শীতকাল – মুহাম্মাদ আফজাল 

PC - Wallpapers.com
শীতকাল (Winter Season) 
মুহাম্মাদ আফজাল,
মৈৰাবাৰী, মৰিগাঁও
পুৰণিক নতুনকৈ সজালে কোনে?
নগ্নতা ঢাকি আবুৰ পিন্ধালে কোনে?
ঘন কুঁৱলীৰ আমেজ দিলে কোনে?
ঢেঁকীশালত মা-ভনীহঁতক পিঠা খুন্দালে কোনে?
জুহালত ডেকা-বুঢ়াক এক কৰিলে কোনে?
মইনাহঁতক বনভোজ খুৱালে কোনে?
কোনে, কোনে, কোনে?
প্ৰকৃতিৰ এই সাঁথৰ ভাঙিব পাৰিবানে?
এৰা! শীতকালে!
সভ্যতাৰ ঋতু প্ৰিয় শীতকালে!
হাড় কঁপোৱা জাৰতো আইতাই
এনেকৈ মাজতে মাত লগাই
ককাৰ খুহুতীয়া সাঁথৰ ভাঙে টপৰাই।