শিশু অধিকাৰ বিষয়ত আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ

শিশু অধিকাৰ বিষয়ত আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত শিশু অধিকাৰ বিষয় সন্দৰ্ভত লক্ষীমপুৰ , ধেমাজি , ডিব্ৰুগড় , তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু শিশু কল্যাণ আৰক্ষী বিষয়াৰ বাবে আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়৷ আয়োগৰ পৰামৰ্শদাতা দিব্যজ্যেতি শৰ্মাই আঁত ধৰা আৰু আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতিয়ে সভাপতিত্ব কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে উন্মোচন কৰা হয়৷ আয়োগৰ পৰামৰ্শদাতা মৃদস্মিতা দত্তই অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু শিশু অধিকাৰ সুৰক্ষা প্ৰণালীৰ বিষয়ে ব্যাখ্যা কৰে । ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া আৰু ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতংক মিশ্রয়ে অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্রদান কৰে৷অনুষ্ঠানটিৰ প্ৰথম কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাবে ড° প্রসেনজিৎ বৰকাকতি, দ্বিতীয় গৰাকী সমল ব্যক্তি আৰক্ষী অধীক্ষক ( মুখ্য মন্ত্রী বিশেষ তদাৰকী কোষ )ড° ৰ’জি কলিতা, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা ড° পিলু হাজৰিকাই অনুষ্ঠানটিৰ তৃতীয় কাৰিকৰী সত্ৰত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি বিশদভাষে ব্যাখ্যা কৰে৷ উক্ত প্রশিক্ষণ কার্যসূচীত লক্ষীমপুৰ , ধেমাজি , ডিব্ৰুগড় , তিনিচুকীয়া আৰু শৰাইদেউ জিলাৰ পৰা প্ৰায় ১১৫ গৰাকী শিক্ষক – শিক্ষয়িত্ৰী আৰু আৰক্ষী বিষয়া উপস্থিত থাকি মত – বিনিময় কৰে ৷ শেষত শলাগৰ শৰাই আগবঢ়াযই আয়োগৰ পৰামৰ্শদাতা খগেন কলিতাই ।