শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্র উদ্যোগত বানপীড়িত ৰাইজৰ মাজত সাহায্য বিতৰণ

শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্র উদ্যোগত বানপীড়িত ৰাইজৰ মাজত সাহায্য বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ উদ্যোগত বানবিধ্বস্ত ৰঙিয়াৰ পাশ্বৱর্তী ১নং বগৰীবাৰী অঞ্চলৰ বানাক্ৰান্ত শতাধিক পৰিয়ালৰ মাজত বানসাহার্য বিতৰণ কৰা হয়। মানৱ ধৰ্মই পৰম ধৰ্ম-মহাপুৰুষ দুজনাৰ এই মহৎ বাণীক সাৰােগত কৰি দুখদুর্দশাৰ সময়ত আৰ্তজনক সাধ্যানুসাৰে সহায় কৰাৰ মানসেৰে শ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি সম্পাদক সমন্বিতে সদস্যসকলৰ এটি সজাতীদলে ১নং বগৰীবাৰী গাৱঁৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে ব্লিচিং পাউদাৰ, চাবােন, ফিনাইল আদি বিতৰণ কৰে। ইয়াৰােপৰি দলটোৱে বানপীড়িত ৰাইজৰ ক্ষয়-ক্ষতি তথা দুখ-দুর্দশাৰ বুজ লােৱাৰ লগতে বানপানীৰ পিচত হব পৰা ৰােগৰ প্রার্দুভাৱ, বেমাৰ-আজাৰৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া সাৱধানতা, কৃষিকৰ্মৰ বাবে নতুনকৈ সাজু হােৱা আদিৰ বিষয়ে ৰাইজক অৱগত কৰে লগতে অৰােৰা ফাইন আর্টছে যােগান ধৰা সজাগতামূলক প্রচাৰ পুস্তিকা বিতৰণ কৰে। উল্লেখযােগ্য যে শ্রীশ্রীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্রই উত্তৰ প্ৰদেশৰ মথুৰাত নামঘৰ নিৰ্মাণ কৰি থকাৰ লগতে বিভিন্ন সমাজসেৱা আৰু ধর্মীয় কাম-কাজৰ লগত জড়িত হৈ আহিছে।