শব্দ – পুলিন ডেকা

PC-CGTN

শব্দ

 পুলিন ডেকা

ওৰণি টানি নামি আহিছিল এজাক বতাহ

ওঁঠত দেওলগা গধূলি

প্ৰেমত তলমলাই থকা জীৱনৰ কঠীয়াতলীত

অহৰহ বাজি আছে এটা শব্দ

এদিন এই শব্দটো ক’ৰ পৰা গৰখীয়া ল’ৰাজনে

আনিছিল নাজানো

কত বাৰিষা গ’ল প্ৰমিকযুগলৰ খোজত

কিন্তু তোমাৰ আৰু মোৰ মাজত

শব্দটো অহা-যোৱা কৰাৰ দিনৰে পৰা

এখন নদী হেৰাল

চৰাইজনীৰ মাতত গজি উঠিল

এখন অৰণ্য

বুকুৰ মাজত গঢ় লোৱা এটা যাত্ৰাপথত

পুৱতি নিশা শুনো সেই শব্দৰ নিৰ্জনতা

বাটৰুৱা ধূলিৰ গান

নগ্ন সময়ৰ নিলাজ চাৱনিত ডুব যোৱা

চকুহালত শতাব্দীৰ পোহৰ

বাজি আহিছে তোমাৰ মোৰ গান হৈ

সেই শব্দৰ চাকনৈয়া ।

বহু কবিৰ শব্দত থৰ লাগি ৰৈ আছে

সেউজ শিলত পোত খোৱা জাৰণি

মোৰ আঙুলি কঁপিছে নৈৰ শব্দৰ

দোপালপিটা বৰষুণত

এটি ৰণুৱা ঘোঁৰাৰ শীতলতম ছাঁত

নামি আহিছে পাহাৰখনৰ চকুপানীৰ

কেইটামান ৰহস্যময় আলাপ।