শ্ৰীমন্ত শঙ্কৰদেৱৰ কথাৰে
হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি।।
ইকবাল হুছেইন
শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি। অসমীয়া জাতি আৰু সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰী শ্ৰীমন্ত শংকৰ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যবাসীলৈ যাচিলোঁ অনেক অনেক শুভ কামনা৷উল্লেখ্য যে নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ ধৰ্ম প্ৰচাৰ কৰি শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজক (জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে সকলোকে) একতাৰ ডোলেৰে বান্ধি যি আধ্যাত্মিক আৰু সামাজিক সংস্কাৰৰ নিদৰ্শন দেখুৱাই গৈছে, সেয়া চিৰকালৰ বাবে অসমীয়া সমাজ তথা জাতিৰ মাৰ্গদৰ্শক হৈ ৰ’ব৷প্ৰণিধানযোগ্য যে পঞ্চাদশ শতাব্দীৰ মাজভাগত আৰ্ৱিভাৱ হোৱা শ্ৰীমন্ত শংকৰ গুৰুজনাই তেওঁৰ ধৰ্ম, জ্ঞান, নীতিশিক্ষা, আধ্যাত্মিকতা, উদাৰতা, নিৰপেক্ষতা, ধর্মীয় মূল্যবোধ আৰু সাহিত্য-সংস্কৃতিৰ পাৰদৰ্শিতাৰে অসমীয়া জাতিক একতাৰ ৰছিৰে বান্ধি অসমৰ বুকুত এখন সুন্দৰ, সুশৃংখল তথা উদাৰতাবাদী সাম্যৰাজ্য প্ৰতিষ্ঠা কৰিছিল।বহুমুখী জ্ঞানৰ প্ৰজ্জ্বলিত বন্তি এইগৰাকী শংকৰ দেৱৰ ধৰ্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলো ক্ষেত্ৰতে নৱোন্মেষৰ সৃষ্টি কৰি অসমত এক নৱ-জাগৰণৰ সূচনা কৰিছিল৷ গুৰুজনাৰ অগাধ প্ৰতিভা, পাণ্ডিত্য, প্ৰজ্ঞা আৰু জ্ঞান-জ্যোতিৰ শিখাৰে গোটেই অসমখনকেই উদ্ভাসিত কৰি তুলিছিল৷শংকৰ দেৱৰ দৰে এজন ভিন্ন ধৰ্মীয় গুৰু হৈয়ো তেওঁ ইছলাম ধৰ্মী মুছলমানকো আপোন কৰি লৈছিল। মুছলমানক বিশ্বাসতলৈ চলা গুৰুজনাই ইছলাম ধৰ্মীয় লোক ‘চান্দসা’ক শিষ্যত্ব প্ৰদান কৰি তেওঁ ধৰ্মীয় মূল্যবোধ তথা উদাৰতাৰ এক অনন্য উদাহৰণ ৰাখি থৈ গৈছে। তেনেকুৱা ধৰ্মনিৰপেক্ষ, মানৱতাবাদী আৰু মহল মনৰ এইগৰাকী মহান ধৰ্মগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি-আদৰ্শ আজি পদে পদে ভূলুন্ঠিত।যিসকলে নিজকে অতি ধাৰ্মিক বুলি জহাই ফুৰে প্ৰকৃততে সিহঁতেও গুৰুজনাৰ পদাংক অনুসৰণ কৰি নচলে বৰঞ্চ তেওঁলোকে গুৰুজনাৰ কালজয়ী নীতি-আদৰ্শৰ পৰিপন্থী কৰ্মহে কৰি থকা দেখা যায়।সম্প্ৰতি জাতিভেদৰ চক্ৰবেহুত সুমাই পৰিছে গুৰুজনাই গঢ়ি থৈ যোৱা সাম্প্ৰদায়িক সম্প্ৰীতিৰ সমাজখন। সকলোতে আজি বৈষম্যমূলক আচৰণ দেখিবলৈ পোৱা যায়। নৈতিকতাৰ স্খলন ঘটিবলৈ ধৰিছে গুৰুজনাৰ সপোনৰ মানৱ সমাজখনত। আজিৰ সমাজত মানৱীয় প্ৰমূল্যবোধ নোহোৱা হবলৈ ধৰিছে। এনে সন্ধিক্ষণত গুৰুজনাৰ সাৰ্বজনীন নীতি-আদৰ্শৰ প্ৰচাৰ-প্ৰসাৰ কৰাটো প্ৰতিজন অসমবাসীৰেই দ্বায়িত্ব হৈ পৰিছে। কোৱা বাহুল্য যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই থৈ যোৱা পথক আকোঁৱালি লৈ সমাজ জীৱনৰ পাতনি মেলিলে নিশ্চিতভাৱে শংকৰ-আজানৰ মিলনভূমি অসম ৰাজ্যত শান্তি বিৰাজিব। আৰু সমাজত একতা, বিশ্বাস, ভাতৃত্ববোধ আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ নিমিত্তে শ্ৰীমন্ত শংকৰদেৱৰ নীতি-আদৰ্শ অনুসৰণ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে।প্ৰসংগক্ৰমে উল্লেখ কৰিবই লাগিব যে আধ্যাত্মিক, সামাজিক, সংস্কৃতিক, সাহিত্যিক আৰু মূল্যবোধৰ চিন্তাধাৰাৰে বৃহত্তৰ অসমীয়া জাতিক ঐক্যবদ্ধ কৰা শ্ৰীমন্ত শংকৰ গুৰুজনাই সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস আদি ভেদভাৱৰ দৰে সামাজিক ব্যাধিসমূহ দূৰীকৰণ কৰি মানৱীয় প্ৰমূল্যবোধেৰে এখন সুন্দৰ, সুস্থিৰ, সুশৃংখল, সমন্বয়ৰ সমাজ গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। এতেকে শংকৰদেৱে ৰাখি থৈ যোৱা অনবদ্য অৱদানে আমাক উদ্বুদ্ধ কৰা উচিত।