শোণিতপুৰ জিলাত ৬ খন আদৰ্শ বিদ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 

pc facebook

শোণিতপুৰ জিলাত ৬ খন আদৰ্শ বিদ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাত ৬ খন আদৰ্শ বিদ্যালয় উদ্বোধন কৰে। প্ৰথমতে তেওঁ তেজপুৰ- ঘগৰা আৰু ৰূপাজুলি চাহ বাগিচাত দুখন আদর্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। সোনাজুলি, নাহাৰানী আৰু ফুলবাৰী চাহ বাগিচাৰ আন বিদ্যালয়সমূহো তেওঁ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মোৰ আশা আৰু বিশ্বাস আছে যে এই বিদ্যালয়সমূহত উন্নতমানৰ শিক্ষা লাভ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ তথা অসমৰ নাম উজ্জ্বল কৰিব। আমাৰ বাবে এয়া এক আশাৰ বতৰা যে ৯৬টা চাহ বাগিচা এলেকাত নৱনিৰ্মিত এই আদর্শ বিদ্যালয়কেইখনত এইপর্যন্ত ১৪,৫৯৪গৰাকী ছাত্র-ছাত্রীয়ে নামভৰ্তি কৰিছে। তেওঁৰ লগতে এই অনুষ্ঠানসমূহত মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱলোচন দাস,  বিধায়ক কৃষ্ণকমল তাঁতী, পৃথিৰাজ ৰাভা, গণেশ লিম্বু, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অসম পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র ছাত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত আছিল।