শেষ উপহাৰ – সবিতা বেগম

শেষ উপহাৰ
সবিতা বেগম, বৰপেটা
ৰিয়ানৰ হাঁহিটোৱেই মোক হতাশাৰ মেঘ দূৰ কৰি কষ্টৰ পাহাৰ বগাই জীয়াই থকাৰ শেষ সপোন দেখুৱায়। ৰিয়ান ডাঙৰ হ’ল , কথাত একেবাৰেই নোৱাৰোঁ , এ,বি,ছি,ডি ,  অ,আ,ক,খ মাতিব পাৰে, কোনে পায় তেওঁক ,  এইবাৰ স্কুলত নাম ভৰ্তি কৰাই দিলোঁ। দেৱালত আঁৰি থোৱা সেনা বাহিনীৰ ফটোবোৰ চাই চাই সেনা বাহিনীৰ সপোনত নিমজ্জিত হয় ৰিয়ান , আৰু অহৰহ প্ৰশ্ন দেউতাকৰ নামত আৰু মোৰ বগা সাজ যোৰৰ ওপৰত । যদিও কেতিয়াবা মই গহনা বিহীন বগা শাৰী , উকা কপালখন ,দাপোনত চাই চিঞৰি উঠোঁ , কেতিয়াবা আকৌ গৰ্বত বুকু ফুলি উঠে।বহুত বাধা – বিঘিনি পাৰ কৰি সফল হ’ল দুয়োৰে তিনি বছৰীয়া প্ৰেম। অন্ত পৰিল অপেক্ষাৰ…। হিংসা কৰিলে সময় , কালচকুৰ অভিশাপ পৰিল আমাৰ দুয়োৰে সম্পৰ্কত , সপ্তাহ নহওঁতেই গালৱান সীমান্তত আক্ৰমণ হ’ল শত্ৰু সেনাৰ , দেশ মাতৃৰ ৰক্ষাৰ্থে ওলাই পৰিল ৰিয়ানৰ দেউতাক আৰিয়ান। দেশ মাতৃৰ ৰক্ষাৰ্থে শেষ ৰক্ত বিন্দুৰে যুঁজি যুঁজি হাঁহি মুখে আহুতি দি গ’ল প্ৰান। যাওঁতে কৈ গৈছিল– “মোৰ শেষ উপহাৰ সদায় ভাল দৰে ৰাখিবা, মই জানো মোৰ পুত্ৰ সন্তান হ’ব, তেওঁক তুমি দেশ মাতৃক সন্মান কৰাৰ শিক্ষা আৰু জাতীয় পতাকাৰ মূল্যবোধ বুজাবা ।  মই সদায় আছোঁ আৰু তোমালোকৰ সৈতে সদায় থাকিম …। “