শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম

Pc The Janambhumi

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম

ৰঙিলী বাৰ্ত্তাসেৱা-  অন্য বৃত্তিত নিয়োজিত হৈ কেৱল উপাৰ্জনৰ পাছত দৌৰা একাংশ শিক্ষকৰ বাবে চৰকাৰী বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।জিলাই জিলাই এল আই চিৰ এজেণ্ট, সাংবাদিক, ৰাজনৈতিক দলৰ বিষয়ববীয়া আদি বিভিন্ন কামত জড়িত হৈ আহিছে বহু শিক্ষক।একাংশ শিক্ষকে সাংবাদিক হোৱাৰ দোহাই দি তথা আন একাংশই ৰাজনৈতিক নেতাৰ আশিসধন্য হোৱাৰ সুবাদত প্ৰায়েই বিদ্যালয়ত অনুপস্থিত থাকে।শ্ৰেণীকোঠাত পাঠদানক পিঠি দি অন্য বৃত্তিত জড়িত ৰাজ্যৰ মাধ্যমিক শিক্ষকৰ তালিকা ২৫ জুনৰ ভিতৰত জমা দিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে।ইতিমধ্যে শ্ৰেণীকোঠাত পাঠদানক পিঠি দি এল আই চিৰ এজেণ্ট হিচাপে কৰ্মৰত ১১ জন সহকাৰী শিক্ষকলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।অন্য বৃত্তি বাধ্যতামূলকভাৱে বাদ দিব লাগিব এইসকল শিক্ষকে।এইসকল শিক্ষকৰ শাস্তিমূলক বদলিও হ’ব পাৰে বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম৷ৰঙিয়াৰ হৰদত্ত বীৰদত্ত হাইস্কুলৰ নৱজ্যোতি চক্ৰৱৰ্তী৷পুঠিমাৰীৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰুণ চন্দ্ৰ কলিতা।তামুলপুৰ ছোৱালী হাইস্কুলৰ দীপাংকৰ চক্ৰৱৰ্তী।গোৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ তৰুণ চন্দ্ৰ বড়ো।মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ধনেশ্বৰ বসুমতাৰী।দেউলকুছি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ লোহিত চন্দ্ৰ কলিতা। বাৰঘুলি নেহৰু হাইস্কুলৰ নূৰ মহম্মদ চৌধুৰী।দৌংগাবাৰু বি এম হাইস্কুলৰ নলিনী কুমাৰ দাস।গান্ধীবাৰী হাইস্কুলৰ ধীৰেন চৌধুৰী।লতিবাৰী হাইস্কুলৰ জয়ন্ত নাৰায়ণ কোঁৱৰ।বতিয়ামাৰী হাইস্কুলৰ মুকুল ৰাজবংশী।