শিক্ষাৰ সামগ্ৰিক স্থিতি উন্নয়নৰ বাবে আমি কিদৰে চিন্তা কৰিব পাৰোঁ……
-মানসী মিশ্ৰ
সমাজত শৃংখলিত জীৱন ধাৰাৰ প্ৰৱৰ্তনৰ লগেলগেই প্ৰতিজন মানুহে নিশ্চয় শিক্ষাক উন্নয়নৰ, জীৱনৰ প্ৰগতিৰ এক মাপকাঠী বুলি ধৰা হৈছে । আনুষ্ঠানিক শিক্ষাৰ সেই সময়ত যদিও বিশেষ সম্প্ৰসাৰণ আৰু অগ্ৰগতি আজিৰ দৰে ইমান বিস্তৃত আৰু সুদুৰ প্ৰসাৰী হোৱা নাছিল তথাপিও জ্ঞানৰ অণ্বেষণ আৰু উত্তৰণৰ বাবে বেলেগ বেলেগ ধৰণে চেষ্টা কৰা হৈছিল । আজিৰ বিশ্বায়নৰ যুগত সমাজৰ অগ্ৰায়ণৰ ক্ষেত্ৰত শিক্ষাকেই প্ৰথম মাপকাঠী হিচাপে গণ্য কৰা হৈছে । আমি নিঃসন্দেহে কব পাৰোঁ মানুহৰ মনত যিবোৰ ভ্ৰান্তধাৰণা ,কুসংস্কাৰ,অন্ধবিশ্বাসে বাহ লয় , সেইবোৰ আঁতৰ কৰাত বিশেষভাৱে অৰিহণা যোগাব পাৰে । অৱশ্যে কেৱল আনুষ্ঠানিক শিক্ষাৰে ডিগ্ৰী , ডিপ্লমা লোৱাটোৱেই শিক্ষাৰ তাৎপৰ্য্য লুকাই নাথাকে ,জীৱনত গ্ৰহণ কৰা আনুষ্ঠানিক শিক্ষাটোক নিজৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পৰাটো সমানেই গুৰুত্বপূৰ্ণ কথা ।
সমাজখনক যদি আমি এটা পক্ষী বা চৰাই বুলি ধৰি লওঁ তেন্তে এই চৰাইটোৰ দুয়োখন ডেউকা সমানে কাৰ্য্যক্ষম হলেহে সমাজৰ প্ৰগতি সম্ভৱপৰ । কিয়নো সমাজত পুৰুষ আৰু মহিলা সমানে শিক্ষিত হলেহে শিক্ষাৰ কাৰ্য্যকাৰিতা আৰু শিক্ষাৰ প্ৰায়োগিকতা সম্ভৱপৰ হব । সেয়েহে বহুযুগ আগতেই সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে কৈ গৈছিল – “মোক কেইগৰাকী মান ভাল মাতৃ দিয়া ,মই তোমালোকক এটা সুসত্য় জাতি উপহাৰ দিম ” এটা পৰিয়ালৰ পৰা এখন ৰাষ্ট্ৰৰ গঠনলৈকে মহিলাৰ বৰঙণি বা অৱদান অনৱদ্য় আৰু অনস্বীকাৰ্য্য । এটা পৰিয়ালত এগৰাকী মাতৃয়ে সন্তান জন্ম দি লালন পালন কৰি উপযুক্ত আৰু প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব পাৰিলে তাৰ পৰাই এখন সুস্থ আৰুপ সুশৃঙ্খল হ’লে তাৰ প্ৰভাৱ পোনপটীয়াকৈ, ৰাষ্ট্ৰ গঠন বা জাতি গঠন প্ৰক্ৰিয়াতো পৰিলক্ষিত হয় । গতিকে এগৰাকী ছোৱালীক শিক্ষিত কৰা মানে এখন দেশক শিক্ষিত কৰা । কিন্তু পৰিতাপৰ কথা যে আমাৰ সমাজত ছোৱালীৰ শিক্ষাৰ হাৰ অতি নিম্নগামী ।
চহৰাঞ্চত প্ৰায়ভাগ ছোৱালীয়ে স্কুল –কলেজৰ শিক্ষাগ্ৰহণ কৰা পৰিলক্ষিত হয় ,কিন্তু আমি যদি গাঁৱৰ ভিতৰুৱা অঞ্চললৈ যাওঁ , যে বহুসংখ্যক ছোৱালীয়ে এতিয়াও স্কুলৰ দুৱাৰমুখ গৰকা নাই । এতিয়াও বহুসংখ্যক ছোৱালী বিদ্যালয়লৈ গৈ নোপোৱা বা বিদ্যালয় আধাতে এৰাৰ মূলতে সমাজৰ বহুতো অন্ধবিশ্বাস আৰু তথা কথিত বদ্ধমূল ধাৰণা জড়িত হৈ আছে ।
এখন দেশৰ , এখন সমাজৰ প্ৰগতি বা অগ্ৰগতিটো প্ৰকৃতাৰ্থত নিৰূপণ কৰা হয় গাওঁ অঞ্চলত হোৱা অগ্ৰগতিৰ মূল্যায়নৰ জৰিয়তে কিয়নো আমাৰ মূঠ জনসংখ্যাৰ ৭০% লোকেই গাৱঁত বাস কৰে । গাৱঁৰ পৰা ওলাই অহা মেধা বা প্ৰতিভাসম্পন্ন লোক সকল সুশৃঙ্খলিত আৰু প্ৰণালীবদ্ধ চিন্তাধাৰাৰ মাজেদি হে চহৰ অঞ্চলৰ উন্নয়নৰ বা অগ্ৰগতিৰ পৰিকাঠাম টো নিৰ্মিত হয় । সেয়েহে চহৰ অঞ্চলত অৱস্থিত কেইখনমান বিদ্যালয় বা মহাবিদ্যালয় শিক্ষান্ত পৰীক্ষাৰ ফলাফল সমূহ অথবা চহৰ অঞ্চলৰ কেইটিমান বচা বচা পৰিয়ালত সৃষ্ট চিকিৎসক, অভিযন্তা অথবা বিষয়াৰ যোগেদি দেশৰ শিক্ষাৰ অগ্ৰগতিৰ মান নিৰ্ণয় কৰা ধাৰণাটো নিসন্দেহে শুদ্ধ ধাৰণা হব নোৱাৰে । শিক্ষাৰ সামগ্ৰিকতা আৰু সাৰ্বজনীনতাৰ মানদণ্ড নিৰূপণ কৰিব লাগিব গাওঁ তথা বিভিন্ন ভিতৰুৱা অঞ্চলৰ শৈক্ষিক স্থিতি বিশ্লেষণ তথা ছাৱালী আৰু স্ত্ৰী শিক্ষাৰ অগ্ৰগতিৰ মূল্যায়নৰ যোগেদিহে । শিক্ষাৰ এই স্থিতি উন্নয়ন তথা সামগ্ৰিক বিকাশৰ প্ৰক্ৰিয়াটো সমাজখনৰ ,পৰিয়ালটোৰ অভিভাৱকসকলৰ ভূমিকা যথেষ্ট ইতিবাচক আৰু গুৰুত্বপূৰ্ণ হোৱা উচিত । কেৱল অৰ্থনৈতিক অনগ্ৰসৰতা কে সমাজৰ দৃষ্টিভঙ্গীত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হিচাপে ধৰি লোৱা হয় যদিও বৰ্তমানৰ সময় আৰু পৰিস্থিতিত চৰকাৰী ভাৱেও শিক্ষাৰ অগ্ৰায়ণৰ বাবে “সৰ্বশিক্ষা আঁচনি ”, ছোৱালী শিক্ষাৰ বাবে বিশেষ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আঁচনিকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ আচঁনি সমগ্ৰ দেশযুৰি প্ৰৱৰ্ত্তিত হৈছে । কিন্তু তাৰ পিছতো আমাৰ দেশত স্বাক্ষৰতাৰ হাৰ অতি দুখলগা। বিশেষকৈ ছোৱালীৰ স্বাক্ষৰতাৰ হাৰ আৰু নিম্নগামী । শেহতীয়াকৈ দেশৰ শৈক্ষিক স্থিতি উন্নয়ণৰ বাবে “RTE ” শিক্ষাৰ অধিকাৰ আইন ২০০৯ খন প্ৰৱৰ্ত্তন কৰা হৈছে । সৰ্বশিক্ষা আঁচনিৰ জৰিয়তে শিক্ষাৰ দিশত যিখিনি কৰিবলৈ বাকী আছে সেইখিনিৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিশ্চয়তা আনিবৰ বাবে আইনৰো প্ৰৱৰ্ত্তন কৰা হ’ল । গতিকে ইয়াৰ পিছত আমাৰ ৰাজ্যৰ শিক্ষাৰ সামগ্ৰিক চিত্ৰখন উন্নত কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে । এইক্ষেত্ৰত শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত ল’ৰা-ছোৱালী সকলেও সমাজৰ পৰা (optimism) অৰ্থাৎ উৎসাহজনক কিবা এটা পাব লাগিব তেতিয়াহে তেওঁলোকে শিক্ষাৰ গুৰুত্ব বুজি সমাজৰ উন্নয়নৰ বাবে আগবাঢ়ি যাবলৈ উৎসাহিত হ’ব । উল্লেখযোগ্য যে এতিয়াও আমাৰ ৰাজ্যত ছোৱালীৰ সাক্ষৰণৰ হাৰ ৬৮.২৮ শতাংশ । পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭১.৯৩ শতাংশৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৫৬.০৩ শতাংশ ।ছোৱালীসকল শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰি থকা বাবেই সমাজত বহুতো সমস্যা দিনক দিনে বাঢ়ি আহিছে ।
তদুপৰি আমাৰ সমাজত ছোৱালী বা মহিলাৰ ওপৰত চলি থকা বৈষম্যমূলক আচৰণৰ বাবেও ছোৱালীৰ সাক্ষৰতাৰ হাৰ নিম্নগামী হোৱাৰ উপক্ৰম হৈছে । বহুতো দৰিদ্ৰ পৰিয়ালত অভিভাৱকে ল’ৰা সন্তান সকলক যিকোনো উপায়ে পঢ়ুওৱাৰ ব্যৱস্থা কৰে কিন্তু ছোৱালী সন্তান সকলক ধন উপাৰ্জনৰ বাবে আনৰ ঘৰত বনকৰা ছোৱালী হিচাপে বা অসংগঠিত খণ্ডত শ্ৰমিক হিচাপে নিয়োগ কৰা দেখা যায় । সৰ্বশিক্ষা আঁচনিয়ে ১৪ বছৰ বয়সলৈকে বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰাৰ দিনতো কোৱল অভিভাৱকসকলৰ বৈষম্যমূলক আচৰণৰ বাবেই বহু কন্যা শিশু শিক্ষাৰ পৰা বঞ্চিত হয় । অভিভাৱকসসকলৰ এনে শিথিল আৰু বৈষম্যমূলক মনোভাৱৰ বাবে ছোৱালী সকল যে কেৱল শিক্ষা লাভৰ পৰাই বঞ্চিত হয় এনে নহয় । বহু সময়ত এওলোকে খুব কম বয়সতে শাৰীৰিক , মানসিক আৰু যৌন উৎপীড়ণৰো বলি হ’বলগীয়া হয় । বহু সময়ত বিদ্যালয়ত আনকি ছোৱালীসকল শিক্ষকসকলৰ দ্বাৰাও নানা ধৰণে অপদণ্ড হোৱাৰ বহুতো তথ্য পোহৰলৈ আহিছে । ইয়াৰ কাৰণেই আনকি বিদ্যালয়লৈ গৈ থকা বহু ছোৱালীয়েও এনে ভয় আৰু শংকাৰ কাৰণেই আধাতে বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে । ঘৰখনৰ সকলো অভিভাৱকেই গভীৰভাৱে চিন্তা কৰি ছোৱাৰ খুব প্ৰয়োজন হৈছে ছোৱালী সকলক বিদ্যালয় মুখী কৰিবলৈ আৰু আধাতে বিদ্যালয় এৰা সমস্যাটো নিৰ্মূল কৰিবলৈ ছোৱালী সকলৰ বাবে কেনেধৰণৰ শিক্ষাৰ প্ৰয়োজন ।
চহৰাঞ্চলত বা গাঁৱ অঞ্চলৰ কোনো কোনো ঠাইত কেইগৰাকী মান চিকিৎসক ,অভিযন্তা ,অধ্যাপক, বিষয়া আদি ছোৱালীসসকলৰ মাজত গঢ় দিব পাৰিলেও ছোৱালী শিক্ষাৰ মানদণ্ড উন্নত হোৱাতো কেতিয়াও নুবুজায় যেতিয়ালৈকে গাঁৱ আৰু বিভিন্ন ভিতৰুৱা অঞ্চলত আধাতে বিদ্যালয় এৰা ছোৱালীৰ সংখ্যা হ্ৰাস কৰিব পৰা নাযায় ,ছোৱালী সকলৰ মাজত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ হাৰ প্ৰতিৰোধ কৰিব পৰা নাযায় । আনকি চহৰ অঞ্চলতো দেখা গৈছে যে বহু অভিভাৱকেই এতিয়া কেৱল পৰীক্ষাত নম্বৰৰ প্ৰতিযোগিতাৰ দৌৰাত্মত উঠা বহা কৰা দেখা হৈছে , তাৰ পৰিৱৰ্তে লৰা ছোৱালীৰ নৈতিক আৰু সুউচ্চ আৰু সুৰুচি সম্পন্ন মানসিক চিন্তাধাৰাৰ বিকাশত গুৰুত্ব দিয়া দেখা নাযায় । অতি পৰিতাপৰ বিষয় এই যে আজিৰ দিনত পৰীক্ষাত অতি উচ্চমানৰ ফলাফল প্ৰদৰ্শন কৰা বহু ছাত্ৰ ছাত্ৰীয়ে লক্ষ্মীনাথ বেজবৰুৱা ,জ্যোতিপ্ৰসাদ আগৰৱালা ,শংকৰদেৱৰ বিষয়ে সামান্যতম জ্ঞানো নাই , ড০ ভূপেন হাজৰিকা কোন সেই কথা ক’ব নোৱাৰে , বিষ্ণুৰাভা কি আছিল তাক নাজানে । সমাজ সভ্যতা আধুনিকতাৰ ফালে যিমানেই ধাবিত নহওঁক কিয় স্বদেশ আৰু স্বজাতিৰ ভাষা সংস্কৃতিৰ স্ৰষ্টা সকলক চিনি নোপোৱাটো কোনো কাৰণতেই দেশ আৰু জনগণৰ বাবে শুভ লক্ষণ হ’ব নোৱাৰে । গতিকে অভিভাৱক সকল এনেবোৰ দিশত সচেতন হোৱাতো যথেষ্টই প্ৰয়োজন । গতিকে বৰ্তমান পৰিস্থিতিত সন্তানক , ল’ৰা –ছোৱালীক এনেকুৱা শিক্ষা দিব লাগে যাতে সমাজৰ চৌপাশৰ পৰিবেশৰ লগত খাপ খুৱাই তুলিব পাৰি । ছোৱালীৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে ছোৱালীয়ে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱাৰ উপৰি অৰ্থনৈতিক দিশত নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰে । সময়ৰ পৰিৱৰ্তনৰ লগত নিজকে খাপ খুৱাই তুলিবলৈ সক্ষম হয় ,সমাজত থকা অন্ধবিশ্বাস , কু-সংস্কাৰ আৰু বিভিন্ন ভুলধাৰাণা আঁতৰ কৰাত সহায়ক হয় । সমাজত নিজৰ স্থিতি সম্পৰ্কে সজাগ হয় । সমাজত ছোৱালীৰ ওপৰত চলি থকা শোষণ ,নিৰ্য্যাতন আদিৰ প্ৰতিবাদ কৰিব পাৰে । তদুপৰি জনসংখ্যা বৃদ্ধি , যৌতুক প্ৰথা,বাল্যবিবাহ হ্ৰাস কৰা বা নিৰ্মূল কৰণৰ ক্ষেত্ৰত ছোৱালী শিক্ষাৰ প্ৰয়োজনীয়তা সৰ্বাধিক । ছোৱালীৰ শিক্ষা নিশ্চিত কৰিবৰ পাৰিলেহে আমি নিজকে সবল কৰি পঢ়ি তুলিব পাৰিম । সেইবাবে প্ৰতিগৰাকী অভিভাৱক তথা পিতৃ মাতৃয়ে তোওঁলোকৰ কন্যা সন্তানক শিক্ষা লাভৰ সুযোগ দিব লাগে আৰু ছোৱালী সকলৰ শিক্ষাগ্ৰহণ কৰাটো নিশ্চিত কৰিবৰ বাবে এক জনজাগৰণ সৃষ্টি কৰিবলৈ সমাজৰ হিতাকাংক্ষী ব্যক্তি অনুষ্ঠান সমুহো আগবাঢ়ি আহিব লাগে ।