শীতৰ নিশা
শীতৰ সেই সেমেকা অথচ জীপাল নিশা
কিয় নমাই আনিলে ভাল পোৱাৰ অমানিশা !!
তুমি চাগে মোক ভাল পোৱা কেতিয়াও নাছিলা
চাগে মই তোমাৰ হৃদয়ত কেতিয়াও নাছিলোঁ?
উভতি বহু আহিব তোমাৰ হাত ধৰিব
কিন্তু মোৰ দৰে কিন্তু কোনেও ধৰিব নোৱাৰিব..।।
বুকুৰ উমান আৰু ভালপোৱা ইমান
ভাবিছিলো যে আৰু কিমান!!
মই হেৰাই যাম , এই মায়াৰ পৃথিৱীত এদিন
কিন্তু মই সদায় হৈ ৰম তোমাৰ প্ৰতিদিন।।
দ্বীপ জ্যোতি ৰয়