শ্ৰদ্ধাঞ্জলি
যোৱা ২৩ আগষ্ট ২০২১তাৰিখে কে চি দাস কমাৰ্চ কলেজৰ ব্যৱসায় পৰিচালনা বিভাগৰ সহযোগী অধ্যাপক তথা প্ৰাক্তন বিভাগীয় প্ৰধান ড° অসীমা শৰ্মা বৰাৰ পৰলোক প্ৰাপ্তি ঘটে।দীৰ্ঘদিন ধৰি বৃক্কৰোগত আক্ৰান্ত হৈ থকা বৰাই যোৱা মাৰ্চ মাহত বৃক্ক সংস্থাপনৰ অস্ত্ৰোপচাৰ কৰিছিল। কিন্তু নিয়তিয়ে তেখেতক বেছিদিন জীয়াই নাৰাখিলে। প্ৰয়াত হিৰণ্য কুমাৰ শৰ্মা আৰু প্ৰয়াত বিমলা দেবীৰ বৰ জীয়ৰী অসীমা শৰ্মা বৰাৰ ১৯৬৯ চনৰ ১৮ অক্টোবৰত জন্ম হৈছিল। ১৯৯৪ চনত কে চি দাস কমাৰ্চ কলেজত সহকাৰী অধ্যাপক হিচাবে যোগদান কৰা অসীমা শৰ্মা বৰা ছাত্ৰ-ছাত্ৰীকে ধৰি মহাবিদ্যালয় পৰিয়ালৰ সকলোৰে মাজত অতি জনপ্ৰিয় আছিল। অতি উদ্যমী আৰু উৎসাহী বৰাই মহাবিদ্যালয়খনৰ বিভিন্ন শৈক্ষিক কামকাজত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল। তেখেতৰ প্ৰচেষ্টাতে অসমৰ ভিতৰতে প্ৰথম কে চি দাস কমাৰ্চ কলেজত বাণিজ্য প্ৰয়োগশালা ( Commerce Laboratory) স্থাপন হৈছিল। অল ইণ্ডিয়া কমাৰ্চ এচ’ছিয়েশ্যনৰ আজীৱন সদস্য বৰাই ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো ভালেসংখ্যক আলোচনা চক্ৰ আৰু কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ কেইবাখনো গৱেষণাপত্ৰ ইতিমধ্যে প্ৰকাশ পাইছে। তেখেতে মানৱ সম্পদ পৰিচালনা বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ গৱেষণা তত্ত্বাৱধায়ক হিচাবে স্বীকৃত বৰাৰ তত্ত্বাৱধানত গৱেষণা কৰি ইতিমধ্যে কেইবাজনেও পি এইচ ডি ডিগ্ৰী লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰৰ সমল ব্যক্তি হিচাবে প্ৰয়াত বৰাই বহু কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। সামাজিক জীৱনতো অতি সক্ৰিয় বৰাই তেখেতে বসবাস কৰা ভেটাপাৰা অঞ্চলৰ “অলকানন্দা” নামৰ মহিলা আৰু শিশুৰ বিকাশৰ অনুষ্ঠান এটাৰ লগত ওত:প্ৰোতভাবে জড়িত আছিল। অসীমা শৰ্মা বৰাৰ মৃত্যু বাণিজ্য শিক্ষাৰ জগতখনৰ লগতে সামাজিক জীৱনৰো অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই কে চি দাস কমাৰ্চ কলেজ পৰিয়ালে আজি আদ্যশ্ৰাদ্ধৰ দিনা তেখেতক শ্ৰদ্ধাৰে সুঁৱৰে আৰু শোক সন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে। ঔম শান্তি ।