শ্ৰমিক নেতা মুনিন্দ্ৰ শইকীয়া এনএফআইআৰৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

শ্ৰমিক নেতা মুনিন্দ্ৰ শইকীয়া এনএফআইআৰৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা-   সৰ্বভাৰতীয় ৰে’লৱে ট্ৰেড ইউনিয়নৰ অন্যতম সৰ্ববৃহৎ সংগঠন ‘নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰে’লৱেমেনছ’ চমুকৈ এনএফআইআৰৰ পাঞ্জাৱৰ অমৃতসৰ চহৰত সদ্যসমাপ্ত কাৰ্যকৰী সভাত সংগঠনটোৰ গুৰুত্বপূৰ্ণ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন ’এনএফৰে’লৱে এম্প’লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা জনপ্ৰিয় শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়া । আনহাতে কালি নিশা নতুন দিল্লীৰ পৰা ৰে’লযোগে গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পাছত এনএফআইআৰৰ  নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াক এম্প’লয়িজ ইউনিয়নৰ গুৱাহাটী শাখাৰ শাখা সম্পাদক অৰূপ কলিতাৰ নেতৃত্বত ইউনিয়নৰ  কেবা শতাধিক কর্মীয়ে গামোচা,ফুলৰ থোপা,জাপিৰে  বিপুল আদৰণি জনায়৷তাৰ পাছত কর্মীসকলে মুনীন্দ্ৰ শইকীয়া জিন্দাবাদ , এনএফআইআৰ জিন্দাবাদ , এনএফৰে’লৱে এম্প’লয়িজ জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি  ইউনিয়নৰ গুৱাহাটী শাখা কাৰ্যালয়লৈ এক বিশাল শোভাযাত্ৰাৰে  তেওঁক আদৰি লৈ যোৱা হয় । কাৰ্যালয় চৌহদত শাখা সভাপতি গুণেন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত মুনীন্দ্ৰ শইকীয়াই তেওঁ সৰ্বভাৰতীয় ৰে’লৱে ট্ৰেড ইউনিয়নৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত ইউনিয়নৰ সমূহ কর্মী – কৰ্মকৰ্তাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰো শ্ৰমিক – কৰ্মচাৰী সকলৰ অৱদান আছে বুলি ব্যক্ত কৰে। সভাত ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ আৰু গুৱাহাটী শাখাৰ পৰ্যবেক্ষক নয়ন কুমাৰ বৰ্মন , ইউনিয়নৰ গুৱাহাটী শাখাৰ মহিলা গোটৰ সম্পাদিকা নমিতা দাস , যুৱ গোটৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাকে ধৰি কেইবাজনেও চমু ভাষণ দিয়ে৷ শেষত শলাগৰ শৰাই আগবঢ়াই শাখা সম্পাদক অৰূপ কলিতাই ৷