শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত পদ্মশ্ৰী অৰূপ কুমাৰ দত্তৰ নতুন গ্ৰন্থ

শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত পদ্মশ্ৰী অৰূপ কুমাৰ দত্তৰ নতুন গ্ৰন্থ

ৰঙিলী বাৰ্ত্তাসেৱা-  খ্ৰীষ্টীয় বৰ্ষ ২০২৩-এ মেলানি মগাৰ পৰত নৱবৰ্ষ ২০২৪ ক আদৰাৰ বাবে সৰ্বত্ৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে ৰাজ্যখনৰ অন্যতম অভিজাত প্ৰকাশন প্ৰতিষ্ঠান “অসম বুক হাইভ”-এ অসমৰ সমাজ-জীৱনলৈ এক শুভ সংবাদ কঢ়িয়াই আনিছে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ কৰ্মৰাজী , সামাজিক তত্ব-দৰ্শনক জগতসভাত প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সপক্ষে বিদ্বৎ মহলে দীৰ্ঘদিন ধৰি মত প্ৰকাশ কৰি আহিছে ৷ এইক্ষেত্ৰত এক সময়োচিত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি অসমৰ জনগনৰ এই স্বপ্ন সাকাৰ কৰাৰ দিশত বাট প্ৰশস্ত কৰিছে “অসম বুক হাইভ”-এ ৷ বিশিষ্ট সাহিত্যিক-গৱেষক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই মহাপুৰুষজনাৰ মহাজীৱনক আধাৰ কৰি ৰচনা কৰা “Saint; Saviour; Soul; Society” শীৰ্ষক গ্ৰন্থখন ইতিমধ্যে ছপা কৰি উলিয়াইছে “অসম বুক হাইভ”-এ ৷ কেৱল অসম কিম্বা ভাৰতবৰ্ষৰে নহয় বিশ্বৰ সমাজ-জীৱনক দৰ্শন-তত্বৰে নতুন দিগন্ত দেখুওৱা মহাপুৰুষ শংকৰদেৱ আক্ষৰিক অৰ্থতে জগতগুৰু ৷ তদুপৰি আজিৰ পৰা ৫৫০ বছৰৰো পূৰ্বেই সন্ত কবিৰূপত ভাষা-সাহিত্যৰ সাধনাৰে তেওঁ অসমক যিদৰে সমৃদ্ধ কৰিছে তাৰ তুলনা সৰ্বকালৰ বাবে কাৰোৰে সৈতে কৰিব নোৱাৰি ৷ মহাপুৰুষজনাৰ এই মহাজীৱনক লৈয়ে কাহিনী-কথনৰ ব্যতিক্ৰমী শৈলীৰে পদ্মশ্ৰী দত্তই নিৰলস দীঘলীয়া শ্ৰমেৰে উক্ত গ্ৰন্থখন ৰচনা কৰি উলিয়াইছে ৷ প্ৰকাশক “অসম বুক হাইভ”ৰ স্বত্বাধিকাৰী ধীৰাজ গোস্বামীয়ে গ্ৰন্থখন অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আৰম্ভ হোৱা অসম গ্ৰন্থমেলা, গুৱাহাটীত নৱবৰ্ষৰ প্ৰথমদিনাই অৰ্থাৎ অহা ১ জানুৱাৰীত বিয়লি ৪ বজাত উন্মোচিত হ’ব বুলি সদৰী কৰিছে ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়া, নৃত্যাচাৰ্য যতীন গোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঁই, জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট কথাশিল্পী মনোজ কুমাৰ গোস্বামী, বিশিষ্ট সাংবাদিক , “দ্য আছাম ট্ৰিবিউন”ৰ কাৰ্যৱাহী সম্পাদক প্ৰশান্তজ্যাতি বৰুৱাই ৷ইয়াৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰৰ গ্ৰন্থমেলা প্ৰাংগণত উন্মোচিত হ’বলগীয়া “Saint; Saviour; Soul; Society” গ্ৰন্থখনে পাঠকৰ দীৰ্ঘদিনীয়া হেঁপাহ পুৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰকাশক গোস্বামীয়ে ৷ উল্লেখ্য যে মহাপুৰুষ শংকৰদেৱে সুবক্তা, অনুবাদক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, নৰ্টক, চিত্ৰকৰ আদি হিচাপে সংশ্লিষ্ট ক্ষেত্ৰসমূহত যি বিৰল শৈল্পীক প্ৰতিভাৰ স্বাক্ষৰ ৰাখি সমাজ পৰিৱৰ্তনৰ বাবে নিজকে উছৰ্গা কৰিছিল এই সকলো দিশ সামৰি গ্ৰন্থকাৰে কাহিনী-কথন শৈলীৰে শংকৰদেৱক পুনৰাৱিষ্কাৰ কৰাৰ প্ৰয়াস কৰিছে ৷ সেয়ে ইংৰাজী ভাষাত ৰচনা কৰা গ্ৰন্থখনত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱক বিশ্বৰ পঢ়ুৱৈ সমাজে প্ৰাণৱন্তৰূপত বিচাৰি পাব বুলি আশা প্ৰকাশ কৰিছে অভিজাত প্ৰকাশনগোষ্ঠী “অসম বুক হাইভ”-এ৷