শিলসাঁকো বিলত পুনৰ উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ প্ৰশাসনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই বেদখলকাৰীৰ কবলত পৰি ক্ৰমাৎ নিশ্চিহ্ন হ’বলৈ ধৰা মহানগৰীৰ শিলসাঁকো বিলক নতুন ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে। অলপতে শিলসাঁকো বিলত অবৈধ দখলকাৰীক প্রশাসনে উচ্ছেদ চলোৱাক লৈ বিভিন্ন দল সংগঠনে প্রতিক্রিয়া ব্যক্ত কৰাৰ মাজতে পুনৰ শিলসাঁকো বিলত প্রশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিলসাঁকো বিলৰ পাৰত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে। তেওঁ কয় যে শীঘ্ৰেই শিলসাঁকোৰ ৪০০-৫০০ বিঘা ভূমি বেদখলমুক্ত কৰা হ’ব। প্ৰতিকূল পৰিৱেশৰ বাবেই উচ্ছেদ কাৰ্য স্থগিত ৰাখিবলৈ দিয়া হৈছে যদিও বতৰ ভাল হৈ আহিলে উচ্ছেদ কৰা হ’ব। শিলসাঁকো বিলত নতুন মাত্ৰা দিয়াৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই সদৰী কৰে। তেওঁ কয় যে শিলসাঁকো বিলক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ’ব। বিলৰ দুয়োকাষে যান বাহন চলাচল কৰিব পৰাকৈ পথ নিৰ্মাণ কৰাৰ উপৰি গছপুলি ৰোপণ কৰাৰ লগতে কেইবাটাও নাছাৰী আৰু উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি শিলসাঁকো বিলত এক বৃহৎ ‘ৱাটাৰ ৰিজাৰ্ভাৰ’ নিৰ্মাণ কৰা হ’ব। এই ৱাটাৰ ৰিজাৰ্ভাৰত ৩৫ লাখ চি এম পানী জমা কৰি ৰখাৰ পৰিকল্পনা কৰা হৈছে। কৃত্ৰিম বানে যাতে বাট-পথ বুৰাই পেলাব নোৱাৰে তাৰ বাবে জি এম ডি এই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বৈ অহা পানী শিলসাঁকোৰ বুকেৱেদি বোন্দাজান হৈ ব্ৰহ্মপুত্ৰত পেলাবলৈ জি এম ডি এ কর্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।