শ্ৰীশ্ৰী ভট্টদেৱ আৰু তেৰাৰ সাহিত্য প্ৰতিভা এক চমু আভাস
শ্ৰী ধীৰেন ডেকা
ৰামদিয়া, নামপাৰা
সংসাৰত কোনো একোজন ব্যক্তি নিজৰ অৰ্জিত গুণৰাজিৰে জনমানসত বৰেণ্য, পূজনীয় আৰু গুৰু আসন প্ৰাপ্ত হয়। মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ প্ৰপন্ন শিষ্য বৈকুণ্ঠ নাথ ভট্টাচাৰ্য্য(ভট্টদেৱ) তেনে এগৰাকী পণ্ডিত, ধাৰ্মিক, বিশেষ ব্যক্তিত্ব সম্পন্ন, স্বৰূপতে মহান আত্মা আৰু সৃজনশীল।
অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে খ্যাতিপ্ৰাপ্ত ভট্টদেৱৰ জন্ম হয় ১৪৮০ শক (১৫৫৮ খৃীঃ)আগোন মাহৰ শুক্লা অষ্টমী তিথিত বৰ্তমানৰ বৰপেটা জিলাৰ বিছানকুছি গাঁৱত। পিতৃ কবি সৰস্বতী আৰু মাতৃ তাৰাদেৱী। ভট্টদেৱৰ ককায়েকৰ নাম আছিল ৰমাকান্ত। ৰমাকান্ত জয় সৰস্ভতী নামেও জনাজাত আছিল। চৰিত কাৰ নীলকণ্ঠ দাসৰ শ্ৰীশ্ৰী দেৱদামোদৰ চৰিতত আছে এনেদৰে-
বজালী মধ্যত বিচানকুছিত
কবি সৰস্বতী নাম।
দ্বিজ মহাসন্ত পৰম মহন্ত
ৰূপে গুণে অনুপম॥৪৭৩
সমস্ত শাস্ত্ৰত পৰম পণ্ডিত
জগতে অতি প্ৰখ্যাত।
জয় সৰস্বতী ভট্টদেৱ খ্যাতি
দুয়ো তেন্তে হন্তে জাত॥৪৭৪
জয় সৰস্বতী জেষ্ঠ মহামতি
কনিষ্ঠ বৈকুণ্ঠদেৱ।
ৰূপে গুণে সন্ত ধাৰ্মিক মহন্ত
তেহো সম নোহে কেব॥৪৭৫
ৰামৰায়ৰ গুৰুলীলা মতে তেৰাৰ জন্মস্থান বৰ্তমানৰ বৰপেটা জিলাৰ ভেড়াগ্ৰাম। বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ভেৰাগ্ৰাম অন্তৰ্গত বিচানকুছি বুলিহে মনে ধৰে। বৈকুণ্ঠ নাথ ভট্টাচাৰ্য্যৰ জাতকৰ্ম সমাপন কৰি বৰনগৰৰ সংস্কৃত পণ্ডিত গোপাল দেৱৰ সংস্কৃত পণ্ডিত গোপাল দেৱৰ সংস্কৃত টোলত পঢ়ি অলপ দিনৰ ভিতৰত ব্যাকৰণ, কাব্যস্মৃতি, ভাগৱত দৰ্শন আদিত ব্যুৎপত্তি লাভ কৰে। শিক্ষা গ্ৰহণৰ অন্তত বৰনগৰৰ ৰাজ পুৰোহিত কৃষ্ণ মিশ্ৰৰ কন্যা পদ্মাৱতীক বিয়া কৰি গ্ৰাৰ্হ্যস্থ ধৰ্ম ৰক্ষা কৰে।বিবাহৰ পিচত পিতৃৰ নিৰ্দশ ক্ৰমে পাটবাউসীত “বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম” প্ৰচাৰত ৰত হৈ থকা শ্ৰীশ্ৰী দামোদৰদেৱৰ দীক্ষা প্ৰাপ্ত লৈ শৰণ লয়। গুৰুজনাই ভট্টদেৱক শৰণ দি তেওঁৰ পাণ্ডিত্যৰ কথা জানি পিছত সত্ৰত ভাগৱত পাঠৰ দায়িত্ব অৰ্পণ কৰে। তেৰাৰ ভাগৱত পাঠ আৰু শুনিবলৈ যোৱা লোক ক্ৰমাগত ভাবে বৃদ্ধি হৈ শ্ৰীশ্ৰী দামোদৰ দেৱ গুৰুত শৰণ লোৱাৰ সংখ্যা বাঢ়ে। গুৰুৰ নিৰ্দেশ ক্ৰমে ভট্টদেৱে বৰনগৰৰ মোড়ল সকলক ভাগৱত পাঠ আৰু ব্যাখ্যা শুনালত ৰাইজে ভাগৱত ব্যাখ্যাত সন্তুষ্ট কবিৰত্ন উপাধিৰে বিভুষিত কৰে।
গুৰু দামোদৰদেৱ ৰাজৰোষত পৰি পাটবাউসী এৰি বিজয় নগৰলৈ যাবলগীয়া হোৱাত ভট্টদেৱক বৰনগৰৰ পৰা মাতি আনে আৰু পাটবাউসী সত্ৰত ভাগৱত চৰ্চা আৰু জ্ঞানামৃত বিতৰণৰ মাধ্যমেৰে ধৰ্মপ্ৰচাৰ কাৰ্য্যত ৰত হবলৈ নির্দেশ দিয়ে। লগতে ভাগত স্ত্রী শুদ্ৰ সকলোৱে বুজিব পৰাকৈ সহজ সৰলভাবে ‘কথা বন্ধত’ লিখিবলৈ উপদেশ দিয়ে। প্রথম বাৰ ৰাজৰোষ কৰ্ত্তন কৰি গুৰু দামোদৰদেৱে বৈষ্ণৱ ধৰ্মৰ বিকাশৰ ধ্বনি ৰজন-জন্যই তোলে। পুনৰ কুতৰ্কীৰ চক্ৰান্তৰ দ্বাৰা পৰিচালিত হৈ ৰজাই গুৰু দামোদৰদেৱক দেশান্তৰ কৰাৰ হুকুম দিয়ে। গুৰু দামোদৰদেৱে কোচ বিহাৰলৈ যাত্ৰা কৰে। গুৰুজনাৰ নিৰ্বাসনৰ বাতৰি পাই ভট্টদেৱে গৈ সোনকোষ নদীৰ পাৰত গুৰুজনাক লগ কৰে আৰু আগতে লিখি থোৱা ভাগৱতৰ প্রথম স্কন্ধ কথা ভাগবত গুৰুজনাৰ হাতত তুলি দিয়ে। গুৰুজনাই পঢ়ি চাই আনন্দিত হয় লগতে আৰু কিছু সংক্ষেপে লিখিবলৈ উপদেশ দিয়ে। পিচত গুৰুজনা সোণকোষৰ পৰা কোচবিহাস পায়গৈ। কোচবিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণে সম্মান সহকাৰে আদৰি নি ‘ভিতৰুৱা ঢাপ’ত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰা সুবিধা কৰি থকাৰ ব্যৱস্থা কৰে।
পাটবাউসী সত্ৰৰ দায়িত্বভাৰ ভট্টদেৱৰ ওপৰত নাস্ত কৰে। দামোদৰদেৱে নিস্বার্থভাবে উপযুক্ত বিবেচনা কৰি প্ৰপন্ন শিষ্য ভট্টদেৱক পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ নিৰ্বাচন কৰে। ইয়াৰ আগতেই ভট্টদেৱে ভাগৱত শাস্ত্রখন সংস্কৃতৰ পৰা অসমীয়া ভাষাত কথা বন্ধত লিখি গুৰু জনালৈ পঠায়। পাটবাউসীত থকা কৈৱল্য প্ৰথা পৰিহাৰ কৰি ভকত সকলক গৃহাশ্রমী হোৱাৰ উপদেশ দিয়ে ভট্টদেবে। গোপাল মিশ্ৰৰ পিতৃ শ্রাদ্ধ সভাত বিভিন্ন পণ্ডিতৰ আগত ভাগৱত ব্যাখ্যা কৰি প্রশংসাপ্রাপ্ত হয়। ‘কথা ভাগবত’ আৰু ‘কথা গীতা’পঢ়ি আৰু শুনি ভট্টদেৱক ‘ভাগৱত ভট্টাচাৰ্য্য’ উপাধি প্রদান কৰাৰ নির্দেশ দিয়ে। ভট্টদেৱক গুৰুজনাই ব্যাস সমসৰ আখ্যা দিয়ে। ৰামৰায়ৰ গুৰুলীলাত আছে এনেদৰে
শুনা ভট্টদেৱ তুমি ব্যাস সমসৰ।
তুমি মোৰ বান্ধৱ অপৰ দামোদৰ।।
শ্রীনৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ “বিপ্ৰ বৈষ্ণব গুৰু শ্ৰীশ্ৰীদামোদৰদেৱ অপৰ দামোদৰ ভট্টদেৱ গ্ৰন্থত লিখিছে এনেদৰে- “মহাপুৰুষ শ্ৰীশ্ৰীদামোদৰদেৱে তেখেতৰ প্ৰপন্ন শিষ্য শ্রীশ্রীভট্টদেৱক ‘বান্ধৱ’ অপৰ দামোদৰ বুলি এক প্ৰকাৰ মান্যতাসূচক আহ্বান জনাই ববনগৰৰ পৰা পাটবাউসী সত্ৰলৈ আহি ভাগৱত ব্যাখ্যা (প্রবচন) কৰি হৰি ভক্তি প্ৰচাৰ কৰিবলৈ কৈছিল।”
ভট্টদেৱে সন্ধ্যা উপাসনাৰ বাবে নাওঁৰ পৰা নমা ঠাই এডোখৰত তেৰাই সন্ধ্যা উপাসনা কৰা বাবদ উক্ত ঠাইত এখন সত্ৰ স্থাপন কৰে আৰু সত্ৰখনৰ নামকৰণ হয় ব্যাসকুছি সত্ৰ। এই সত্ৰতে তেৰা দহ বছৰ থকাৰ প্ৰমাণ পোৱা যায় ৷ ভট্টদেৱে পাটবাউসী আৰু ব্যাসকুছি দুয়োখন সত্ৰকে পৰিচালনা কৰিছিল। এনেদৰে ধৰ্মীয় দিশত লোক সকলক আগৰণুৱা কৰি ১৫৬০ শকৰ (১৬৩৮ খ্ৰীঃ) পুহ মাহৰ কৃষ্ণা সপ্তমী তিথিত তেৰাই ইহ সংসাৰৰ পৰা বিদায় লয়।
সাহিত্য প্রতিভাঃ কাব্য, স্মৃতি, ব্যাকৰণ, দর্শন, ভাগৱত শাস্ত্ৰ আদিৰে অধ্যয়ন পুষ্ট হৈ বিশদ জ্ঞানৰ অধিকাৰী ভট্টদেৱে অসমীয়া জাতি আৰু সাহিত্যক দি থৈ গ’ল কালজয়ী সাহিত্য সম্ভাৰ। গীতা ভাগৱতৰ ওপৰত অগাধ জ্ঞান থকা বাবেহে সংস্কৃতৰ পৰা অসমীয়া ভাষাৰ গদ্যত চমুকৈ লিখিব পাৰিছে। ভট্টদেৱ সংস্কৃতৰ এজন বিদগ্ধ পণ্ডিত আছিল। সেই সময়ত অসমীয়া ভাষাৰ ব্যাকৰণ নাছিল বাবে সংস্কৃত ব্যাকৰণৰ প্ৰণালীৰ আলমত চুটি চুটি বাক্যত কথা ভাগৱত লিখে।
ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক। মহাপুৰুষ শঙ্কৰদেৱে গদ্য লিখিছিল যদিও তাত ব্রজাৱলী ভাষাই বিশেষভাবে স্থানপ্রাপ্ত হৈছিল। ভট্টদেৱৰ গদ্য সাহিত্য নিঃসন্দেহে প্ৰথম অসমীয়া গদ্য। ড০ বিৰিঞ্চি কুমাৰ বৰুৱাদেবে ভট্টদেৱৰ সাহিত্যৰ মুল্যাংকন কৰি কৈছে এনেদৰে- ‘অসমীয়া গদ্যক পোনপটীয়া আৰু প্ৰধানকৈ সাহিত্যৰ ৰচনাত ব্যৱহাৰ কৰে ভট্টদেৱে, তেওঁৰ হাততেই অসমীয়া গদ্য ৰীতিৰ বান্ধ দৃঢ় হৈ গদ্য সাহিত্যই পৰিপুষ্টি লভে আৰু চিন্তা বস্তু পৰিস্ফুটভাৱে প্ৰকাশ কৰিবলৈ সমৰ্থ হয়।” শঙ্কৰদেৱ মাধৱদেৱৰ দৰে ভট্টদেৱৰ ভাষাত ব্ৰজাৱলী ভাষাৰ প্ৰভাৱ নাই। ৰচনাতো প্রার্থক্য দেখা যায়।
গুৰু দামোদৰদেৱৰ আজ্ঞামতে ভট্টদেৱে স্ত্রী, শুদ্ৰ সকলোৱে বুজিব পৰাকৈ ভাগৱত খন ‘কথাবন্ধত লিখে ১৫৯৩ ৰ পৰা ১৫৯৭ খ্রীষ্টাব্দৰ ভিতৰত। কথা ভাগৱতৰ দৰে গীতা শাস্ত্রখনো ‘কথাত লিখে, যি ‘কথা গীতা’ নামে পৰিচিত। কোনো কোনো লিখকৰ মতে ‘কথাগীতা’ ৰ ৰচনা কাল ১৫৯৭-১৫৯৮ খ্রীঃ। কথা গীতা পঢ়ি আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে প্রশংসা কৰি কৈছে এনেদৰে- It is a priceless treasure. Assamese prose literature developed to a stage in the far distant sixteen century which no other literature of the world reached except the writings of Hooker and Latimer in England.” বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰে পণ্ডিত হেমচন্দ্র গোস্বামীক কৈছিল এনেদৰে- You may very well be Proud of the author of this book who could handle prose in such a remarkable lucid style more than a century before we had any prose in Bengali.” ছাৰ আশুতোষ মুখার্জীৰ মন্তব্য আছিল এনেধৰণৰ “The people who could write Gita in Such prose in the sixteen century was not a small people.” এই পণ্ডিত কেইগৰাকীয়ে “কথা ভাগৱত” আৰু “ভক্তি ৰত্নাৱলী” ৰ গদ্যৰূপ দেখাহেতেন আৰু কি যে নকলে হেঁতেন।
গুৰু দামোদৰদেৱৰ অনুপ্ৰেৰণাত ভট্টদেৱে অসমীয়া গদ্যত লিখা কথা ভাগৱত’ ‘কথা গীতা’ আৰু ‘কথা ভক্তি ৰত্নাৱলী’ গ্রন্থই ভক্তিধৰ্মত আগুৱাই যোৱাত জনগনক বিশেষভাৱে অৰিহণা যোগাইছে আৰু গৌৰৱ কৰিব পাৰিছে।
‘ভক্তি বিবেক’ সংস্কৃত ভাষাত লিখা এক অনবদ্য আৰু দামোদৰী সম্প্ৰদায়ৰ প্রামান্য গ্রন্থ। এই গ্ৰন্থত অকাট্য যুক্তিৰে বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব প্রতিপন্ন কৰিছে। ১৬২১ খ্ৰীষ্টাব্দত ভট্টদেৱে ভক্তিবিবেক ৰচনা কৰে। সংস্কৃত ভাষাত ‘ভক্তিসাৰ’ পুথি প্ৰথমে ৰচনা কৰিছিল। ইয়াৰ উপৰি ‘শ্ৰীশ্ৰীবিষ্ণু সহস্ত্ৰ নাম’ শ্রীশ্রীকৃষ্ণলীলা কীৰ্ত্তন, ভাগৱত অধিকৰণ, শৰণ সংগ্ৰহ পুথি ৰচনা কৰে। তেৰাৰ পদ্যানুবাদ গ্রন্থ হ’ল- সাত্বততন্ত্র, প্ৰসঙ্গমালা, শ্রীশ্রীবিষ্ণু সহস্ত্র নাম, নন্দোৎসৱ, ঘোষাসিন্ধু, গুৰু বংশাৱলী, শ্ৰীশ্ৰীকৃষ্ণলীলা কীৰ্ত্তন।
ভট্টদেৱ সংস্কৃত সুবিজ্ঞ এগৰাকী পণ্ডিত আছিল।