” শিশুৰ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা “
বৰ্তমান সময়ত শিশুৰ নৈতিক শিক্ষাৰ খুবেই প্ৰয়োজন হৈ পৰিছে। এই নৈতিক শিক্ষা আমি সাধাৰণতে ঘৰখন তথা বিদ্যালয়ৰ জৰিয়তে দিব পাৰোঁ । জন্মতে নৱজাত শিশুটি এটি চেতনাহীন জীৱ। তাৰ নৈতিক জ্ঞান সেইসময়ত সুপ্ত হৈ থাকে। শিশুটিয়ে সেই সময়ত ভবা-চিন্তা , যুক্তি – তৰ্ক আদি একো কৰিব নোৱাৰে। তাৰ আচৰণ সমূহ আন আন জীৱ – জন্তুৰ দৰেই প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত । লাহে লাহে শিশুটি ডাঙৰ হয় আৰু এখন সমাজত বসবাস কৰিবলৈ লয় । সমাজত সি বিভিন্ন লোকৰ সংস্পৰ্শ আৰু পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগে লগে সূখ – দূখ , আবেগ- অনুভূতি আদি অভিজ্ঞতাৰ যোগেদি শিশুটিয়ে নৈতিক চেতনা বা নৈতিক জ্ঞান লাভ কৰি উঠে । গতিকে শিশুৰ নৈতিক জ্ঞান শিক্ষালদ্ধ । শিশুসকলক মাক – দেউতাকে ঘৰুৱা পৰিবেশত যিমান খিনি পাৰে সিমানখিনি নৈতিক শিক্ষা দিয়ে । কিন্তু সেই শিক্ষাই যথেষ্ঠ নহয়, সিহঁতে কিছু পৰিমাণেহে গ্ৰহণ কৰে সেই শিক্ষা । আজিকালি এনেকোৱা দিন আহিছে যে, জেষ্ঠজনে ভাল উপদেশ দিলে ল’ৰা ছোৱালীয়ে বেয়া বুলিহে গণ্য কৰে। বহুতো শিশুৱে জেষ্ঠ জনক আজিকালি সন্মান নকৰা হৈছে আৰু কিছু ক্ষেত্ৰত তেওঁলোক অপদস্থ হব লগাও হৈছে । গতিকে শিশুৰ এই অনৈতিক গুণসমূহ দুৰ কৰাৰ বাবে সুস্থ – সুন্দৰ নৈতিকতাপূৰ্ণ গৃহ , সামাজিক পৰিবেশ আৰু শিক্ষা পৰিবেশৰ খুবেই প্ৰয়োজন। বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত প্ৰাৰ্থনা , গীত – মাত , ধৰ্মীয় কথা , মহৎ লোকৰ বাণী আৰু খেলা – ধূলা আদিৰ মাজেৰে শিশুক নৈতিক শিক্ষা দিব পাৰি । শিক্ষক সকলে শিশুসকলক “সত্যৰ সদায় জয় ” আৰু অসত্যৰ পৰাজয়” এই ধৰণৰ নৈতিক শিক্ষা দিব লাগে। লগতে অনক হিংসা নকৰিবা , সকলোকে সমান জ্ঞান কৰিবা , বেয়া চকুৰে নাচাবা , বেয়া কথা নকবা আৰু পাপ কামৰ পৰা বিৰত থাকিবা আদি নৈতিক শিক্ষা শিক্ষকসকলে শিশুসকলক বিদ্যালয়ত দিব লাগে। এনেবোৰ শিক্ষাই হৈছে নৈতিক শিক্ষা । এই শিক্ষাৰ অভাৱত বৰ্তমান বহুত শিশু ধ্বংসৰ পথলৈ গতি কৰিছে ।যাৰ ফলত দেশত কটা-মৰা , হিংসা – হিংসী আদিৰ সৃষ্টি হৈছে। মানুহে মানুহক মাৰিবলৈ ভয় নকৰা হৈছে । ভবা চিন্তা কৰাৰ গুণ লাহে লাহে নাইকীয়া হৈ গৈছে । আমি এই অনৈতিক গুণ সমূহ নৈতিক শিক্ষাৰ জৰিয়তে আঁতৰাব লাগিব । গতিকে , বৰ্তমান যুগত আমাৰ নৈতিক শিক্ষাৰ খুবেই প্ৰয়োজন হৈ পৰিছে । এই শিক্ষা শিশুসকলক প্ৰাথমিক স্তৰতে দিলে পিতৃ-মাতৃ তথা জনসাধাৰণ যথেষ্ঠ পৰিমানে উপকৃত হ’ব । জনসাধাৰণ বা সমাজেও যিমান পাৰে সিমান শিশুক নৈতিক শিক্ষা দিব লাগে। কাৰণ ” আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত” গতিকে এই কথা মনত ৰাখি শিশুসকলক সুপথে পৰিচালিত হ’বলৈ ভাল শিক্ষা তথা নৈতিক শিক্ষা দিব লাগে। এয়াই আমাৰ প্ৰধান কাম্য ।
হিমাদ্ৰী বৰকটকী
শিৱনগৰ , নগাঁও