শৰতৰ এটি মিঠা অনুভৱ – শ্ৰীটিউলিপ ভূঞা

PC - NE Focus

শৰতৰ এটি মিঠা অনুভৱ

ঋতু আহে ঋতু যায় | দি যায় নিজস্ব বৈশিষ্ট্যৰে পৰিপূৰ্ণ প্রকৃতিৰ নিয়মৰ গাঁথা |ছয় ঋতুৰ সমাহাৰেৰে বৈশিষ্ট্যপূৰ্ণ “শৰত” মোৰ সবাতোকৈ আপোন ঋতু | আহিনৰ আচঁল টানি ভুমুকি মাৰেহি শৰতে |
এক শান্ত, সন্মোহিত ঋতু যাৰ নাম শৰত |অতি সংগোপনে আগমন ঘটিল আমাৰ মাজলৈ |

এটি চিনাকি চিনাকি লগা সুবাস
যাৰ আমোলমোলত মুখৰিত কৰিছে
মোৰ হৃদয়ৰ অলিন্দ
অলিন্দৰ কোঁহে কোঁহে
এয়া বাৰু কিহৰ বতৰা ?
চোতালৰ শেৱালি পাহিয়েও সুবাস বিলাই মিচিকিয়াই হাঁহিছে | —-এয়াই নেকি শৰত ?এয়া যে শেৱালি ফুলাৰ বতৰ | শৰতৰ সতে যেন শেৱালিৰ এক আজন্ম সম্পৰ্ক| শৰতৰ বাবেই যেন শেৱালি আৰু শেৱালিৰ বাবেই যেন শৰত |দুয়ো দুয়োৰে বাবে অভিন্ন | “শৰত” শব্দটিতেই নিহিত হৈ আছে এক মায়াবী পৰিবেশ ,এক মিঠা অনুভূতি | শৰত হৈছে নিৰাশাৰ মাজতো আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ সফুঁৰা |শেৱালিৰ মৃদু -মলয়াই সকলোৰে দেহ-মন পুলকিত কৰি এক বিনন্দীয়া ৰূপৰ সমাবেশ ঘটায় |প্রতি পলে পলে মাঁথো বাট চাই ৰঁও শেৱালিৰ মিঠা সুঘ্ৰাণলৈ |সেইবাবে হয়তো মই বাৰে বাৰে শৰতৰ প্রেমত পৰোঁ |শৰত বুলি ক’লেই আপোনালোকৰ মনলৈ আহে নে এক অবুজ শিহৰণ ?স্নিগ্ধ শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰে নে?শেৱালিৰ মিঠা সুঘ্ৰাণৰ সুবাসত কবিয়ে কবিতা লিখে তেওঁৰ প্রেয়সীলৈ ,গায়কে গীত যোৰে আৰু প্রেমিকেও শৰতক লৈয়ে বহুতো সপোন ৰচে | কাৰণ শৰতৰ আছে অন্য এক সুৱদি কোমল ৰং |শৰত অনন্য সৌন্দৰ্য্যৰ প্রতীক |আহিন শৰতৰ প্রাথমিক আৱৰণ |যিয়ে শাৰদী ৰাণীক সজাই পৰাই আদৰি আনে আমাৰ মাজলৈ |শৰতৰ বাবেই তলসৰা শেৱালি ,শুকুলা মেঘ ,কুঁৱলিৰ আৱৰণ,কহুৱা -বিৰিণাৰ খেল ,সেউজীয়া খিনিয়ে পূৰ্ণতা পোৱা ধাননি পথাৰ খন |শেৱালিক বিষাদৰ প্রতীক (true of sorrow) বুলি কোৱা হয় |এই বিষাদৰ প্রতীক শেৱালিয়ে আমাক দি যায় সৃষ্টিশীলতা ,প্রাণৱন্তা শেৱালিৰ সুগন্ধিত সাৰ পাই উঠে সকলো সম্ভাৱনাৰ অনুভৱ |শেৱালি যেন অনন্য প্রতিশ্রুতিৰ ঋতু |
কহুৱা এতিয়া মাঁথো আৱেগৰ নাম |নৈ পাৰত কহুৱাই বহু মনৰ কথা কৈ যায় |নিৰ্মল আকাশৰ তলত শুকুলা মেঘৰ মাজত সুঘ্রাণত শেৱালিৰ মিঠা সুবাস ,কহুৱা ফুলৰ মন প্রাণ হৰি নিয়া নৈসৰ্গিক দৃশ্য | কহুৱা ফুল ঠিকনাবিহীন | আছে মাথোঁ তাৰ মাজত বিচাৰি পোৱা কিছু অনুভৱৰ বৰষুণ |এহাল প্রেমিক -প্রেমিকাৰ দৰেই উৰি ফুৰে কল্পনাৰ ৰাজ্যত |শেৱালি ফুলৰ দৰেই কহুৱা হৈ পৰে এলাগী |কহুৱাৰ সৌন্দৰ্য্য বিচাৰিবলৈ হ’লে অপেক্ষা কৰিব লাগিব আন এক শৰতৰ আগমনলৈ | সেয়ে হয়তো ড০ ভূপেন হাজৰিকা দেৱে কৈ গৈছিল ——–
“কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি |”
সেয়ে সময় থাকোঁতেই শৰতৰ কহুৱা ফুলক সকলোৱে আলফুলে আদৰি লওঁকচোন |

শৰতে আগমন জনায় দুৰ্গতি নাশিনী দেৱী-দুৰ্গাৰ শাৰদীয় পূজা |এই মোহনীয় ঋতুৰ কোনোৱা পবিত্র ক্ষণত পুৰুষোত্তম ৰামচন্দ্ৰই দেৱী মহাময়াৰ আৰাধনা কৰিছিল অশুভ শক্তিক পৰাভূত কৰিবলৈ |সকলো অপশক্তিক নাশ কৰিবলৈ মহৰ্ষি নন্দিনী মা দুৰ্গা মত্যলৈ নামি আহে |মত্যৰ ভক্ত প্রাণ সকলে জাউৰিয়ে জাউৰিয়ে আকাশ কঁপাই ধ্বনিত কৰি তোলে —–

“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্হিতা
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো: নম: ||”

শাৰদী পুৱা নিয়ৰ সিক্ত দুৱৰি গচকি অপাৰ আনন্দ অনুভূত হয় |শৰত কালৰ পৰাই মুকুতামণি নিয়ৰৰ আগমন ঘটে |বিলীন হৈ পৰে মোৰ মন অপূৰ্ব সৌন্দৰ্য্যত | শৰতৰ প্রতিটো নিশাই আমেজ ভৰা আৰু ৰহণীয় |সকলোৰে মুখত মিঠা কোমল শেৱালিয়ে সকলোৰে হৃদয় চুই যাওঁক |

দেৱী দুৰ্গাৰ আগমনে সকলোকে শক্তিশালী আৰু প্রাণৱন্ত কৰি তোলক |সমাজৰ উৱলি যোৱা পৃষ্ঠাবোৰ নৱ নতুন প্রয়াসেৰে সমৃদ্ধিশালী হওঁক | মানুহ হওঁক তেজস্বী ,মন হওঁক বিশ্বাস আৰু সততাৰে পুলকিত | আমি আজিৰ পৰাই একাত্ম হওঁ আহকচোন শাৰদী সন্ধিয়াত |

শৰত ,
তুমি আহিবা বুলি এটি কবিতা লিখিছিলো ,
অকবিৰ কবিতা |
আহিনৰ বোকোচাত উঠি অহা শৰতক লৈ |
কমুৱা তুলাৰ দৰে উৰি ফুৰা মনটোৱে
তোমাৰ আগমণিত প্রাণ পাই উঠিছিল |
পণিয়লী মুখখনলৈ এমুখ
কোমল হাঁহি বিৰিঙি উঠিছিল
জানো ! জানো সেই হাঁহিৰ বয়স কিমান ?
তথাপিও মই আশাবাদী
শীতৰ সেমেকা পৰশত তুমিও এদিন গুচি যাবা |
বেদনাসিক্ত পুৱাটিত অশ্ৰুহৈ জিলিকিবা |
নিয়ৰৰ টোপালবোৰত |
তোমাৰ বাৰু মোলৈ মনত পৰেনে ?
মনত পৰেনে
সেই মিঠা মিঠা লগা বেদনাবোৰ যেতিয়া সাৰ পাই উঠে |

শ্ৰীটিউলিপ ভূঞা
বঢ়মপুৰ (নগাঁও,অসম)