শুচিব্ৰতা ৰায়চৌধুৰী সমাজসেৱা বঁটা প্ৰদান

শুচিব্ৰতা ৰায়চৌধুৰী সমাজসেৱা বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ প্ৰথম মহিলা দণ্ডাধীশ, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জ্যেষ্ঠা কন্যা শুচিব্ৰতা ৰায়চৌধুৰীৰ স্মৃতি দিৱস উপলক্ষে গ্ৰাম্য বিকাশ মঞ্চক দীনবান্ধৱী শুচিব্ৰতা ৰায়চৌধুৰী সমাজসেৱা বঁটা প্ৰদান কৰা হয়।গুৱাহাটীৰ পাথৰ কোৱেৰীত থকা অম্বিকাগিৰী স্মাৰক বৃদ্ধাৱাস “আমাৰ ঘৰ”ত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰী। শুচিব্ৰতা ৰায়চৌধুৰীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্বলনৰ পাছত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ অৰ্ণৱজ্যোতি নাথৰ বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে অম্বিকাগিৰী স্মাৰক ন্যাস সমিতিৰ সভাপতি বিশ্ব দত্তই। ন্যাস সমিতিৰ মুখ্য ন্যাসৰক্ষী যুগব্ৰতা দত্তই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত ন্যাসৰ সদস্যা, অধ্যাপিকা জয়শ্ৰী বৰাই শুচিব্ৰতা ৰায়চৌধুৰীৰ জীৱন আৰু দৰ্শন সম্পৰ্কে চমুকৈ কয়। দিলীপ কুমাৰ দত্তচৌধুৰীয়ে মুখ্য অতিথিৰ চিনাকি দিয়াৰ পাছত তেওঁক সম্বৰ্দ্ধনা জনোৱা হয়। মুখ্য অতিথি ধীৰেশ নাৰায়ণ চৌধুৰীয়ে তেওঁৰ ভাষণত শুচিব্ৰতা ৰায়চৌধুৰীৰ লগতে অম্বিকাগিৰী ৰায়চৌধুৰীৰো স্মৃতিচাৰণ কৰে।মুখ্য অতিথিৰ ভাষণৰ পাছতে বঁটা প্ৰদান আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সম্বৰ্দ্ধনা পত্ৰ পাঠ কৰে তড়িৎৰেখা দত্তই। অনুষ্ঠানত গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বীভূষণ ডেকা, সম্পাদক দিবাকৰ ডেকা আৰু বাগৰুম্বা উইভিং চেন্টাৰৰ পদ্মা বড়োক সম্বৰ্দ্ধনা জনোৱা হয়। বঁটা প্ৰাপক অনুষ্ঠানটিৰ সভাপতি পৃথ্বীভূষণ ডেকাই তেওঁৰ ভাষণত গ্ৰাম্য বিকাশ মঞ্চই হাতত লোৱা বিভিন্ন কাম-কাজৰ বিষয়ে চমুকৈ কোৱাৰ লগতে দীনবান্ধৱী শুচিব্ৰতা ৰায়চৌধুৰী সমাজসেৱা বঁটা লাভ কৰাৰ ফলত তেওঁলোকে সমাজসেৱাত আত্মনিয়োগ কৰিবলৈ উৎসাহিত হ’ব বুলি উল্লেখ কৰে। বিশিষ্ট অতিথিৰ অনুৰোধ মৰ্মে অপৰাজিতা দত্তই অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘তুমি’ কবিতাটো আবৃত্তি কৰে। আনহাতে, বৰবাৰী লেখিকা সন্থাৰ সদস্যা সকলে শুচিব্ৰতা ৰায়চৌধুৰী ৰচিত এটি গীত পৰিৱেশন কৰে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অম্বিকাগিৰী স্মাৰক ন্যাসৰ ন্যাসৰক্ষী তথা ন্যাস সমিতিৰ সাধাৰণ সম্পাদিকা ছন্দৰেখা দত্তই।সভাত ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।