শ্মশান- পংকজ ৰাজ

pc sangbad pratidin

শ্মশান

তুমি যদি মোক প্ৰশ্ন কৰা আটাইতকৈ বেছি শান্তিৰ ঠাই কি? মই কম শ্মশান!‌কাৰণ শ্মশানতকৈ উত্তম ঠাই কি হ’ব পাৰে?য’ত প্ৰাত:ৰ পৰা নৈশলৈকে মন আৰু মগজু জিৰণি লয় উশৃংখল জগত এৰি! মৰিশালী! মৰিশালী শৰীৰ লয় যেতিয়া ঘূৰি আহো ঘৰলৈ তুমিও বুজি নোপোৱা হাওঁফাওঁৰ ধপধনিয়ে কি সূচায়! বিশ্ৰাম বিছনাত অকল মগজুৰ বাবে,, কিন্তু শৰীৰৰ বাবে শ্মশান! ৰাতিৰ নিৰ্জানতাত যেতিয়া শ্মশানলৈ যাবা শ্মশানে ক’ব বুকুৰ ধপধনিৰ অৰ্থ! যেতিয়া বহি থাকিবা সজাই দিব’ শীতল মস্তিষ্ক!! আৰু তুমি যদি দেখা পোৱা জুইৰ মাজত শুই থকা এটা শৰীৰ,,শ্মশানে বুজাব’ জীৱনৰ অৰ্থ! যদি তুমি প্ৰশ্ন কৰা তোমাৰ অনুপস্থিতত মই ক’ত বিচাৰি পাম আমাৰ হৃদয়ংগম কথাবোৰ? তাৰো উত্তৰ হ’ব শ্মশান! কাৰণ শ্মশানো এখন ঘৰ য’ত জীয়াই থাকে শান্তি,মৌনতা আৰু বহু আশা!!

পংকজ ৰাজ