শ্ৰীলংকাক প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ৬ মাহত ৫ বিলিয়ন ডলাৰৰ প্ৰয়োজন: প্ৰধানমন্ত্ৰী বিক্ৰমসিংহে

pc Dtnext

শ্ৰীলংকাক প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ৬ মাহত ৫ বিলিয়ন ডলাৰৰ প্ৰয়োজন: প্ৰধানমন্ত্ৰী বিক্ৰমসিংহে

ৰঙিলী বাৰ্ত্তাসেৱা–  শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে কয় যে জীৱনধাৰণৰ মৌলিক মানদণ্ড বজাই ৰাখিবলৈ চৰকাৰক অহা ছয় মাহত কমেও ৫ বিলিয়ন ডলাৰৰ প্ৰয়োজন হ’ব, যাৰ ভিতৰত আছে ইন্ধন আমদানিৰ বাবে প্ৰায় ৩.৩ বিলিয়ন ডলাৰ। “কেৱল অৰ্থনৈতিক স্থিৰতা প্ৰতিষ্ঠা কৰাই যথেষ্ট নহয়, আমি সমগ্ৰ অৰ্থনীতিৰ পুনৰ্গঠন কৰিব লাগিব,” শ্ৰীলংকাৰ ক্ষতিগ্ৰস্ত ৰাজহুৱা বিত্তৰ ভাৰসাম্য ৰখাৰ বাবে অন্তৱৰ্তীকালীন বাজেট প্ৰস্তুত কৰি থকা বিক্ৰমসিংহে কয়।