শীঘ্ৰে গ্ৰেছ মাৰ্কপ্ৰাপ্ত ১,২৯৮গৰাকী টেট শিক্ষকক নিযুক্তি

শীঘ্ৰে গ্ৰেছ মাৰ্কপ্ৰাপ্ত ১,২৯৮গৰাকী টেট শিক্ষকক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে চৰকাৰে এক লাখৰো অধিক পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিছে। পুনৰ ১০ হাজাৰ নিযুক্তি বিভিন্ন বিভাগত প্ৰদান কৰা হ’ব। ২৩ ছেপ্টেম্বৰত পুনৰ বৃহৎ নিযুক্তি দিয়া হ’ব আৰু প্ৰায় ৪,৭১৭ জন শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে। ১,২৯৮গৰাকী টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় যে এই বিষয়টো সন্দৰ্ভত গোচৰ আছে যদিও উচ্চ ন্যায়ালয়ে দিয়া বাধা আঁতৰোৱা হৈছে। ২৩ তাৰিখে ১,২৯৮গৰাকী গ্ৰেছমাৰ্ক প্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। পাঠদানৰ ক্ষেত্ৰত শিক্ষকৰ অভাৱৰ বাবে এই নিযুক্তি সোনকালে লোৱা হ’ব। এই নিযুক্তি চৰ্তসাপেক্ষ হ’ব। ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্তও চৰকাৰে পালন কৰিব। ”২০১১ৰ পৰা বৰ্তমানলৈ ২ লাখতকৈ অধিক শিক্ষকৰ নিযুক্তি হৈছে। পূৰ্বে ইমান কম সময়ৰ ভিতৰত ইমান নিযুক্তি হোৱা নাছিল। এই সন্দৰ্ভত শিক্ষা বিভাগৰ এখন শ্বেতপত্ৰ দুমাহৰ ভিতৰত মুকলি কৰা হ’ব।” বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে ৭১২গৰাকী কলেজ শিক্ষককো নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশ কৰে।