শত-বৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ পূৰ্ণাঙ্গ অধিৱেশনৰ প্ৰস্তুতি

শত-বৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ পূৰ্ণাঙ্গ অধিৱেশনৰ প্ৰস্তুতি
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিকভাৱে বংশাৱলী অনুষ্ঠান আয়োজন কৰি নিজ বংশ-পৰিয়ালৰ সুষ্পষ্ট ইতিহাস দাঙি ধৰি আহিছে বৰগোহাঁই উপাধিৰ লোক সকলে । বৰগোহাঁই বংশাৱলীয়ে ৰাজ্যৰ লগতে বহিঃৰাষ্ট্ৰতো বসবাস কৰি অহা সকলোৰে সন্মিলিত মনোভাৱ গ্ৰহণ কৰি ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সদ্ভাৱ আৰু সৌহাৰ্দ্যৰ মাজেৰে আদৰ্শৰ চানেকি দাঙি ধৰি আহিছে । ২০২১ চনৰ ৭,৮ ফেব্ৰুৱাৰীত মেছাগড়ৰ “চাওবিন ক্ষেত্ৰ”ত শত-বৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভ ঘটোৱাৰ পৰৱৰ্ত্তী ২০২৪ চনৰ ২৭,২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়া কাৰ্য্যসূচীৰে পূৰ্ণাঙ্গ অধিৱেশন সম্পন্ন হ’ব  । “চাওবিন ক্ষেত্ৰ” হিচাপে নাম নিৰ্দ্ধাৰিত  পূৰ্ণাঙ্গ অধিবেশনৰ থলীৰ প্ৰস্ত্ততি দাঙি ধৰিবলৈ বৃহস্পতিবাৰে এক সংবাদমেল আহ্বান কৰি এনেদৰে কয় সদৌ বৰগোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰগোহাঁয়ে । মেছাগড়ৰ মহাসতী জয়মতী পুথিভঁৰালৰ চৌহদত থকা বৰগোহাঁই বংশাৱলী উদযাপন সমিতিৰ কাৰ্য্যালয়ত ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ সংবাদদাতা সকলক সম্বোধন কৰি কেন্দ্ৰীয় সমিতি আৰু শত-বৰ্ষীয় বৰগোহাঁই বংশাৱলী উদযাপন সমিতিৰ বিষয়ববীয়া সকলে কয় যে বংশাৱলী সময়ৰ অগ্ৰগতিৰ লগে লগে লিখি ৰখা এক প্ৰক্ৰিয়া আৰু প্ৰ-পিতামহৰপৰা আজিৰ পুৰুষলৈকে বংশলতিকা প্ৰস্ত্তত কৰি তোলাৰ পৰম্পৰা মুখ্য হিচাপে আজিৰ সময়ত ই এক যুগোপযোগী তথ্য-ভাণ্ডাৰ হৈ উঠিছে । তিনিদিনীয়া কাৰ্য্যসূচীত বংশলতিকা উন্মোচন, অসমৰ জাতি-জনগোষ্ঠীৰ চিন্তা অভিমুখী ১০খনকৈ গৱেষণাামূলক গ্ৰন্থৰ উন্মোচনৰ লগতে “সাহিত্যিক হোমেন বৰগোহাঞিৰ জীৱন আৰু কৃতি” বিষয়ক লৈ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা  প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । শত-বৰ্ষৰ ১০০ খন পতাকা উত্তোলণ, মৈদাম তৰ্পণ, ফুৰালুং পূজা, বৈষ্ঞৱ পদ্ধতি পালনৰ উপৰি কেউদিনৰ সন্ধিয়াৰ কাৰ্য্যসূচীত টাই ভাষাৰ গীত, টাই জাতীয় সংগীত পৰিৱেশনৰ লগতে জনগোষ্ঠীয় সাজ-সজ্জা, গ্ৰন্থমেলা আৰু আলোচনা চক্ৰ, যুৱ-সন্মিলন আদিয়ে ৰাইজক আকৰ্ষিত কৰিব  । তৃতীয় দিনাৰ কাৰ্য্যসূচীত মুকলি সভাৰ পূৰ্বে জয়সাগৰ, শিৱসাগৰ, নাজিৰাৰ ৰাজপথ সামৰি সাংস্কৃতিক শোভাযাত্ৰা অগ্ৰসৰ হ’ব বুলি উদ্যোক্তা সকলে সংবাদ মেলত প্ৰকাশ কৰে ।  উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ বৰগোহাঁই, জিলা সমন্বয়ক দ্বিজেন বৰগোহাঁই,, যুটীয়া সম্পাদক ৰঞ্জিৎ বৰগোহাঁই, বিষয়ববীয়া ডাঃ সুমন বৰগোহাঁই, যোগব্ৰত বৰগোহাঁই প্ৰমুখ্যে বিষয়ববীয়া সকলে সংবাদ মেলত অংশ গ্ৰহণ কৰে ।