শিক্ষকসকলৰ ওচৰত ক্ষমা বিচাৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

pc news Live TV

শিক্ষকসকলৰ ওচৰত ক্ষমা বিচাৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ পৃষ্ঠপোযকতাত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত বঁটাপ্ৰাপক শিক্ষকৰ মাজত ভুল বুজাবুজি হোৱাবুলি উল্লেখ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষকসকৰ ওচৰত ক্ষমা বিচাৰেছে। মন্ত্ৰীগৰাকীয়ে কয় এইয়া ইচ্ছাকৃত নহয় বা নাছিল। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে আম প্ৰসংগত কয় যে চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ খোলা হৈছে যদিও পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৰ ভিত্তিতহে নতুন এছঅʼপিযোগে বাকী শ্ৰেণীসমূহ খোলা-নোখোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজ্যৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সʼতে ফেৰ মাৰিব পৰাকৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে উল্লেখ কৰি কৰি কয় যে ‘প্ৰত্যাহ্বান’ আঁচনি গ্ৰহণৰ মূল উদ্দেশ্য হৈছে এয়েই। লগতে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অধিক উন্নয়ন নিশ্চিত কৰাটো চৰকাৰৰ অতি জৰুৰী কৰ্তব্য।

 

(RT)