে জাকে জাকে আকাশত টুটুৱাই থাকে”  মুঠৰ ওপৰে প্ৰকৃতিৰ বৰ্ণময়, বৈচিত্ৰময়, বাৰেৰহণীয়া ৰূপে অতীজৰ পৰা এতিয়ালৈকে মানুহৰ হৃদয়ত এক বিমল আনন্দ দান কৰি গভীৰভাৱে আকৰ্ষণ কৰি আহিছে। বসন্ত, শৰৎ আদি ঋতুৰ জীৱন্ত ৰূপে মানুহৰ শৰীৰৰ প্ৰতিটো ধমনিত, শিৰা- উপশিৰাত , ৰক্ত পৰিবাহী নলীত, মনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে , মস্তিষ্কৰ কোঁহে কোঁহে এক অনিৰ্বচনীয় সৌন্দৰ্য্যময়তাৰ শিহৰণ তুলি মানুহক এক স্বৰ্গীয় নন্দন কাননলৈ উটূৱাই লৈ যায়; যাৰ ফলশ্ৰুতিত সৃজনী প্ৰতিভাৰ অধিকাৰী কবি- গীতিকাৰ, চিত্ৰকৰ-শিল্পী দাৰ্শনিক আদিৰ পৰশমণি স্বৰূপ সোণৰ কাঠিৰ মধুৰ পৰশত যুগে যুগে সৃষ্টি হৈছে কলা- শিল্প-সংগীত – নাটক – ভাস্কৰ্য আৰু স্থাপত্য অৰ্থাৎ সুকুমাৰ কলা।এই সৃষ্টি কৰ্মৰ মাজেৰে প্ৰকৃতিৰ লগত মানুহ হৈ পৰিছে এক অভেদ আত্মা । প্ৰকৃতিৰ ৰূপত নিজক সম্পূৰ্ণ ৰূপে আত্মসমৰ্পন কৰি মানুহে কৰিছে প্ৰকৃতিৰ বন্দনা।শাৰদীয় উৎসৱ সমূহো শৰতৰ বৈচিত্ৰময় সৌন্দৰ্য্যত বিমুগ্ধ কবি- গীতিকাৰে বন্দনা কৰা শৰতৰ প্ৰতিটো নিপোটল ৰূপৰ এক একোটা স্তোত্ৰ মাথোন।