শিক্ষাগুৰু – বাহাৰুল ইছলাম

Pc istock
শিক্ষাগুৰু
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
নিজে গলি পোহৰ বিলাই সৰ্বদা
শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈ
ডাক্তৰ, ইঞ্জিনিয়াৰিং কিম্বা বৈজ্ঞানিক
শিক্ষাৰ্থীৰ পৰা শিক্ষাৰ্থীলৈ
যুগ-যুগান্তৰলৈ বোৱাই জ্ঞানৰ জেউতি
শিক্ষাৰ লহৰ।
অমাৱস্যাক বেত্রাঘাত কৰি উলিয়ায়
পোহৰৰ বাট,
সময়ৰ বোকোচাত বদলি কৰে
আন্ধাৰক ধকধকীয়া শুভ্র চাকিলৈ
চকচকীয়া কয়লাক হীৰালৈ
দেশদ্রোহীক দেশপ্রেমিকলৈ।
অভিনয়, গীতিকাৰ, চিত্ৰকৰ হৈ
পৰিৱৰ্তন কৰে শিকাৰুক,পৰিৱৰ্তন কৰে সমাজক
কেতিয়াবা অভিভাৱক,কেতিয়াবা বন্ধু
আন কেতিয়াবা পথ পদৰ্শক হৈ জিনিছা হৃদয়।
প্ৰমূল্যৰ শিক্ষাৰে জয় কৰা প্ৰাণ
মনুষ্যত্বৰ অট্টালিকাত আৱদ্ধ কৰা অমানৱতাক,
গঢ় দিয়া প্ৰকৃত মানুহ
জগতে দাবী কৰিছে, সমাজে বৰকৈ বিচাৰিছে
সময়ৰ শেষৰটি বানত একমাত্র ভৰসা
উভতিব আটোমটোকাৰি সমাজ
জগতে মিচিকি-মাচাক হাঁহিব।
যাদুকৰ হৈ পাষাণ হৃদয়কো বশ কৰা
কি আজৱ!
গুৰুৰ আসনত বহি শিষ্যক আশীর্বাদ কৰি
সৃষ্টি কৰা সহস্র মহামানৱ
ৰক্ষা কৰা গুৰুৰ মৰ্যাদা,
শান্তি আৰু প্ৰগতিৰে বোৱাই দিয়া জগত
সু- শিক্ষাৰে আগুৱাই নিয়া সমাজ
নিকা কৰা এলান্ধু
ঢালি দিয়া প্ৰেমৰ লহৰ
বৈ যাওক আজীৱন
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ।
সেউজ সনা ধৰণীক
সেউজীয়া কৰি ৰখাৰ দায়িত্ব হয়তো তোমাৰেই
ঢিমিক-ঢামাক পোহৰৰ বাটেৰে
সহস্র বাধাৰ প্ৰাচীৰ নেওচি আগুৱাই যোৱা
মৰহা গোলাপ, বকুলকো জীয়াই তোলা
তিষ্ঠি ৰখা জগতত
গুৰু-শিষ্যৰ পৱিত্ৰ বন্ধন।