শিক্ষাদান দিব নে কন্যাদান
________
দানৰ পৰা যিমান আনন্দ পোৱা যায় সেয়া সুখ কতোৱেই পোৱা নাযায় । মন্দিৰত কিবা এটা আগবঢ়োৱা, দুখীয়াক অকণমান দিয়া, ৰক্তদান-অংগদান এইবোৰ মহৎ দান । কিন্তু আমাৰ সমাজত তাতোকৈও ডাঙৰ দান বুলি ধৰা হয় কন্যাদান । “কন্যাদান মহৎ দান । এই দান সকলোৰে ভাগ্যত নাথাকে” আৰু এষাৰ প্ৰচলিত কথা আছে “ছোৱালী দানলৈ পুত্ৰ পূণ্যলৈ ।” আমি কৰা অন্যান্য দানবোৰতকৈ বহুত বেছি ওপৰত ধৰা হয় কন্যাদানক । কন্যাদানৰ জৰিয়তে এজন পিতৃয়ে এই জনম নালাগে আগৰ জন্মৰো পাপ মোচন কৰিব পাৰে বুলি আমাৰ সমাজত প্ৰচলিত বিশ্বাস আছে । যিমান পাৰি সিমান সোনকালে নিজৰ কন্যাক সু-পাত্ৰত গতাই আজৰি হ’ব পাৰিলে ভাল বুলি ভাবি বিচাৰ খোঁচাৰ কৰি ল’ৰা এজন চাই ছোৱালীজনীক বিয়া দি দিয়ে । আগতে শিক্ষাদানতকৈ কন্যাদানক বহুত বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল যদিও আজিও তেনে ধাৰণাৰ একেবাৰে সলনি হোৱা নাই । সৰুতে বিয়া দি উলিয়াই দিয়া ছোৱালীজনীয়ে নতুন ঘৰখনৰ পৰিবেশত খাপ খাবলৈ গৈ বাৰে বাৰে উজুতি খাব লগা হয় । কামৰ বোজা, সন্তানৰ বোজা আদিবোৰে ভাৰাক্ৰান্ত কৰি তোলে ছোৱালীজনীক । যিহেতু মাতৃ হ’ল শিশুসকলৰ প্ৰথম শিক্ষয়িত্ৰী তেনেস্থলত শিক্ষাৰ পৰা বঞ্চিত মাতৃগৰাকীয়ে নিজৰ ল’ৰা-ছোৱালীক ঘৰত দিব লগা প্ৰাথমিক শিক্ষাখিনিও দিবলৈ অপাৰগ হয় । মহাত্মা গান্ধীয়ে কৈছিল “শিশু শিক্ষাৰ সমস্যা সমাধান কৰিবলৈ হ’লে নাৰী শিক্ষাৰ সমস্যা প্ৰথমে সমাধান কৰিব লাগিব ।” কন্যাদানৰ লগত ছোৱালীজনীয়ে ঘৰখনৰ সংস্কাৰ, কিছু পৰম্পৰা, সংস্কৃতি আদি লৈ যায় নতুন ঘৰখনলৈ । কেতিয়াবা ছোৱালীজনীয়ে লৈ যোৱা সংস্কাৰত নতুন ঘৰখন সন্তুষ্ট নহয় বা মাক-দেউতাকৰ ওচৰত পোৱা আবদাৰ বা আলসুৱা মৰমবোৰ সিখন ঘৰত নাপাই ছোৱালীজনী মানসিক অন্তৰ্দ্বন্দ্বত ভোগে ফলত বিবাহ বিচ্ছেদ হৈ মাক-দেউতাকৰ ওচৰলৈ ঘূৰি আহে । এনে অৱস্থাত কন্যাদান কৰা পিতৃ মাতৃও অসহায় হৈ পৰে । সৰুতে বিয়া হৈ যোৱা ছোৱালীজনী ঘৰলৈ ঘূৰি আহিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ ফলত তাই জীৱনৰ ৰং হেৰুৱাই পেলাই, হতাশাত ভোগে, মাক-দেউতাকৰ বোজা হৈ পৰিল বুলি অনুভৱ কৰে । অৱশ্যে মাক দেউতাকে তাইক সদায় ৰক্ষণাবেক্ষণ দিয়াটোও সহজ নহয় কিয়নো তেওঁলোকৰ জীৱনলৈকো বাৰ্ধক্য আহি পৰে । পৰিয়ালৰ অন্যান্যসকলৰ পৰা অৱহেলা পালেও ছোৱালীজনী হীনমন্যতাত ভোগে ।
পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল “এজন ল’ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষা দিয়া আৰু এজনী ছোৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষিত কৰি তোলা।” পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবেও নাৰীগৰাকী শিক্ষিত হোৱাটো খুবেই জনপ্ৰিয় । “আমাৰ ৰাজ্যত নাৰী শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি পাইছে যদিও এতিয়াও পুৰুষৰ শিক্ষিতৰ হাৰ ৭৮.৮১%ৰ বিপৰীতে মহিলাৰ শিক্ষিতৰ হাৰ হ’ল ৬৭.২৭% । ছোৱালীয়ে পঢ়ি কি কৰিব দুদিন পিছত বিয়া দি উলিয়াই দিব লাগিব”এনেধৰণৰ মানসিকতাৰ সলনি কৰিবৰ হ’ল । ৰাজনীতিৰ ক্ষেত্ৰখনতে হওক বা কৰ্মক্ষেত্ৰতে হওক পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা খুব কম । মাক-দেউতাক অশিক্ষিত বা আৰ্থিকভাৱে দুৰ্বল হ’লেও ল’ৰা-ছোৱালী বিশেষকৈ ছোৱালীজনীক পঢ়ুওৱাত বেছি গুৰুত্ব নিদিয়ে । অন্ধবিশ্বাস, কুসংস্কাৰ আদি সমাজৰ পৰা আঁতৰাবৰ বাবেও নাৰীগৰাকী শিক্ষিত হোৱাটো খুবেই প্ৰয়োজন যিহেতু এগৰাকী শিক্ষিত নাৰীৰ চিন্তাধাৰা এগৰাকী অশিক্ষিত নাৰীৰ চিন্তাধাৰাতকৈ অধিক ওপৰত । শিক্ষিতা নাৰীৰ আত্মবিশ্বাস বেছি থাকে, কৰ্মৰত নাৰীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দি চলিব পৰাৰ লগতে পৰিয়ালটোক আৰ্থিক সকাহ দিব পাৰে, কিবা কাৰণত বিবাহ বিচ্ছেদ বা বিধৱা হ’ব লগা হ’লেও বিপদত নপৰে । শিক্ষাদানৰ আগতেই কন্যাদান কৰি উলিয়াই দিয়া বহুত ছোৱালীৰ সৃষ্টিশীল প্ৰতিভাখিনিৰ যে অকাল মৃত্যু হয় লগতে স্বকীয় চিন্তা, মৌলিকতা,কৰ্মোদ্যম লাহে লাহে শেষ হৈ আহে সেয়া বহুত অভিভাৱকে অনুভৱ কৰিব নোৱাৰে । স্বনিৰ্ভৰশীল নোহোৱা বাবে কেতিয়াবা মাতৃত্বও বোজা হৈ পৰে নাৰীগৰাকীৰ বাবে । যিহেতু শিক্ষাই জ্ঞানৰ চকু মুকলি কৰে, মানসিক উৎকৰ্ষ সাধে, নিজকে আত্মনিৰ্ভৰশীল কৰি তোলে সেয়েহে কন্যাদানতকৈ শিক্ষাদানত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে । প্ৰথমে ছোৱালীজনীক শিক্ষিত কৰি নিজৰ ভৰিত থিয় দিব পৰাকৈ সক্ষম কৰি তুলিবলৈহে যৎপৰোনাস্তি কৰিব লাগে পিছত তাই শুদ্ধ সিদ্ধান্ত কিছুমান নিজেই ল’ব পৰা হ’ব । কন্যাসন্তানক পুত্ৰসম জ্ঞান কৰিব লাগে হয়তো তাতোকৈও ওপৰত । অসম কন্যা লাভলীনা, মণিপুৰৰ জীয়ৰী মীৰাবাঈ চানু, পি ভি সিদ্ধু, মহিলা হকী টীম আদিয়ে অসাধ্য সাধন কৰি আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। নাৰীৰ বাবে অসম্ভৱ একো নাই ইয়াৰ জলন্ত সাক্ষী দেশৰ আন বহুতো মহিলা । গতিকে আগতে ছোৱালীজনীৰ প্ৰতিভাসমূহ চিনাক্ত কৰি তাইক সমাজৰ সম্পদ কৰি গঢ়ি তুলিবলৈহে আগতে চেষ্টা কৰিব লাগে ছোৱালীৰ বাবে কন্যাদানেই শ্ৰেষ্ঠ বুলি কেতিয়াও ভাবিব নালাগে ।
✍️জুৰি শইকীয়া