শৰত তোমাক স্বাগতম – কুমুদ চন্দ্ৰ মেধি

pc The Janambhumi

শৰত তোমাক স্বাগতম

কুমুদ চন্দ্ৰ মেধি

কঁহুৱাৰ শুকুলা ৰূপৰ
পৰশে জনালে
শৰতৰ বতৰা,
পূৰ্ণিমাৰ স্নিগ্ধ জোনাকত
প্ৰকৃতি হয়
আপোন পাহৰা।
দূবৰিৰ দলিচাত অঁকা
নিয়ৰৰ টোপালত
উজ্জ্বল চিকমিকনি,
শেৱালীৰ মধুৰ সুবাসে
শৰত আগমনৰ
বিলালে বানী।
হাচনাহানাৰ তীব্ৰ গোন্ধত
চৌদিশ বেঢ়ি
আমোল মোলায়,
ভৰযৌৱনা শৰত আহে
আই ধৰিত্ৰীৰ
সৌন্দৰ্য্য ওপচায়।
শুভ্ৰ ছবি আঁকে
আলসুৱা মেঘে
হিয়া জুৰ পোলায়,
শৰতে নিয়ে আমাৰ
মনৰ এন্ধাৰৰ
ছাঁ-বোৰ আঁতৰায়।
শৰত তোমাক জনালোঁ
নিমন্ত্ৰণ, দিয়া
আনন্দৰ জেউতি বিলাই,
ধৰাত উজলি উঠক
জ্যোতিৰ স্ফুলিঙ্গ
চৌপাশে ঢৌ বোৱাই।