শাসনলৈ আহিব নে! কংগ্ৰেছ আকৌ – হেমেন শৰ্মা

PC - Amazon
শাসনলৈ আহিব নে! কংগ্ৰেছ আকৌ
হেমেন শৰ্মা, লখিমপুৰ
সময় সমাগত আকৌ নিৰ্বাচন হোৱাৰ দিশে অসম। খুব কম সময়ৰ মাজত অসমত অনুষ্ঠিত হ’ব ।অগা পিছাকৈ  প্ৰথমে লোকসভা আৰু তাৰ পাছত বিধান সভা। সিফালে ৰাজ্যৰ জনসাধাৰণৰ  মনত লাহে লাহে  আৰম্ভ হৈছে এইবাৰ ফলাফল কাৰ হাতলৈ যা়ব তাকে লৈ আলোচনা। শাসক বিজেপি নে!  শাসনলৈ আহিবলৈ আপ্ৰাণ চেষ্টা কৰি থকা কংগ্ৰেছ!নে অন্য কোনোবা।বহুতে ধৰি লৈছে বিজেপি আকৌ জয় হৈ শাসন কৰিব, কিন্তু বহুতে  কয় কংগ্ৰেছ আকৌ ঘূৰি আহিব। তথাপি সঠিককৈ কি হ’ব কোনেও ক’ব নোৱাৰি ।যিয়েই নহওঁক এইবাৰ কিন্তু আহি থকা  নিৰ্বাচন  দুটাত বিজেপি আৰু কংগ্ৰেছৰ মাজত সকলোকৈ ডাঙৰ যুঁজ হ’ব সেয়া বহু খিনি  মানি ল’ব পাৰি। যদিও দেশৰ অন্য প্ৰান্ত বিজেপি কিছু পৰিমাণে শক্তি কমি যোৱা দেখা গৈছে তথাপি অসমত ই এতিয়াও মহাশক্তি ৰূপে থিয় দি আছে।সিফালে যদিও কংগ্ৰেছ যোৱা দুটামান নিৰ্বাচনত শক্তিহীন হৈ পৰিছিল যদিও এতিয়া ও দলটোৰ শক্তি নাশ হৈ যোৱা নাই অৰ্থাৎ যিকোনো  সময়তে মহাবিজয় লাভ কৰাৰ ক্ষমতা নথকা নহয় কংগ্ৰেছৰ।দেখা গৈছে যোৱা দুটামান বছৰৰ পৰা কংগ্ৰেছৰ পৰি যোৱা তৃণমূল পৰ্য্যায় আকৌ যেন ঠন ধৰি উঠিছে। বিগত কেইটামান কংগ্ৰেছ দলৰ কাৰ্যসূচীত ইয়াক স্পষ্ট ৰূপত দেখা পোৱা হৈছে।যিয়েই ল’ব পাৰে অহা নিৰ্বাচনত  নিৰ্ণায়ক ভূমিকা। কাৰণ তৃণমূল পৰ্য্যায় ওপৰতে নিৰ্ভৰ কৰে এটা দলৰ শক্তিৰ ভেটি।অন্য হাতে কংগ্ৰেছ এনে এটা দল যি  অসম ৰাজনীতিৰ বিৰোধী দলৰ  শক্তিশালী অসংখ্য ৰণ কৌশল  চূৰমাৰ কৰি  বিজয় মুকুট পিন্ধা সকলোকৈ সফল আৰু অভিজ্ঞ দল,যিয়ে জানে  শক্তিশালী বাধা, চাল আদি  ৰোধ কৰি নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি।হয়, কিছু বছৰ এই দলৰ অৱস্থা বেয়া। সেই বুলি  এইটো নহয় যে সময় একেবাৰেই গুচি গ’ল আৰু কোনো দিন ঘূৰি নাহিব। যদি আমি চাও সাধাৰণ ভাৱে যোৱা কিছু বছৰৰ পৰা বিজেপি শাসন চৰকাৰ খনে  অসমৰ জনসাধাৰণ  আবেগ অনুভূতি, আদিৰ লগত খেল খেলি  নিজৰ মতে, যি মন যায় তাকেই কৰি গণতন্ত্ৰ নামত ৰাজতন্ত্ৰ চলাই  জনাই নজনাই  যি বোৰ ভুল কৰি আছে তাক  ইছু হিচাপেলৈ  উচিত  ৰণকৌশল লৈ শক্তিশালী উপযুক্ত প্ৰাৰ্থী থিয় কৰাব পাৰিলে কংগ্ৰেছ শাসনলৈ ঘূৰি অহাৰ প্ৰৱল সম্ভাবনা নথকা নহয়।।