শ্বিলঙত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক

pc- News live tv

শ্বিলঙত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক, দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান সমিতিৰ সদস্যসকলে ৯ অক্টোবৰত ৰাজ্যদুখনৰ বিবাদমান সীমামূৰীয়া অঞ্চল পৰ্যবেক্ষণ কৰিব

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকো সৌজন্যমূলক সাক্ষাত মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সীমা সমস্যা সমাধান সমিতিৰ অধ‍্যক্ষ পীযুষ হাজৰীকাই কাষৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনঙৰ সৈতে অসম চৰকাৰৰ তৰফৰ পৰা বিধায়কদ্বয় অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাক লগত লৈ এখন বৈঠকত মিলিত হয় | কামৰূপ মেট্ৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙ উপস্থিত থকা আলোচনাকালত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান সমিতিৰ সদস্যসকলে অহা ৯ অক্টোবৰত পিলিংকটা, বৰপথাৰ, গণেশ নগৰ আৰু ২ নং খানাপাৰা আদি সীমামূৰীয়া অঞ্চল সমূহ পৰ্যবেক্ষণ কৰি এক চৰজমিন তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । পাছত মন্ত্ৰী পীযুষ হাজৰীকাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক তেওঁৰ কাৰ্যালয়ত এক সৌজন্যমূলক সাক্ষাৎ কৰে । এই সাক্ষাতকালত মন্ত্ৰীজনে দীৰ্ঘ দিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঐতিহাসিক পদক্ষেপৰ বাবে দুয়োগৰাকী নেতাকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে ৰাজ্যদুখনৰ সীমা বিবাদে অতি সোনকালেই এক স্থায়ী সমাধান লাভ কৰিব ।