শিক্ষা আহৰণৰ ক্ষেত্ৰত পৰিবেশ, পৰিস্থিতিৰ ভূমিকা
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আচলতে শিক্ষাৰ কোনো এক নিৰ্দিষ্ট সংজ্ঞা নাই। অৰ্থাৎ এক কথাত কবলৈ হ’লে যিকোনো মাধ্যমৰ জৰিয়তে অৰ্জন কৰা বা আহৰণ কৰা জ্ঞান বা দক্ষতা সমূহকে শিক্ষা বুলি গণ্য কৰিব পাৰি। কাৰণ মানৱ জীৱনত শিক্ষা আহৰণ কৰাৰ কোনো এক নিৰ্দিষ্ট সময় সীমা নাই। আমি জীবিত থকা অৱস্থালৈকে প্ৰতিজন মানুহৰে শিক্ষণ প্ৰক্ৰিয়া অহৰহ ভাবে চলিয়েই থাকিব। এতিয়া কথা হ’ল শিক্ষা আহৰণৰ ক্ষেত্ৰত পৰিবেশ,পৰিস্থিতিৰ ভূমিকা কিমান উল্লেখনীয়। কি সঁচাকৈ শিক্ষা আহৰণ ক্ষেত্ৰত আমাৰ পৰিবেশ, পৰিস্থিতি সমূহে বাধা উৎপন্ন কৰিব পাৰে নেকি ? মই বৰ্তমান সময়লৈকে আয়ত্ব কৰা জীৱন অভিজ্ঞতাৰ মতে, সচৰাচৰ প্ৰায় প্ৰতিজন মানুহে যিকোনো ধৰণৰ ভাল বা বেয়া পৰিবেশ আৰু পৰিস্থিতিতে শিক্ষা আহৰণ কৰিবলৈ সক্ষম হয়। কিন্তু সাধাৰণতে বেয়া পৰিবেশ, পৰিস্থিতি পৰি মানুহে বেছিকৈ বেয়া দিশলৈ গতি কৰিবলৈ অতি সহজ হৈ পৰে। আনহাতে ভাল পৰিবেশ, পৰিস্থিতিত পৰি মানুহ এজনে ভাল দিশলৈ গতি কৰাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি হোৱা দেখা যায়। তথাপিও আমি হয়তো সকলোৱে লক্ষ্য কৰিবলৈ সক্ষম হৈছোঁ যে,ভাল পৰিবেশ, পৰিস্থিতি পৰা ডাঙৰ দীঘল হোৱা লৰা-ছোৱালীবোৰো অতি সহজেই বেয়া দিশলৈ গতি কৰিছে। আনহাতে বেয়া পৰিবেশ,পৰিস্থিতি হোৱা স্বত্বেও কিছুমান মানুহে ভাল দিশত গতি কৰি বহু সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আচলতে আমি সকলোৱে গম পাওঁ যে,শিক্ষা আহৰণ কৰাৰ ক্ষেত্ৰত তেনে কোনো ধৰাবন্ধা সীমাৰেখা নাথাকে। গতিকে শিক্ষা আহৰণৰ ক্ষেত্ৰত পৰিবেশ, পৰিস্থিতিক দোষাৰোপ কৰি থকাটো কিমান গ্ৰহণযোগ্য বুলি বিবেচনা কৰে। এজন সাধাৰণ মানুহ আৰু প্ৰকৃত অৰ্থত এজন মানুহৰ মাজত বহু অন্তৰ অন্তৰ্নিহিত হৈ আছে। এজন সাধাৰণ মানুহ নিৰ্মাণৰ বাবে হয়তো আমাৰ পৰিবেশ আৰু পৰিস্থিতি সমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। কিন্তু প্ৰকৃত অৰ্থত এজন মানুহ নিৰ্মাণ হ’বলৈ হ’লে মানুহৰ ইচ্ছাশক্তি আৰু আন্তৰিক শক্তিবোৰোৰ ওপৰতহে বহু পৰিমাণে নিৰ্ভৰশীল। অৰ্থাৎ এজন ভাল মানুহ নিৰ্মাণৰ বাবে কেবল ভাল পৰিবেশ, পৰিস্থিতিতিৰে দৰকাৰ হয় তেনে কোনো ধৰাবন্ধা সীমাৰেখা নাথাকে। আমাৰ যদি ইচ্ছাশক্তি আৰু আন্তৰিক শক্তি বহু প্ৰৱল থকা তেন্তে আমি হয়তো বেয়া পৰিবেশ,পৰিস্থিতি মাজতো ভাল দিশবোৰ নিৰূপণ কৰিবলৈ সক্ষম হ’ম। সেয়েহে এজন উঠি অহা শিশু বা সন্তান এজনক এটা সময়সীমালৈকে পৰিবেশ, পৰিস্থিতিৰ বান্ধোনেৰে বান্ধি ৰাখিব পাৰি। কিন্তু আমাৰ মানৱৰ জীৱন প্ৰক্ৰিয়া একেবাৰে সন্তেকিয়া বা ইমানো চুটি নহয়। গতিকে আমাৰ উঠি অহা নৱপ্ৰজন্মক পৰিবেশ, পৰিস্থিতিৰ বান্ধোনেৰে বান্ধি ৰখাতকৈ নিজাকৈ কি ভাল বা কি বেয়াৰ অন্তৰ কৰিব পৰাকৈ ইচ্ছাশক্তি আৰু আন্তৰিক শক্তিবোৰ বিকশিত কৰিব পৰাকৈ শিক্ষা প্ৰদান কৰক । গতিকে অন্তিমত এটা কথাকে উল্লেখ কৰিছোঁ যে,প্ৰতিজন মানুহে ভাল দিশৰে ভাল,ভাল শিক্ষা আহৰণ কৰাৰ উপৰিও বেয়া দিশসমূহতো ভাল দিশবোৰ বিচাৰ কৰি কিদৰে নিজৰ উৎকৰ্ষ সাধন কৰিব পাৰি তাৰ জ্ঞান আয়ত্ত কৰা উচিত।