শৰতৰ আগমন – মুনমী স্নিগ্ধা গুঞ্জন

PC shutterstock
শৰতৰ আগমন
মুনমী স্নিগ্ধা গুঞ্জন, কলিয়াবৰ, নগাঁও
টুপ টুপ নিয়ঁৰৰ দলিছা গছকি
শৰৎ আহে দূবৰিত ঝংকাৰ তুলি।
শৰতৰ আগমনত শুকুলা মেঘৰ আঁৰে আঁৰে
মধুৰ জোনাকেও যেন লুকাভাকু খেলে,
ৰাশি ৰাশি তৰাই বুটা ফুল বাছে ।
লুইতৰ পাৰৰ ধৱল কঁহুৱাইয়ো
বতাহত হালি জালি নাচে ,
শুভ্ৰ জোনৰ জ্যোৎস্নাৰে
পৰাণত এমুঠি জোনাক সিঁচি
শৰৎ আহে উন্মনা মনেৰে ।
শেৱালিৰ সুবাস নাকত লাগিলেই
উমান পাওঁ শৰৎ আহিছে
মেঘমুক্ত আকাশৰ নীলিম আভাৰে
আহিন মাহটিও উজ্জ্বলাই তুলে।
সেউজীয়া ধাননীৰ বুকুত নৃত্যৰ মুৰ্চ্ছনা উঠে,
তাৰ সুৰে-সুৰে তালে-তালে
কৃষকৰ হৃদয় কাননত
হেঙুলী আশাই ৰহন সানি
লীলাময়ী খেল খেলে।
যিজনাই দৈত্য,বিঘ্ন,ৰোগ,পাপ,
ভয়,শত্ৰুৰ পৰা জীৱন ৰক্ষা কৰে,
সেই মা দুৰ্গাৰো পূজা-অৰ্চনা হয় শৰতকালতে।
এনেকৈয়ে শৰৎ আহে
এন্ধাৰ নাশি পোহৰ সিঁচিবলৈ,
হতাশা নাশি প্ৰেৰণা দিবলৈ।