শব্দৰ লগনত – সংগীতা ডেকা

শব্দৰ লগনত 

 সংগীতা ডেকা , ৰঙিয়া 

আশা থাকিল
তুমি দুচকুৰে ক’বা
বৰ্ণনাতীত ভাবে
সমিধান বিচাৰিবা
সাঁথৰ মোৰ শব্দবোৰৰ !
কিজানিবা তোমাৰ দৃষ্টি হৈ
মুখামুখি হৈয়েই যায় !
যি মোৰ চকুৰ পতাত
পানী ৰূপে যেন ক’ৰবাত
গোট মাৰি গৈছে…..
যেন এক অচিন ,
যেন এক অদৃশ্য দিশ
আৰু তাৰ ,
বাকহীন আলিংগনত ।