শ্বহীদ প্ৰনামো তোমাক-ফখৰুদ্দিন আহমেদ

pc You Tube

শ্বহীদ প্ৰনামো তোমাক

ফখৰুদ্দিন আহমেদ

“শ্বহীদ
তোমাৰ মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিৰ্লোভ ভাষ্কৰ্য”

মোৰ প্ৰিয় কবি শ্ৰদ্ধাৰ হীৰেন ভট্টচাৰ্যৰ কাব্যিক পৰিভাষাত এই “শ্বহীদ” শব্দটিৰ সম্পৰ্কত বুজিবলৈ যথেষ্ঠ। তাকো কবিজনাই অসমৰ জাতীয় জীৱনৰ পৰিকাঠামো নিৰ্মান আৰু অৰ্থনৈতিক স্বাধীনতাৰ পৰিবেশ গঢ়াৰ বাবে জীৱনক আহুতি দিয়া সকলৰ বাবেহে অবতাৰনা কৰি ৰচিছিল এই যুগজয়ী কবিতাত অসমীয়াৰ কলিজাৰ স্পন্দন।
অসমীয়া মানুহে যিকোনো কাৰনতে আন্দোলন কৰে বুলি এটি বদনাম আছে। সেই কাৰনেই অসমৰ বহুতো স্বনামধন্য বুদ্ধিজীৱিয়েও মাজে সময়ে লিখে অসমীয়া জাতিটো বৰ আবেগ প্ৰবন।মানে আমি আবেগ প্ৰবন হয় নে নহয় কেতিয়াবা কেতিয়াবা নিজৰ গাটেই চিকুটি চাবলগা পৰিস্থিতৰো সৃষ্টি হয়।প্ৰকৃততে অসমীয়া সকল কোনো কাৰনতে আবেগ প্ৰবন নহয়। শৰাইঘাটৰ দলঙৰ পৰা আৰম্ভ কৰি গননা কৰি চালে অসমে কোনটো বস্তু আন্দোলন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছে , তাৰ হিচাপ ল’লে সেয়া আঙুলিৰ মুৰত গননা কৰিব পৰা যাব।
অসমৰ ৰাজনীতিত হেম বৰুৱাৰ দৰে সিংহ পুৰুষৰ জন্ম হোৱাৰ লগতে কেৱল ক্ষমতাৰ স্বাৰ্থত ৰাজনীতিত তিষ্ঠি থাকিবলৈ অসমীয়া সাহিত্য আৰু ভাৰতৰ ৰাজনৈতিক জগতৰ এগৰাকী পৰম সন্মানীয় ব্যক্তিয়েও ইন্দিৰা গান্ধীক অতিৰিক্ত ভাবে তোষামোদ কৰিবলৈ গৈ কৈছিল ” ইন্দিৰা ইজ্ ইণ্ডিয়া এন্ড ইণ্ডিয়া ইজ্ ইন্দিৰা ” । যিটো বাক্যই তেখেতক তেখেতৰ কংগ্ৰেছী ৰাজনীতিৰ ক্ষেত্ৰত এক প্ৰকাৰ কাল হৈ পৰিছিল ।তেখেতেও যদি হেম বৰুৱাই জৱাহৰলাল নেহৰুক কৰা ব্যবহাৰ ইন্দিৰা গান্ধীক কৰিলেহেতেন তেনেহ’লে অসমে সেই সময়তেই কমেও আৰু এখন শৰাইঘাটৰ দৰে দলং লাভ কৰিলেহেতেন।
ৰাজনীতি আৰু ক্ষমতাৰ এৰাব নোৱাৰা সম্পৰ্ক থাকিলেও দুয়োটা বিষয়ৰ অবস্থান তেল আৰু পানীৰ দৰে। জনতাৰ প্ৰতি থকা দায়বদ্ধতাইহে প্ৰকৃত ৰাজনীতিবিদৰ পৰিচয়। এই ধৰনৰ দায়বদ্ধতাৰ বাবেই সাম্প্ৰতিক সময়টো প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ অসমবাসীৰ অন্তৰত জীৱন্ত ৰূপত আছে। জনতাৰ প্ৰতি থকা দায়বদ্ধতাক মূল্যবোধৰ ৰাজনীতিয়ে সোনত সুৱগা চৰাই ৰাখে।
অসমৰ সমাজ জীৱনক ঐক্য , শান্তি আৰু প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেব ,শ্ৰী শ্ৰী মাধব দেব , আজান ফকিৰ , কলকলতা , মুকুন্দ কাকতি , মনিৰাম দেৱান আৰু পিয়লি ফুকনকে ধৰি স্বাধীনতা সংগ্ৰাম , ভাষা আন্দোলন , অসম আন্দোলন আৰু শেহতীয়াকৈ কা আন্দোলনত প্ৰানাহুতি দিয়া স্বনামধন্য লোক সকলৰ সংগ্ৰামী সত্বাৰ পৰিশ্ৰম আৰু ত্যাগ অবিস্মৰনীয়। এই সংগ্ৰামী সত্বাৰ আদৰ্শ আৰু ব্যক্তিত্ব প্ৰতিজন প্ৰকৃত অসমীয়াৰ শিৰৰ ভূষন স্বৰূপ।
শেহতীয়াকৈ অসমৰ সমাজ জীৱনক জোকাৰি যোৱা গৰুখুটীৰ কৃষি প্ৰকল্পৰ বাবে ধলপুৰ চৰত হোৱা উচ্ছেদ অভিযানত গুলী চালনাত তিনিজনকৈ চৰাঞ্চলৰ লোকৰ মৃত্যু আৰু চৰাঞ্চলৰ উত্তেজিত ৰাইজৰ আক্ৰমনত এগৰাকী আৰক্ষী বিষয়াৰ লগতে কেনো আৰক্ষীৰ লোক আঘাত প্ৰাপ্ত হোৱা পৰিঘটনাৰ লগত মানবতাৰ প্ৰশ্ন জৰিত কৰি অসম আন্দোলনৰ সময়ত ধলপুৰত সংঘৰ্ষত হোৱা আঠ জন শ্বহীদ সম্পৰ্কত বাঘবৰ বিধান সভা সমষ্টিৰ বিধান শ্বেৰমান আলি আহমেদে অসৌজন্যতামূলক আৰু অসন্মানজনক মন্তব্য কৰা দৃষ্টিগোচৰ হৈছে। অৱশ্যে অসমৰ বিভিন্ন দল , সংগঠনৰ প্ৰতিক্ৰিয়া দেখি বিধায়ক গৰাকীয়ে ফেচবুক লাইভ যোগে অসমৰ ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰে।
দোষ কৰা আৰু ক্ষমা প্ৰাৰ্থনা বিচৰা ডাঙৰ কথা নহয়। ধনুৰ পৰা ওলাই যোৱা কাড় যিদৰে ঘুৰি নাহে ঠিক সেই দৰে মুখৰ পৰা ওলাই যোৱা বচনো পুনৰ ঘুৰি নাহে। জিভাৰ পিছল খালে এটি শব্দৰ ওলট পালট হ’ব পাৰে কিন্তু এটি দীঘলীয়া বক্তব্য মুখৰ পৰা নোলায়। অসম আন্দোলনৰ শ্বহীদক হত্যাকাৰী আখ্যা দি অসমীয়া সমাজ জীৱনৰ আবেগত তীক্ষ্ণ আঘাত হনা শ্বেৰমান আলি আহমেদ সঁচাকৈয়ে এগৰাকী বিতৰ্কিত ব্যক্তি। কিছুমান নোহিৱা নোপোজা বিষয় উপস্থাপনেৰে পৰৱৰ্তী বিধান সভাৰ নিৰ্বাচনৰ বাবে বাঘবৰ সমষ্টিৰ সংখ্যালঘু ভোটাৰ সকলক ধৰি ৰখাই বিধায়ক গৰাকীৰ একমাত্ৰ উদ্দেশ্য।
বিধায়ক শ্বেৰমান আলি আহমেদে কিছুদিন পূৰ্বে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰি তাত লুঙী , টুপি ইত্যাদি সংৰক্ষিত কৰি ৰখাৰ পোষকতা কৰিছিল। তাকো স্থান নিৰ্বাচন কৰাৰ পৰামৰ্শ দিছিল গুৱাহাটীৰ কলা ক্ষেত্ৰৰ চৌহদৰ ভিতৰত। লুঙী , টুপি ইত্যাদি কেৱল মিঞা মুছলমান সকলৰ পৰিধেন্য নহয়। এইবোৰ অসমৰ খিলঞ্জীয়া মুছলমান সকলেও ঘৰুৱা পৰিবেশত পৰিধান কৰে। লগতে সংৰক্ষন কৰা সামগ্ৰীবোৰ সংশ্লিষ্ট লোকসমাজত নোহোৱা হোৱাৰ পৰিস্থিতি হ’লেহে সেইবোৰ সংৰক্ষনৰ কথা আহে। টুপি সকলো প্ৰকাৰ মুছলমানে প্ৰাৰ্থনা বিশেষকৈ নমাজ আদায় কৰোতে মুৰত পিন্ধি লয়। সাম্প্ৰতিক সময়তো এনে নিত্য ব্যবহাৰ্য সামগ্ৰীবোৰ সংৰক্ষন কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰা নাই।অসমৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা , প্ৰাক্তন বিধায়ক শিলাদিত্য দেবৰ মুখৰ পৰা যেনেদৰে মুছলমান বিদ্বেষী মন্তব্য যিকোনো মুহূৰ্তত সুলভ , ঠিক একেদৰে বিধায়ক শ্বেৰমান আলি আহমেদৰ মুখৰ পৰাও কেৱল অসমৰ মিঞা জনগোষ্ঠীটোৰ সম্পৰ্কৰ মন্তব্যহে সুলভ।
মিঞা জনগোষ্ঠীৰ জনসংখ্যাৰ গাঠনিৰ বাবেই অসমৰ বহুকেইটি বিধান সভা সমষ্টিত মিঞা জনগোষ্ঠীৰ অৰ্থাৎ বাংলাদেশী মূলৰ বিধায়কৰ দপ্ দপনি চলি আছে। তথ্যমতে অসমত প্ৰায় ৪৫ লাখ খিলঞ্জীয়া মুছলমানৰ বসতি থকাৰ পিছতো বিধান সভা সমষ্টি বোৰত থকা জনসংখ্যাৰ নেতিবাচক গাঁঠনিৰ বাবেই অসমৰ বিধান সভাত আজিৰ দিনটোত এগৰাকীও খিলঞ্জীয়া মুছলমানৰ বিধায়ক নাই।
অসমত অবৈধ নাগৰিকৰ সমস্যাৰ সৈতে খিলঞ্জীয়া মুছলমান সকল জৰিত নহয়। ইং ১৯৩৫ চনৰ পৰা কৃষি কৰ্মত নিয়োজিত কৰিবলৈ অসমৰ প্ৰধানমন্ত্ৰী চাৰ চৈয়দ চাদুল্লাৰ পৃষ্ঠপোষকতাত আমদানিকৃত বাংলাদেশমূলীয় মিঞা মুছলমান জনগোষ্ঠীটি জৰিত হৈ আছে। অতি সাধাৰনকৈ বুজি পাবলৈ হ’লে অসম চুক্তি অনুযায়ী ইং ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছতো অসমলৈ বাংলাদেশৰ পৰা অবৈধভাবে প্ৰবজন কৰা লোকসকল অসমৰ অবৈধ নাগৰিক হিচাপে চিনাক্তকৰন হৈছে। কিন্তু উক্ত নিৰ্দিষ্ট সময় সীমাৰ পিছত অহা অবৈধ বাংলাদেশী মিঞা লোক সকলো পূৰ্বৰ বৈধ সকলৰ লগত চামিল হৈ যোৱাত এটি অভাবনীয় সমস্যাৰ সৃষ্টি অসমত বিৰাজ কৰি আছে।
অসম চুক্তিত স্বাক্ষৰ হোৱাৰ পূৰ্বে হোৱা ছ বছৰীয়া অসম আন্দোলনত অসমৰ ৮৫৫ গৰাকী ডেকা শ্বহীদ হৈছিল। তাতে ভিতৰত ৮ গৰাকী দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰত শ্বহীদ হৈছিল। তাতে ভিতৰৰ এগৰাকীৰ নাম আছিলশ্বহীদ দয়া শৰ্মা। এই শ্বহীদ গৰাকী অসমৰ প্ৰাক্তন ৰাজহমন্ত্ৰী ডঃ জয়নাথ শৰ্মাৰ ভাতৃ আছিল। ডঃ জয়নাথ শৰ্মাই এটি নিউজ চেনেলত দিয়া সাক্ষাৎকাৰৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বিধায়ক শ্বেৰমান আলিয়ে পোনপটীয়াকৈ শ্বহীদ দয়া শৰ্মাৰ লগতে অসম আন্দোলনৰ শ্বহীদ সকলক হত্যাকাৰী বুলি মন্তব্য কৰিছিল। অসম আন্দোলনত হোৱা শ্বহীদ সকলক হত্যাকাৰী বুলি আখ্যা দিয়া বিধায়ক শ্বেৰমান আলি আহমেদৰ ভিতৰৰ অসমীয়াজন অসমীয়া বুলি কোনো কাৰনতেই পতিয়ন যাব নোৱাৰি। উচিত কথাটো হৈছে বিধায়ক শ্বেৰমান আলি আহমেদে অসম খনক বাঘবৰ বিধান সভা সমষ্টিৰ বৃহৎ তাঙৰন বুলি ভাবিছে। এটি কথা ঠিক যে অসমৰ সমাজ জীৱনত মিঞা মুছলমান সকলৰো অৰিহনা আছে। স্বাধীনতা সংগ্ৰাম , ভাষা আন্দোলন আৰু অসম আন্দোলন আদিত মিঞা জনগোষ্ঠীৰ লোকো শ্বহীদ হৈছে। সেই সকল কিন্তু বুঢ়া লুইতৰ বুকুত চৰ-চাপৰি নতুনকৈ গঢ়ি উঠিলেই পৰিয়াল সহ টালি টোপোলালৈ গৈ এখনি চালি কৰি লৈ বসবাস আৰম্ভ কৰা সকলৰ ভিতৰৰ পৰা নহয়।
চৰাঞ্চলৰ জনজীৱনত বেয়াকৈ প্ৰভাবিত কৰা বিষয় দুটি হৈছে নিৰক্ষৰ লোক সকলৰ দেৱানীৰাজ আৰু শিক্ষিত লোক সকলৰ দালালিৰাজ।এনে লোক সকলক মুলধন হিচাপে লৈ বিধায়ক শ্বেৰমান আলি আহমেদে ৰাজনৈতিক ক্ষমতা দখল কৰি আছে যেন ধাৰনা হৈছে।সেই কাৰনেই হয়তু শ্বেৰমান আলি আহমেদে শ্বহীদৰ আত্ম বলিদানক ভেঙুচালি কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।
চৰাঞ্চলত হোৱা উচ্ছদক লৈ সৰব হোৱা বিধায়ক শ্বেৰমান আলি আহমেদে কংগ্ৰেছে অসম শাসন কৰা শেহৰ পোন্ধৰ বছৰীয়া নিৰৱতাৰ ফল হ’ল এই উচ্ছেদ অভিযান। সম্প্ৰতি বি জে পি চৰকাৰে কাৰ্যকৰীকৰন কৰা উচ্ছেদ অভিযানে অবৈধ নাগৰিকৰ বিষয়টোক সমাধানৰ পথলৈ গৈছে। সেই কাৰনেই ইং ১৯৮৫ চনৰ পৰা কেৱল ভোটৰ ৰাজনীতিৰ বাবে প্ৰয়োগ কৰি অহা, এই অবৈধ নাগৰিকৰ বিষয়টিৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰনি পাৰ হোৱা অংকত জৰিত ৰাজনৈতিক নেতা সকলে পাগলৰ প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে।
কংগ্ৰেছ চৰকাৰৰ দিনতে অসম চৰকাৰে চৰ উন্নয়ন বিভাগ নামেৰে এটি বিভাগ খুলি চৰাঞ্চলৰ উন্নয়নৰ নামত ভেকোভাওনা কৰি ধনৰ শৰাধ কৰা বিষয়ে অসমৰ ৰাইজ বাৰুকৈয়ে অবগত।সম্প্ৰতি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা ইতিবাচক ভূমিকাত বিধায়ক শ্বেৰমান আলি আহমেদৰ দৰে বিধায়ক আৰু ৰাজনৈতিক নেতা সকল নিশ্চয় অসন্তুষ্ট হৈছে।
অসমৰ খিলঞ্জীয়া ভুমিপুত্ৰ সকল সাবধান হ’বৰ হ’ল অনাগত দিনবোৰত যাতে শ্বহীদৰ কেচা তেজৰ বলিদানক লৈ কোনেও আঙুলি টোৱাই ভেঙুচালি বা তুচ্ছ তাচ্ছিল্য কৰিবলৈ সাহস কৰিব নোৱাৰে।কাৰন শ্বহীদৰ বলিদান অসমীয়া জাতীয় জীৱনৰ বাবে মৌকোঁহ স্বৰূপ।
কবি হেম বৰুৱাৰ ভাষাত-
“যি মৃত্যুৱে দহক জীৱন দিয়ে
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।”