শিষ্টাচাৰ
জৰ্জ ৱাশ্বিংটন যেতিয়া আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল , সেই সময়ত আমেৰিকাত নিগ্ৰোবিলাকক গৰু – ম’হৰ দৰে বেচা – কিনাৰ নিয়ম আছিল ৷ তেওঁলোকক ভাল চকুৰে চোৱা নাছিল ৷
এদিন বন্ধু এজনৰ লগত ৱাশ্বিংটন ফুৰিবলৈ যাওঁতে বাটতে নিগ্ৰো এজনৰ মুখামুখি হ’ল ৷ সেই দেশৰ নিয়ম মতে নিগ্ৰোজনে কাষতে ৰাষ্ট্ৰপতিক দেখি লগে লগে টুপী খুলি নমস্কাৰ জনালে ৷ ৱাশ্বিংটনেও টুপী খুলি নিগ্ৰোজনক প্ৰতি নমস্কাৰ জনালে ৷ ৰাষ্ট্ৰপতিৰ বন্ধুজনে আচৰিত হৈ ক’লে , “ এই গোলামটোক এনেদৰে নমস্কাৰ জনাব লাগে নে ? মই ভালপোৱা নাই ৷ “ বন্ধুৰ কথা শুনি ৱাশ্বিংটনে হাঁহি মাৰি ক’লে , “ নিগ্ৰোজনে প্ৰকৃততে মোক তেওঁৰ শিষ্টাচাৰ দেখুৱাইছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিজন শিষ্টাচাৰৰ ক্ষেত্ৰত নিগ্ৰোজনতকৈ হীন হোৱাটো আপুনি বিচাৰে নেকি ? “
– অঞ্জুমণি শইকীয়া
যোৰহাট , মালৌ- আলি ( তিনি আলি )
১০ মাৰ্চ , ২০২২ বৰ্ষ