শাৰীৰিক আকৰ্ষণ প্ৰেম হ’ব নোৱাৰে- প্ৰস্তুতি শৰ্মা

pc healthline

শাৰীৰিক আকৰ্ষণ প্ৰেম হ’ব নোৱাৰে

প্ৰেম হৃদয়ৰ নিৰ্ভৃতকোণত জন্ম হোৱা স্বতঃস্ফুত অনুভূতি । য’ত অন্তৰ্নিহিত হৈ থাকে মৰম-স্নেহ তথা শ্ৰদ্ধাৰ ভাৱ। শাৰীৰিক আকৰ্ষণ কেতিয়াও প্ৰেম হ’ব নোৱাৰে। ই অৱচেনত মনৰ প্ৰতিক্ৰিয়াহে মাথোঁ। যি এসময়ত প্ৰতিক্ৰিয়াহীন আৰু অৰ্থহীন হৈ পৰে।
আমি শিশু অৱস্থাৰ পৰাই প্ৰেমত পৰোঁ। শিশু প্ৰেম তেওঁ মাতৃ। মাতৃৰ অকৃতিম স্নেহ মুগ্ধ শিশুৱে সেই সময়ত মাকৰ বাহিৰে আন একোৱে চিনি নেপায়। লাহে লাহে শিশু এটি প্ৰপ্তবয়স্ক হৈ আহে যদিও শিশু কালতে পোৱা মৰমৰ মূল তেওঁ আজীৱন পাহৰিব নোৱাৰে। ঠিক সেই দৰে বুজা হৈ অহাৰ পৰা দেউতা, বাই-ভনী, দাদা-ভাইটি, ককা-আইতাকে আদি কৰি পৰিয়ালৰ আন আন লোক সকলৰো আমি প্ৰেমত পৰোঁ। ইয়াৰ উপৰি বন্ধুবৰৰ প্ৰতি আমাৰ যি স্নেহ ভাৱ সিও এক প্ৰকাৰৰ প্ৰেমেই বুলি ক’ব পাৰি।
কেতিয়াবা প্ৰকৃতিৰ কিছুমান বস্তুৱে আমাৰ দৃষ্টি আকৰ্ষণ কৰে আৰু আমি ক্ষন্তেক সময়ৰ বাবে মন্ত্ৰ মুগ্ধ হৈ পৰোঁ। ইয়ো প্ৰকৃতাৰ্থত এক প্ৰকাৰৰ প্ৰেমেই নহয় জানো। কিন্তু ইয়াত ভাল লগাৰ বাহিৰে অন্য কিবা অনুভূতি জাগেনে ? নিশ্চয় নেজাগে।
এতিয়া আহোঁ মই ক’ব খোজা প্ৰকৃত কথাটোলৈ। সাধাৰণতে দেখা যায় যে সাম্প্ৰতিক সময়ত সময়ৰ অগ্ৰগতিত প্ৰেমৰ সংজ্ঞা সলনি হৈছে। উভয় লিঙ্গৰ মাজৰ যি পাৰস্পৰিক আকৰ্ষণ তাক আমি প্ৰেম আখ্যা দিওঁ। প্ৰকৃতাৰ্থত সি প্ৰেমনে ? দৈনন্দিন জীৱনত ৰাস্তাই ঘাটে, বজাৰে সমাৰে, চিনেমা ঘৰে বাহিৰে, পাৰ্কত, স্কুল কলেজত, বিশ্ব বিদ্যালয়ত, সভা সমিতি ইত্যাদিত আমি লগ পোৱা বহুতো লোকৰ প্ৰতি আমাৰ আকৰ্ষণ জাগিব পাৰে অৰ্থাৎ আমাৰ কাৰোবাক অলপ সময়ৰ বাবে ভাল লাগিব পাৰে। সি বাৰু প্ৰেম হ’ব পাৰেনে ? অৱশ্যে এক প্ৰকাৰে সিও প্ৰেম যদিও ই আমি আলোচনা কৰিব বিচৰা প্ৰেম নহয়। আমি আলোচনা কৰিব বিচাৰো আজীৱন জীৱন সংঙ্গীনি বা যাক লৈ ভৱিষ্যতৰ সপোন ৰচো সেই প্ৰেম। ইয়াক অন্য কথাত ভালপোৱা বুলিও ক’ব পাৰি। কোৱা হয় প্ৰথম প্ৰেমৰ মাদকতাক আজীৱন পাহৰিব নোৱাৰি। তেন্তে ই কেনে প্ৰেম ? এই প্ৰেমেই হৈছে স্বৰ্গীয় অনুভূতি। যি হঠাৎ কোনো স্থানত হৃদয়ত উৎপন্ন হৈ আজীৱন থাকি যায়। তেন্তে প্ৰেম মানে দৈহিক সম্পৰ্ক কেনেকৈ হ’ল ? যাৰ বাবে আজি প্ৰতিনিয়ত বহু প্ৰেমিক যোগল তিৰস্কাৰ সন্মুখিন হয়‌। প্ৰকৃতাৰ্থত দৈহিক সম্পৰ্ক স্থাপন কেতিয়াও প্ৰেম হ’বই নোৱাৰে ই আমাৰ অৱচেনত মনৰ এক অৱদমনীয় আকৰ্ষণ হে মাথোঁ। যাক আমি ইচ্ছা কৰিলে বিবেকেৰে পৰাস্ত কৰিব পাৰো আৰু যদি তাৰ ওচৰত দুৰ্বল হওঁ তেন্তে আমি পৰাজয় স্বীকাৰ কৰোঁ।
আপুনি আপোনাৰ প্ৰেয়সীক বহুত ভাল পায় । বহুত মৰম কৰে । তেওঁৰ মৰমবোৰ তেওঁৰ অভিমানবোৰ আপুনি ভাগাই হ’ব চেষ্টা কৰে । তেওঁ আপোনাৰ ভালপোৱা ।
তেওঁ সদায় কাষত থকাটো‌ বিচাৰে । কিন্তু বৰ্তমান সময়ত প্ৰেমে বেলেগ এটা দিশে গতি কৰা দেখা গৈছে‌ । প্ৰেমৰ পৰিণতি ভয়ংকৰ হৈ পৰিছে । প্ৰেম গতি পৰিছে শাৰীৰিক সম্পৰ্ক লৈ । ফলত এই সম্পৰ্কই মৃত্যুৰ পৰ্যায় পোৱা দেখিবলৈ পোৱা যায়।
প্ৰেম কৰক। প্ৰেমক সন্মান জনাওক । ভালপোৱাক স্বীকৃতি দিয়ক । শাৰীৰিক ভাৱে নহ‌য় হৃদয়েৰে প্ৰেম কৰক। তেহে প্ৰেমৰ মৰ্যদা অক্ষুণ্ণ থাকিব। অন্যথা সমাজৰ এচাম লোকৰ চকুত প্ৰেম সদায় নিন্দনীয় হৈ থাকিব।

 

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়