শ্ৰমিক দিৱস : এটি আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী,গোৱালপাৰা
অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা ১৮৩০ চনৰ ভিতৰত ইংলেণ্ডত শিল্প বিপ্লৱ (Industrial Revolution) পৰিপক্কতা লাভ কৰাৰ লগে লগে গোটেই ইউৰোপৰ সমাজ-ব্যৱস্থাত পুঁজিপতি আৰু শ্ৰমিক শ্ৰেণীৰ সৃষ্টি হৈছিল। পুঁজিপতি সকলে পুঁজি বা মূলধন খটুৱাই প্ৰতিষ্ঠা কৰা বৃহৎ বৃহৎ কল-কাৰখানাসমূহত শ্ৰমিকসকলক অতি কম মজুৰিত অতিৰিক্ত সময় ধৰি (১৬ ঘন্টাৰ পৰা ২০ ঘন্টালৈকে) শ্ৰম দান কৰাবলৈ বাধ্য কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁলোকৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই গৈছিল। উনবিংশ শতিকাৰ মাজভাগত জাৰ্মানীৰ কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছে গৰজি উঠি ১৮৬৪ চনত আন্তৰ্জাতিক শ্ৰমিক সংগঠন (International Labour Organisation) গঠন কৰি পুঁজিপতি শ্ৰেণীটোৱে শ্ৰমিক শ্ৰেণীৰ ওপৰত কৰা অমানুষিক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ উঠি পৰি লাগিছিল। ১৮৮৪ চনত বিভিন্ন দেশৰ শ্ৰমিক সন্থাসমূহ একত্ৰিত হৈ আমেৰিকাৰ চিকাগো চহৰত American Federation of Organised Trades and Labour Union নামৰ ফেডাৰেছন তৈয়াৰ কৰি চতুৰ্থ সন্মিলনত প্ৰস্তাৱ গ্ৰহণ কৰে যে, ১৮৮৬ চনৰ পৰা শ্ৰমিকসকলক কল-কাৰখানাসমূহত বা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত আঠ ঘন্টাৰ বেছি কামত নিয়োগ কৰিব নোৱাৰিব ; বাকী সময়খিনিত বিশ্ৰাম আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে সুবিধা কৰি দিব লাগিব। এই দাবীৰ ওপৰত ভিত্তি কৰি চিকাগো চহৰত ১৮৮৬ চনৰ ১ মে তাৰিখে লাখ লাখ শ্ৰমিক ধৰ্মঘট আৰম্ভ কৰিলে। তাৰ ফলশ্ৰুতিত পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ্থে হে মাৰ্কেটত( Hay-Market) বৰ্বৰ পুলিচ বাহিনীয়ে শ্ৰমিক শ্ৰেণীৰ ফেডাৰেছনৰ দ্বাৰা পৰিচালিত সাধাৰণ ধৰ্মঘটকাৰী (General Strike) শ্ৰমিকসকলৰ ওপৰত কৰা গুলি চালনাত কমেও ১১ জন শ্ৰমিকে থিতাতে মৃত্যু মুখত পৰিছিল আৰু হাজাৰ হাজাৰ শ্ৰমিক চিৰ জীৱনৰ বাবে পঙ্গুত্ব লাভ কৰিছিল।
তিনি বছৰ পিছত (১৮৮৯ চনত ইউৰোপৰ প্ৰথম ছছিয়েলিষ্ট কংগ্ৰেছে ( First Sosialist Congress in Europe) ফ্ৰান্সৰ পেৰিছত ১৪ জুলাইত এক প্ৰস্তাৱ মৰ্মে চিকাগো চহৰৰ হে মাৰ্কেটৰ পুলিচৰ নিৰ্বিচাৰ বৰ্বোৰোচিত আক্ৰমণত নিহত শ্ৰমিকসকলক সন্মান প্ৰদৰ্শন আৰু বিশ্বৰ শ্ৰমিকসকলৰ লগত ঐক্য আৰু সংহতি ৰক্ষা কৰিবলৈ প্ৰতি বছৰে ১ মে আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day) হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্মে ১৮৯০ চনৰ পৰাই পোন প্ৰথমে গোটেই বিশ্বজুৰি আন্তৰ্জাতিক শ্ৰমিক দিৱস ( International Labour Day) উদ্ যাপন কৰা হয়। ১৯০৪ চনত আমষ্টাৰডামত সমাজতন্ত্ৰীসকলৰ সন্মিলনত শ্ৰমিকসকলক দৈনিক আঠ ঘণ্টা কামৰ দাবী আৰু বিশ্ব শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে প্ৰতি বছৰে ১ মে তাৰিখে আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day) হিচাপে দেশে দেশে উদ্ যাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
১৯১৭ চনত ৰাছিয়াত বলছেভিক বিপ্লৱৰ পিছৰে পৰা এই দিৱসটি অতি মহা সমাৰোহেৰে পালন কৰি আহিছে।
১৯২৩ চনত ভাৰতৰ লেবাৰ কিষান পাৰ্টীয়ে (Labour Kishan Party of Hindustan) পোন প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি ১ মে দিনা আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে দিৱস উদযাপন কৰি এই দিৱসৰ দিনা ৰঙা পতাকা উত্তোলন কৰে । তেতিয়াৰ পৰাই বিশ্বৰ সকলো দেশতে বিভিন্ন কাৰ্যসূচীৰে পেৰেড,ৰেলি , মুকলি সভা আৰু শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন শিক্ষামূলক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। এই দিৱসটিৰ জৰিয়তে শ্ৰমিকসকলৰ দ্বাৰা বিভিন্ন কৰ্মৰ জড়িয়তে কৰা অৱদান, বিভিন্ন কলকাৰখানাত নিত্য প্ৰয়োজনীয় পণ্য-সামগ্ৰী, উৎপাদন,সমাজ সেৱা , যেনে ৰিক্সা, ঠেলা, ই ৰিক্সা, মটৰ গাড়ী, ভেন, এম্বুলেন্স,ৰে’ল গাড়ী,এৰোপ্লেন আদি বাহনৰ চালকসকল, চাহৰ, দোকান হোটেল, ৰেষ্টুৰেন্ট, গেলামালৰ দোকান , বস্ত্ৰৰ দোকান, সৰু সৰু শিল্প উদ্যোগ , ইটাৰ ভাটা আদি বিভিন্ন ধৰণৰ সেৱাত জড়িত দক্ষ ,অদক্ষ, আধা দক্ষ আৰু ব্যৱসায়িক ( Skilled ,UnSkilled, SemiSkilled and Professional)শ্ৰমিকসকলৰ কৰ্মক শ্ৰদ্ধা নিবেদন কৰা হয়। আৰু এই শ্ৰমিকসকলৰ দ্বাৰা কেনেকৈ দেশৰ প্ৰগতি সাধন হৈছে,তাক মূল্যায়ন কৰা হয়। লগতে শ্ৰমিকসকলৰ ন্যয্য দাবী আৰু তেওঁলোকে কাম কৰা কৰ্মস্থলীক উন্নত মানৰ কৰিবলৈ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰা হয়। শ্ৰমিক সকলৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁলোকৰ বিভিন্ন দাবী উত্থাপন কৰি দেশৰ ট্ৰেড ইউনিয়ন বিলাকে প্ৰয়োজন সাপেক্ষে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে সংকল্প গ্ৰহণ কৰে।
প্ৰতি বছৰে ১ মে দিনা আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা সত্ত্বেও এতিয়াও শ্ৰমিকসকলৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই। গোটেই পৃথিৱীৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষৰ শ্ৰমিকসকলে এই একৈশ শতিকাতো দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰি আছে। তেওঁলোকৰ খাদ্য, বস্ত্ৰ, শিক্ষা, স্বাস্থ্য আৰু বাসস্থানৰ সু-ব্যৱস্থাৰ বাবে কোনো এখন চৰকাৰে দায়িত্ব পালন কৰা নাই। চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ দৈনিক হাজিৰা এতিয়াও ন্যূনতম, তেওঁলোকৰ বাবে নাই কোনো স্বাস্থ্য-সন্মত পৰিৱেশ। চৰকাৰী বা বেচৰকাৰী বাছ আস্থানৰ দুৰৱস্থাই সকলোৰে চকু কপালত তুলিব । এই কৰ্মচাৰী সকলৰ থকা , খোৱা বা শোৱাৰ কোনো বিশেষ ব্যৱস্থা নাই। কলকাৰখানাত কাম কৰা শ্ৰমিকসকলে কম মজুৰিত অমানুষিক পৰিশ্ৰম কৰিবলৈ বাধ্য হৈছে। কেতিয়াবা তেওঁলোকে দুৰ্ঘটনাৰ সন্মুখীন হ’লে চৰকাৰে বা কোম্পানীয়ে কোনো ধৰণৰ চিকিৎসা সেৱা আগ নবঢ়ায় বা কোনো ক্ষতিপূৰণ নিদিয়ে ; যদি দিয়েও একেবাৰে সামান্যতম। এনেদৰে বিভিন্ন কামত নিয়োগ হৈ থকা কৰ্মচাৰীসকলৰ কামৰ কোনো নিৰাপত্তাও নেথাকে ; যি কোনো অজুহাতত চৰকাৰে বা কোম্পানীয়ে তেওঁলোকক চাকৰি বা কৰ্মক্ষেত্ৰৰ পৰা খেদি পঠিয়ায়।
মুঠতে,এতিয়াও পৃথিৱীৰ সকলো দেশতে পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ ধনীশ্ৰেণীৰ দ্বাৰা শ্ৰমিক শ্ৰেণীটোৱে সকলো ক্ষেত্ৰতে শোষিত, লাঞ্চিত, বঞ্চিত আৰু নিৰ্যাতনৰ বলি হৈ আহিছে। শ্ৰমিকসকলে এই শোষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে পৃথিৱীৰ সকলো শ্ৰমিক শ্ৰেণীৰ সংস্থাসমূহে একত্ৰিত হৈ এক শক্তিশালী আন্দোলনৰ সূচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।